গুৱাহাটী, ৪ অক্টোবৰ : দল শক্তিশালী কৰিবলৈ হ'লে সংগঠন শক্তিশালী কৰিব লাগিব । সেইদৰে সংগঠন শক্তিশালী কৰিবলৈ হ'লে দলৰ কৰ্মীসকলক কাম কৰিবলৈ সকলো সা-সুবিধা প্ৰদান কৰিব লাগিব । এই কথা ভালদৰে উপলব্ধি কৰে বিজেপি দলে । যাৰ বাবে দলীয় আন্তঃগাঁঠনি মজবুত কৰাত বিশেষ গুৰুত্ব দিছে বিজেপিয়ে । তাৰেই অংশ স্বৰূপে ৰাজ্যিক বিজেপিয়ে নিজৰ সুসজ্জিত অত্যাধুনিক ব্যয়বহুল কাৰ্যালয় নিৰ্মাণ কৰাৰ (Luxury office of BJP in Guwahati) লগতে জিলা পৰ্যায়ৰ দলীয় কর্মকর্তাসকলৰ কথা চিন্তা কৰি বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ।
এতিয়াৰে পৰা দলীয় কাম-কাজত বিজেপিৰ কৰ্মীয়ে পূৰ্বৰ দৰে খোজকাঢ়ি, চাইকেল চলাই নাইবা পকেটৰ ধনেৰে স্কুটী-বাইক দৌৰাই কাম কৰিব নালাগে । দলীয় কাম-কাজৰ বাবে যাবলৈ বিজেপিৰ কর্মকর্তাই লাভ কৰিব একোখনকৈ বিলাসী এচি বলেৰ' বা স্কৰপিঅ' গাড়ী (Luxury vehicle to district BJP worker)। ইতিমধ্যে এই উদ্দেশ্যে ৪৮ খন বলেৰ' আৰু স্কৰপিঅ' গাড়ী ক্রয় কৰিছে বিজেপিয়ে ।
৮ অক্টোবৰত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই বশিষ্ঠত প্রদেশ বিজেপিৰ নতুন মুখ্য কার্যালয় মুকলি কৰাৰ দিনাই (Amit Shah and JP Nadda to inaugurate BJP new office) বিজেপিৰ জিলা কমিটী তথা মৰ্চাসমূহে লাভ কৰিব দলীয় বলেৰ' আৰু স্কৰপিঅ' গাড়ীসমূহ । ৰাজ্যিক বিজেপিৰ সূত্রই জনোৱা মতে জিলা কমিটীবোৰৰ কাম কৰাৰ বাবে কষ্ট হৈ আছিল । সেয়েহে জিলা কমিটীবোৰৰ বাবে ৪০ খন বলেৰ' গাড়ী কিনা হৈছে ।
দলৰ সাংগঠনিক জিলা ৪০ খন । ইয়াৰ লগতে আঠটা মৰ্চাৰ কাৰণে ৮ খন স্কৰপিঅ' গাড়ী ক্ৰয় কৰা হৈছে (8 Luxury vehicle to BJP state Morcha)।
উল্লেখ্য যে ৮ অক্টোবৰত হেঙেৰাবাৰীৰ পৰা বশিষ্ঠলৈ স্থানান্তৰিত হ'ব ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় । কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ৮ অক্টোবৰত এই নতুন ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । প্ৰতিখন সাংগঠনিক জিলা আৰু প্ৰতিটো মৰ্চাক সেইদিনাই একোখনকৈ গাড়ী উপহাৰ দিব ৰাজ্যিক বিজেপিয়ে ।
উল্লেখ্য যে ইতিমধ্যে প্রায় ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে বশিষ্ঠত ৰাজ্যিক বিজেপিৰ প্ৰাসাদোপম মুখ্য কার্যালয়টো । ৰাজপ্ৰসাদ সদৃশ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়টো চৰ্চাত থকাৰ সময়তে দলীয় কাৰ্যকৰ্তাৰ বাবে এনেদৰে বিলাসী বাহন ক্ৰয় কৰা বিষয়টোও বিশেষভাৱে চৰ্চা লাভ কৰিছে ।
লগতে পঢ়ক :জালুকবাৰীৰ ভিন্ন পূজা মণ্ডপত মাৰ আশীষ ল’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই