ETV Bharat / state

"মই 125 বছৰ জীয়াই থাকিব খোজো" - অসমৰ ৰাইজক একত্ৰিত কৰিছিল বাপুজীয়ে

125 বছৰ জীয়াই থকাৰ আশাৰে সজা বিশেষ কুটীৰ পৰাই স্বাধীনতা আন্দোলনৰ বাবে জনসাধাৰণক একত্ৰিত কৰিছিল মহাত্মাই । দেশৰ জনসাধাৰণক একত্ৰিত কৰাৰ উদেশ্য মহাত্মা গান্ধীয়ে দেশৰ সকলো ৰাজ্য সকলো স্থানলৈ গৈছিল । সেইদৰেই ঘূৰি ফুৰোতে অসমলৈ চাৰি বাৰকৈ আহিছিল মহাত্মা গান্ধী । কিন্তু সেয়াই শেষ আছিল তেওঁৰ ৷

"মই 125 বছৰ জীয়াই থাকিব খোজো"
author img

By

Published : Aug 17, 2019, 7:19 PM IST

এই কূটীৰটোৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ৰাইজক একত্ৰিত কৰিছিল বাপুজীয়ে ৷ স্বাধীনতা আন্দোলনৰ ভৰপক সময় ৷ দেশত স্বাধীনতাৰ বতাহ বলিছে দ্ৰুত গতিত ৷ ইতিমধ্যেই মহাত্মা গান্ধীয়ে ঠিক কৰি পেলাইছিল অসমলৈ অহাৰ বাবে৷ সেই মতে তেতিয়াৰ কংগ্ৰেছ নেতা সকললৈ এখন পত্ৰ লিখিলে গান্ধীজীয়ে ৷ তাত তেওঁ লিখিছিল " মই 125 বছৰ জীয়াই থাকিব খোজো । অসমত বেছিকৈ ঘূৰি নুফুৰি গুৱাহাটীত থাকিয়েই সকলো কাম কৰিব খোজো । সেই মতেই সেই সময়ৰ কংগ্ৰেছৰ সক্ৰিয় নেতা হিচাপে জড়িত গোপীনাথ বৰদলৈৰ লগতে বহু কেইজন নেতাই গুৱাহাটীৰ শৰণীয়াত বিশেষ ভাৱে এটা বাঁহ খেৰৰ কুটিৰ সাজিলে আৰু সেই বিশেষ কুটিৰতে তিনিদিন কটাইছিল মহাত্মা গান্ধীয়ে । চাওক আমাৰ এক বিশেষ প্ৰতিবেদন...

গান্ধীজীৰ পদধূলাৰে ৰঞ্জিত এটা বিশেষ কূটীৰ

এই কূটীৰটোৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ৰাইজক একত্ৰিত কৰিছিল বাপুজীয়ে ৷ স্বাধীনতা আন্দোলনৰ ভৰপক সময় ৷ দেশত স্বাধীনতাৰ বতাহ বলিছে দ্ৰুত গতিত ৷ ইতিমধ্যেই মহাত্মা গান্ধীয়ে ঠিক কৰি পেলাইছিল অসমলৈ অহাৰ বাবে৷ সেই মতে তেতিয়াৰ কংগ্ৰেছ নেতা সকললৈ এখন পত্ৰ লিখিলে গান্ধীজীয়ে ৷ তাত তেওঁ লিখিছিল " মই 125 বছৰ জীয়াই থাকিব খোজো । অসমত বেছিকৈ ঘূৰি নুফুৰি গুৱাহাটীত থাকিয়েই সকলো কাম কৰিব খোজো । সেই মতেই সেই সময়ৰ কংগ্ৰেছৰ সক্ৰিয় নেতা হিচাপে জড়িত গোপীনাথ বৰদলৈৰ লগতে বহু কেইজন নেতাই গুৱাহাটীৰ শৰণীয়াত বিশেষ ভাৱে এটা বাঁহ খেৰৰ কুটিৰ সাজিলে আৰু সেই বিশেষ কুটিৰতে তিনিদিন কটাইছিল মহাত্মা গান্ধীয়ে । চাওক আমাৰ এক বিশেষ প্ৰতিবেদন...

গান্ধীজীৰ পদধূলাৰে ৰঞ্জিত এটা বিশেষ কূটীৰ
Intro:125 বছৰ জীয়াই থকাৰ আশাৰে সজা বিশেষ কুটীৰ। কিন্তু কোনে কেতিয়া কেনেকৈ সাজিছিল এই কুটীৰ টো বৰ্তমানেও একেদৰে আছে কুটীৰটো । বাঁহ বেত খেৰেৰে নিৰ্মিত ঐতিহাসিক এই কুটীৰৰ ইতিহাস ৰঙীন। স্বাধীনতাৰ ঠিক এবছৰৰ আগে আহি মহাত্মা গান্ধীয়ে এই বিশেষ কুটীৰ পৰাই স্বাধীনতা আন্দোলনৰ বাবে জনসাধাৰণক একত্ৰিত কৰিছিল। তিনিদিনকৈ কটাইছিল এই কুটীৰত মহাত্মা গান্ধীয়ে । কেৱল তিনিদিন কটোৱা নহয় এজোপা গছৰ তলত বহি স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শক হৈছিল মহাত্মা গান্ধী। কেনেকৈ জানিবলৈ চাওক এই প্ৰতিবেদন।


Body:জাতিৰ পিতা মহাত্মা গান্ধী। স্বাধীনতা আন্দোলনৰ গুৰি ধৰোতা মহাত্মা গান্ধীয়ে দেশ স্বাধীনৰ বাবে সমগ্ৰ দেশৰ জনসাধাৰণক একত্ৰিত কৰি গণ আন্দোলনৰ গঢ়ি তুলিবৰ বাবে চেষ্টা কৰিছিল। গণ আন্দোলনৰ বাবে দেশৰ জনসাধাৰণক একত্ৰিত কৰাৰ উদেশ্য মহাত্মা গান্ধীয়ে দেশৰ সকলো ৰাজ্য সকলো স্থানলৈ গৈছিল। সেইদৰেই ঘূৰি ফুৰোতে অসমলৈ আহিছিল মহাত্মা গান্ধী চাৰি বাৰকৈ। একেবাৰে শেষৰ বাৰ মহাত্মা গান্ধী অসমলৈ আহিছিল 1946 ৰ জানুৱাৰী মাহৰ 9 তাৰিখে। দেশ স্বাধীনৰ ঠিক এবছৰৰ পূৰ্বে আহিছিল মহাত্মা গান্ধী অসমলৈ আৰু তেখেতৰ তেতিয়া বয়স আছিল 87 বছৰ। বয়সৰ লগে লগে মনত অদম্য শক্তি থাকিলেও শৰীৰক কিছু বিশ্ৰাম দিয়াৰ উদ্দেশ্য তেওঁ অসমলৈ অহাৰ পূৰ্বে কংগ্ৰেছৰ নেতা সকললৈ এখন পত্ৰ লিখিছিল। তাত তেওঁ লিখিছিল " মই 125 বছৰ জীয়াই থাকিব বখোজো। সেই কাৰণে অসমত বেছিকৈ নুঘূৰি গুৱাহাটীত থাকিয়েই সকলো কাম কৰিব খোজো। সেই মতেই সেই সময়ৰ কংগ্ৰেছৰ সক্ৰিয় নেতা হিচাপে জড়িত গোপীনাথ বৰদলৈৰ লগতে বহু কেইজন নেতাই গুৱাহাটীৰ শৰণীয়াত বিশেষ ভাবে এটা বাঁহ খেৰৰ কুটিৰ সাজিলে আৰু সেই বিশেষ কুটিৰতে তিনিদিন কটাইছিল মহাত্মা গান্ধীয়ে । বৰ্তমানেও সেই একেই অৱস্থাত আছে মহাত্মা গান্ধীয়ে তিনিদিনকৈ কটোৱা কুটিৰটো। সময়ৰ লগত কুটিৰ টি কিছু মেৰামতি কৰাৰ হৈছে যদিও প্ৰায় একেদৰে ৰাখিবলৈ চেষ্টা কৰা হৈছে মহাত্মা গান্ধীয়ে অসমলৈ আহি দিন কটোৱা কুটিৰটো।

Bite:-কুসুম বৰা মকশি

বাঁহ খেৰেৰে নিৰ্মিত এই কুটিৰতে গান্ধীজীয়ে অসমৰ ৰাইজৰ মনৰ বতৰা পাইছিল আৰু সাধাৰণ ৰাইজৰ লগত মত বিনিময় কৰিছিল। এই কুটিৰৰ পৰা গান্ধীয়ে সমগ্ৰ অসমৰ জনসাধাৰণক একত্ৰিত কৰিছিল। বিশেষ কুটীৰত তিনিদিন কটোৱা মহাত্মা গান্ধীয়ে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছিল সকলোৰে আগত । এজোপা নিমৰ তলত বহি সেই তিনিদিন সূতা কাটিছিল মহাত্মা গান্ধীয়ে আৰু সেই নিম জোপা বৰ্তমানেও এক ঐতিহাসিক দিনৰ সাক্ষী হৈ আছে।

bite:- কুসুম বৰা মকশি।

কস্তুৰবা গান্ধী ৰাষ্ট্রীয় স্মাৰক ট্ৰাষ্টৰ বৰ্তমানৰ প্ৰতিনিধি কুসুম বৰা মকচিৰ নেতৃত্বত সুন্দৰকৈ ৰাখি থোৱা হৈছে জাতিৰ পিতা মহাত্মা গান্ধী শেষবাৰৰ বাবে অহা কুটীৰটিৰ ইতিহাস।


Conclusion:অসমলৈ আৰু পঞ্চম বাৰৰ বাবে অহাৰ সুযোগ নাপালে মহাত্মা গান্ধীয়ে। দেশ স্বাধীনৰ সপোন দেখা মহাত্মা গান্ধীৰ সপোন বাস্তৱায়িত হল যদিও তেখেতৰ 125 বছৰ জীয়াই থকাৰ সপোন যেন কৰবাত ৰুদ্ধ হৈ গল। 1948 চনত আততায়ীৰ হাতত প্ৰাণ হেৰুৱালে মহাত্মা গান্ধীয়ে আৰু এনেদৰেই দেশৰ বহু প্ৰান্তত ৰাখি থৈ গল তেখেতৰ স্বৰ্ণিল ইতিহাসৰ অধ্যায়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.