গুৱাহাটী, 6 ছেপ্তেম্বৰঃ লক ডাউনৰ সময়চোৱাত অব্যৱহৃত হৈ থকা মালিগাঁও ফুটব্ৰীজখন সম্প্ৰতি পৰ্যৱসিত হৈছে জাৱৰ-জোথৰৰ দ’মলৈ ৷ উল্লেখ্য যে, ২০১৮ চনতে প্ৰায় 53 লাখ টকা ব্যয় সাপেক্ষে দলঙৰ দুয়োপিনে লগোৱা হৈছিল লিফ্ট ৷ কিন্তু সম্প্ৰতি বিকল হৈ পৰি আছে এই লিফ্ট ৷ ইয়াৰ উপৰিও দলংখনত পদপথৰ ভিক্ষাৰীসকলে জাৱৰ-জোথৰৰ লগতে মলত্যাগৰে কৰি তুলিছে এক কদৰ্যময় পৰিৱেশৰ ৷ গুৱাহাটী উন্নয়ন বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই ফুট ব্ৰীজখনৰ এই অৱস্থা হোৱাৰ লগতে পথচাৰীয়ে ভূগিবলগীয়া হৈছে দুৰ্ভোগ ৷
মালিগাঁৱৰ ব্যস্ত ৰাজপথ পাৰ হোৱাৰ বাবে পথচাৰীসকলৰ এই ফুটব্ৰীজ খনেই হৈছে একমাত্ৰ সমল ৷ ফুটব্ৰীজ খনৰ এই অৱস্থা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে নেতৃস্থানীয় ব্যক্তিয়ে আলোচনা কৰিছে যদিও সক্ষম হোৱা নাই কোনো সুফল লাভ কৰিবলৈ ৷ জিএমডিএৰ তৰফৰ পৰা দায়িত্ববাহী সংস্থাক ধন মোকলাই নিদিয়াৰ বাবেই এনেদৰেই অত্যাধুনিক ফুটব্ৰীজখন পৰি ৰোৱাৰ অভিযোগ একাংশৰ । এতিয়া প্ৰশ্ন হয় এইসমূহ দৃশ্য গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ চকুত পৰিবনে ? নে পুনৰ নিজৰ অদক্ষতাৰ আন এক পৰিচয় দাঙি ধৰিব মন্ত্ৰীগৰাকীয়ে !
লগতে পঢ়ক-ডিব্ৰুগড় আৰক্ষীৰ জালত শিশু নিৰ্যাতনৰ অভিযুক্ত দম্পতী