গুৱাহাটী, ৯ অক্টোবৰ: নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচনৰ(AICC President Election) বাবে গুৱাহাটীৰ ৰাজীৱ ভৱনো সাজু হৈছে । কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি নিৰ্বাচনত অসমৰ ২৮৫ গৰাকী প্ৰতিনিধিয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব ।
দলীয় ভোটাৰৰ সমৰ্থন বিচাৰি অসমলৈ আহিব সভাপতি পদৰ দুই প্ৰতিদ্বন্দ্বী মল্লিকার্জুন খাৰ্গে আৰু শশী থাৰুৰ । কাইলৈ অৰ্থাৎ সোমবাৰে প্ৰচাৰৰ বাবে গুৱাহাটীলৈ আহিব মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge to visit Guwahati)। দেওবাৰে এই কথা সদৰী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Borah)।
প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে জনোৱা অনুসৰি ১০ অক্টোবৰত মল্লিকার্জুন খাৰ্গে আহিব আৰু ১৪ অক্টোবৰত শশী থাৰুৰ অসমলৈ অহাৰ সম্ভাৱনা আছে (Shashi Tharoor to visit Guwahati)। তেওঁলোকে ভোটাধিকাৰ থকা দলীয় নেতা-কৰ্মীসকলক সাক্ষাৎ কৰি নিজৰ সপক্ষত ভোট বিচাৰিব । অসমত ২৮৯ টা ভোট আছে যদিও চাৰিজনে দিব নোৱাৰিব । ২৮৫ গৰাকী প্ৰতিনিধিয়ে সোমবাৰৰ নিৰ্বাচনী সভাত ভাগ ল'ব । এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী দলপতিয়ে ভাগ ল'ব নোৱাৰিব ।
উল্লেখ্য যে সভাপতি নিৰ্বাচনৰ প্ৰচাৰত জড়িত হোৱা বাবে সাংসদ আব্দুল খালেক, বিধায়ক ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে দলৰ সকলো বিষয়বাব ত্যাগ কৰিছে । ইফালে সোমবাৰৰ নিৰ্বাচনী সভাত উত্তৰ-পূবৰ সকলো প্ৰতিনিধি অহাৰ সম্ভাৱনা আছে । প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগে জনোৱা মতে সোমবাৰে বিয়লি ৪.৩০ বজাত বিশেষ বিমানযোগে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ প্ৰার্থী মল্লিকার্জুন খাৰ্গে গুৱাহাটীত উপস্থিত হ'ব ।
উক্ত দিনা সন্ধিয়া ৫.৩০ বজাত তেওঁ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিসকলৰ এখন সভাত অংশগ্ৰহণ কৰিব । ইয়াৰ পাছত নিশা ৭ বজাত তেওঁ ৰাজীৱ ভৱনত(Rajiv Bhawan Guwahati) সংবাদ মেল সম্বোধন কৰিব । নিশাটো গুৱাহাটীত কটাই মঙলবাৰে তেওঁ উভতি যাব ।
উল্লেখ্য যে ১৭ অক্টোবৰত পৰৱৰ্তী কংগ্ৰেছ সভাপতি বাছনিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । অন্য ৰাজ্যৰ দৰে অসমতো ৰাজীৱ ভৱনত কংগ্ৰেছৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ'ব । ইয়াৰ বাবে ১৬ অক্টোবৰত উপস্থিত হ’ব কংগ্ৰেছৰ ৰিটাৰ্নিং বিষয়া । সাংসদ, বিধায়কৰ পৰা সাধাৰণ কৰ্মীলৈ সকলোৰে থাকিব ভোটাধিকাৰ । অৰ্থাৎ ব্লক কংগ্ৰেছ কমিটীৰ পৰা যাকেই প্ৰতিনিধি হিচাবে প্ৰেৰণ কৰা হৈছে সেইজনেই সভাপতি নিৰ্বাচনত ভোটদান কৰিব পাৰিব ।
লগতে পঢ়ক: দ্বাদশবাৰৰ বাবে আৰজেদি ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত লালু প্ৰসাদ যাদৱ