ETV Bharat / state

Car theft in Dispur: এইবাৰ বিধানসভা চৌহদৰ পৰা চুৰি হ’ল বিলাসী বাহন

বুধবাৰে দিগন্ত বৰাই আৰক্ষী আয়ুক্ত হিচাপে প্ৰথমখন সংবাদমেল সম্বোধন কৰি গুৱাহাটীবাসীক শংকিত নহ'বলৈ অভয়বাণী দিয়াৰ পাছতেই আজি দিছপুৰত সংঘটিত বিলাসী বাহন চুৰিৰ ঘটনা (Car theft in Dispur) । বিধানসভাৰ চৌহদৰ পৰাই চোৰে নিলে এখন বলেৰ’ গাড়ী ।

author img

By

Published : Dec 22, 2022, 12:35 PM IST

Car theft in Dispur
Car theft in Dispur

গুৱাহাটী, 22 ডিচেম্বৰ: সৰ্বাধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা দিছপুৰেই যদি সুৰক্ষিত নহয় তেন্তে ৰাজ্যবাসী কিদৰে সুৰক্ষিত হ'ব । বিগত কিছুদিন ধৰি গুৱাহাটী মহানগৰীত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ (Crime rate increasing Guwahati) । এই কথা আনকি নিজে স্বীকাৰ কৰিছে নতুনকৈ দায়িত্ব গ্ৰহণ কৰা গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (Guwahati CP Diganta Bora)।

বুধবাৰে দিগন্ত বৰাই আৰক্ষী আয়ুক্ত হিচাপে প্ৰথমখন সংবাদমেল সম্বোধন কৰি গুৱাহাটীবাসীক শংকিত নহ'বলৈ অভয়বাণী দিয়াৰ পাছতেই আজি দিছপুৰত সংঘটিত বিলাসী বাহন চুৰিৰ ঘটনা (Car theft in Dispur) । বিধানসভাৰ চৌহদৰ পৰাই চোৰে নিলে বিলাসী বাহন । ৰাজ্যৰ ভিতৰতে সৰ্বাধিক নিৰাপত্তা ব্যৱস্থা থকা বিধানসভা চৌহদৰে যদি এই অৱস্থা হয় তেন্তে সাধাৰণ জনতাৰ নিৰাপত্তা কি হ'ব সেয়া সহজতে অনুমেয় (Car stolen from Assam assembly premises) ।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা বিধানসভা চৌহদৰ পৰাই চুৰি হয় এখন বলেৰ’ গাড়ী । এই বিধানসভাৰ কাষতেই আছে দিছপুৰ আৰক্ষী চকী। কিন্তু এতিয়ালৈ চুৰি বাহনখন সন্দৰ্ভত কোনো সূংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে (Car stolen in Guwahati city)।

আনহাতে ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো কিদৰে চোৰে বাহনখন লৈ গ'ল সেয়াও এতিয়া ৰহস্যৰ আৱৰ্তত । ইফালে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও পৰৱৰ্তী সময়ত পোহৰলৈ আহে সমগ্ৰ চুৰিকাণ্ডটো । বিধানসভা চৌহদৰ পৰা চুৰি হোৱা ব'লেৰ বাহনখনৰ নম্বৰ AS-01-EB-6695 । আৰক্ষী-নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে অসম বিধানসভা চৌহদৰ পৰা বলেৰ' বাহন চুৰি হোৱা ঘটনাই আৰক্ষীৰ নিৰাপত্তাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে ।

ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই । জানিব পৰা মতে চুৰি গাড়ীখন চৰকাৰী বাহন আছিল । লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ আছিল বাহনখন ।

উল্লেখ্য যে, সোমাবাৰেও দিছপুৰৰ উৰণীয়া সেঁতুৰ তলৰ পৰা আন এখন বলেৰ' বাহন চুৰি হৈছিল । লক্ষণীয় বিষয় যে স্মাৰ্ট আৰক্ষীৰ এয়াই প্ৰথম বিফলতা নহয়। সময়ে সময়ে আৰক্ষীৰ শীৰ্ষ বিষয়া সকলে আৰক্ষী বিভাগৰ শক্তি বৃদ্ধি হোৱাৰ কথা ঘোষণা কৰি অহাৰ পাছতো ৰাজ্যত হ্ৰাস হোৱা নাই অপৰাধৰ সংখ্যা । বৰং দিনক দিনে বৃদ্ধিহে পাইছে ।

লগতে পঢ়ক: Police Commissioner Diganta Borah: মহানগৰীত অপৰাধ ৰোধৰ আশ্বাস নতুন আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.