গুৱাহাটী, ১৫ মাৰ্চ: গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ ঘটনাৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ । কামৰূপৰ দামপুৰৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকি আলীক । দামপুৰ পাহাৰত আত্মগোপন কৰি আছিল অভিযুক্ত বিকিয়ে (Main accused in gang rape case in Garigaon arrested) ৷
অভিযুক্ত আন চাৰিগৰাকী ক্ৰমে ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী বৰ্তমানো পলাতক । উল্লেখ্য যে ১৬বছৰীয়া কিশোৰী গৰাকী সৈতে অভিযুক্ত বিকি আলিৰ(২২) প্ৰেমৰ সম্পৰ্ক আছিলে । ১৬ ফেব্ৰুৱাৰীত অভিযুক্ত বিকি আলীয়ে কিশোৰী গৰাকীক লৈ গৈছিল ঘৰলৈ ।
ঘৰতে কিশোৰী গৰাকীক ধৰ্ষণ কৰি মোবাইল ফোনত আবদ্ধ কৰিছিল ভিডিঅ'। মোবাইলত আবদ্ধ ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দি ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ মাতি নিছিল দুৰ্ভগীয়া কিশোৰী গৰাকীক ।
গেষ্ট হাউচৰ ১০৫ নম্বৰ কোঠাত বিকিয়ে চাৰি বন্ধুৰ সৈতে মিলি দলবদ্ধ ভাৱে ধৰ্ষণ কৰিছিল । উল্লেখ্য বিশেষ সূত্ৰ খবৰ মতে কিশোৰী গৰাকীয়ে ৭ মাৰ্চৰ দিনা পৰিয়ালক সমগ্র ঘটনা অৱগত কৰে । তাৰ ভিত্তিত ৮ মাৰ্চত পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে ।
লগতে পঢ়ক: World Consumer Rights Day 2022 : বিশ্ব গ্ৰাহক সুৰক্ষা দিৱস কিয় প্ৰয়োজনীয় ?