ETV Bharat / state

মহানৱমী উপলক্ষে উখল মাখল উগ্ৰতৰা দেৱালয় - maha navami at ugratara in guwahati

উগ্ৰতৰা দেৱালয়ত পুৱাৰ ভাগতে দেখা গ'ল সহস্ৰাধিক ভক্তৰ সমাগম ৷ নৱমীৰ পূজা সমাপ্তিৰ পিছতে দুপৰীয়া এক বজাৰ পৰা হ'ব লগা বলি-বিধানত বলি দিয়া হ'ব দহটাকৈ ম'হ ৷

উগ্ৰতৰা দেৱালয়ত সহস্ৰাধিক ভক্তৰ সমাগম
author img

By

Published : Oct 7, 2019, 2:51 PM IST

গুৱাহাটী , 7 অক্টোবৰঃ সোমবাৰে মহানৱমী উপলক্ষে মহানগৰীৰ প্ৰত্যেকখন দেৱালয়ত পুৱাৰে পৰা ভক্তৰ লানি নিছিগা শাৰী ৷ পুৱাৰে পৰা দেৱীৰ আশীষ বিচাৰি ভক্তপ্ৰাণ ৰাইজৰ লানি নিছিগা সোঁত শক্তিপীঠ কামাখ্যা আৰু উগ্ৰতৰা দেৱালয়তো ৷ উজনবজাৰস্থিত উগ্ৰতৰা দেৱালয়ত পুৱাৰ ভাগতে দেখা গ'ল সহস্ৰাধিক ভক্তৰ সমাগম ৷ প্ৰতিবছৰৰ দৰে এইবাৰো উগ্ৰতৰা দেৱালয়ত অনুষ্ঠিত হৈছে বলি বিধান ৷ উল্লেখ্য যে , নৱমীৰ পূজা সমাপ্তিৰ পিছতে দুপৰীয়া এক বজাৰ পৰা হ'ব লগা বলি-বিধানত বলি দিয়া হ'ব দহটাকৈ ম'হ ৷

উগ্ৰতৰা দেৱালয়ত সহস্ৰাধিক ভক্তৰ সমাগম

লগতে পঢ়কঃ চিৰাঙৰ মণ্ডপে-মণ্ডপে দেশপ্ৰেমৰ উদাহৰণ

Intro:আজি মহানৱমী। মহানৱমী উপলক্ষে শক্তিপীঠ উগ্ৰতৰা দেৱালয়ত ভক্তৰ সমাগম। পুৱাৰে পৰা মাঁ'ৰ আশীষ বিচাৰি ভক্তপ্ৰাণ ৰাইজৰ লানি নিছিঙা লাইন উগ্ৰতৰা দেৱালয়ত। প্ৰতিবছৰৰ দৰে এইবাৰো উগ্ৰতৰা দেৱালয়ত অনুষ্ঠিত হ'ব বলি বিধান।

Body:সমগ্ৰ দেশতে এতিয়া শাৰদীয় দুৰ্গোৎসাবক উখল মাখল পৰিবেশ। আজি মহানৱমী উপলক্ষে মহানগৰী গুৱাহাটীত বিভিন্ন পূজা মাণ্ডপ সমূহত পূজা আগবঢ়াবলৈ ভক্তপ্ৰাণ ৰাইজ পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়। পূজা মাণ্ডপ সমূহৰ লগতে শক্তিপীঠ কামাখ্যা আৰু উগ্ৰতৰা দেৱালয়ত নৱমী উপলক্ষে ৰাইজৰ ব্যাপক সমাগম দেখিবলৈ পোৱা যায়। উজনবজাৰস্থিত উগ্ৰতৰা দেৱালয়ত পুৱাৰ ভাগত আৰম্ভ হোৱা পূজাত হাজাৰ হাজাৰ লোকে উপস্থিত হৈ দেৱীৰ আশীষ লয়। প্ৰতিবছৰৰ দৰে এইবাৰো উগ্ৰতৰা দেৱালয়ত বলি বিধান অনুষ্ঠিত কৰা হৈছে। হাঁহ, ছাগলীৰ লগতে উগ্ৰতৰা দেৱালয়ত এইবাৰ দহটাকৈ মহ বলি দিয়া হ'ব। নৱমীৰ পূজা সমাপ্তৰ পিছতে দুপৰীয়া এক বজাৰ পৰা উগ্ৰতৰা দেৱালয়ত বলি বিধান পৰ্ব আৰম্ভ হ'ব।

বাইট : অভিজিত শৰ্মা, উগ্ৰতৰা দেৱালয়ৰ সদস্য

Conclusion:দুৰ্গাপূজা উপলক্ষে শক্তিপীঠ কামাখ্যাৰ লগতে উগ্ৰতৰা দেৱালয়ত বলি বিধান অনুষ্ঠিত কৰা হয়। ভক্তপ্ৰাণ ৰাইজে নিজৰ মনোকামনা পূৰ্ণৰ বাবে প্ৰতিবছৰে মহানগৰীৰ শক্তিপীঠ সমূহত হাঁহ, ছাগলীকে ধৰি মহ বলি দিয়া পৰিলক্ষিত হয়। এইবাৰো উগ্ৰতৰা দেৱালয়ত নৱমীৰ দিনা বলি বিধানত অংশগ্ৰহণ কৰিবলৈ ৰাইজৰ সমাগম ঘটিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.