গুৱাহাটী,26 মে' : দেওবাৰে জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মহানগৰীৰ বৰিপাৰাত সংঘটিত হয় চাঞ্চল্যকৰ চুৰিকাণ্ড ৷ ৰাজপথৰ গাতে লাগি থকা চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে লুটপাত চলায় ।
দুখন ফাৰ্মাচীসহ চাৰিখন দোকানত টিং ভাঙি চোৰ প্ৰৱেশ কৰি বি পি এন্টাৰপ্ৰাইজ, মেচাৰ্চ নিউ লিয়ন মেডিক'চ, আদৃতা মেডিকোজ্, কাৰ্ড মহল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত কৰে চুৰিকাণ্ড ৷ চোৰে ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰৱেশ কৰিয়ে প্ৰথমে চিচি টিভিৰ কেমেৰা ভাঙি পেলাই তাৰ পিছতেই নগদ ধন লৈ উধাও হয় । ইফালে জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ।