ETV Bharat / state

Mahesh Chandra Bhuyan passes away : শিক্ষাবিদ মহেশ চন্দ্ৰ ভূঞা আৰু নাই

author img

By

Published : Dec 18, 2021, 8:16 AM IST

মহেশ চন্দ্ৰ ভূঞা আৰু নাই ৷ শুকুৰবাৰে পুৱা ইহসংসাৰ ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে (Mahesh Chandra Bhuyan passes away) । প্ৰয়াত ভূঞাই কটন বিশ্ববিদ্যালয়ৰ ৰাসায়ন বিভাগত অধ্যাপনা কৰিছিল ৷ লগতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক (Mahesh chandra Bhuyan was Former Registrar of Gauhati University) হিচাপেও কাম কৰিছিল ।

Mahesh chandra Bhuyan
মহেশ চন্দ্ৰ ভূঞাৰ মৃত্যু

গুৱাহাটী, 18 ডিচেম্বৰ : শিক্ষাবিদ মহেশ চন্দ্ৰ ভূঞা আৰু নাই ৷ ‘Human Computer’ নামে ছাত্ৰ-ছাত্ৰী আৰু গুণমুগ্ধৰ মাজত পৰিচিত মহেশ চন্দ্ৰ ভূঞাই শুকুৰবাৰে পুৱা ৪ বাজি ১৫ মিনিটত গীতানগৰৰ নিজা বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰে (Mahesh Chandra Bhuyan passes away) ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৯৩ বছৰ ৷

তেওঁৰ জন্ম হৈছিল ১৯২৯ চনৰ ১৭ মে’ত শিৱসাগৰ জিলাৰ কালুগাঁৱত । শিক্ষা জগতৰ উজ্জ্বল নক্ষত্ৰ এইগৰাকী পুৰোধা ব্যক্তিয়ে ১৯৪৫ চনত কটন কলেজত নামভৰ্তি কৰি I.Sc আৰু B.Sc পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ তাৰ পাচতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ‘Applied Chemistry’ ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷

পৰৱৰ্তী সময়ত তেওঁ কটন মহাবিদ্যালয়ত ১৯৫৪ চনৰ পৰা ১৯৭৩ চনলৈকে ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপনা কৰে । ১৯৭৩ চনৰ পৰা ১৯৮০ চনলৈ নগাঁও আৰু যোৰহাট জিলাত বিদ্যালয়সমূহৰ পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল শিক্ষাবিদ প্ৰয়াত ভূঞা ৷ তাৰ পাচত তেওঁ ১৯৮০ চনৰ পৰা ১৯৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক (Mahesh chandra Bhuyan was Former Registrar of Gauhati University) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

আনকি কটন এলাম’নাই এছ’ছিয়েচন আৰু এপ’কাছৰৰ জন্মলগ্নৰে পৰা প্ৰয়াত মহেশ চন্দ্ৰ ভূঞা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকি এই দুয়োটা অনুষ্ঠানকে অভিভাৱকত্ব প্ৰদান কৰি আহিছিল । মৃত্যুৰ সময়লৈকে তেখেত দুয়োটা অনুষ্ঠানৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

শুকুৰবাৰে এইগৰাকী পুণ্যাত্মাৰ নশ্বৰদেহ কটনৰ এলাম’নাই ভৱনলৈ লৈ অনা হয় আৰু মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে এখনি শোকসভা অনুষ্ঠিত কৰা হয় ৷ দিনৰ প্ৰায় এক বজাত নৱগ্ৰহ শ্মশানত প্ৰয়াত শিক্ষাবিদ মহেশ চন্দ্ৰ ভূঞাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ এইগৰাকী মহান ব্যক্তিৰ মৃত্যু অসমৰ শিক্ষা জগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷ এক প্ৰকাৰে ক’ব পাৰি যে, এইগৰাকী মহান ব্যক্তিৰ মৃত্যুত অন্ত পৰিল এখন তথ্যকোষ (encyclopedia) ৰ ৷

লগতে পঢ়ক : বিশিষ্ট কবি নীলমণি ফুকন আৰু শিক্ষাবিদ ড° কমলেন্দু দেৱ ক্ৰৰীৰ বাসগৃহত মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.