ETV Bharat / state

Lurinjyoti Gogoi Reaction: অসম ৰাজ্যিক চিৰিয়াখানা নিশকতীয়া কৰাৰ চেষ্টা কৰিছে চৰকাৰে !

author img

By

Published : Nov 20, 2022, 7:57 AM IST

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানিৰ ব্যক্তিগত চিৰিয়াখানা লৈ বন্যপ্ৰাণী সৰবৰাহৰ প্ৰসংগত সৰৱ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ(Lurinjyoti opposes wildlife smuggling to Ambani zoo) । আম্বানিৰ ব্যক্তিগত চিৰিয়াখানালৈ বন্যপ্ৰাণী সৰবৰাহৰ যি কাম আৰম্ভ কৰিছে এই সমগ্ৰ প্ৰক্ৰিয়াত প্ৰশাসনিক যন্ত্ৰ নিমাত বুলি মন্তব্য গগৈৰ ।

lurinjyoti react on wildlife supply to private zoo
অসম ৰাজ্যিক চিৰিয়াখানা নিশকতীয়া কৰাৰ চেষ্টা কৰিছে চৰকাৰে: লুৰিনজ্যোতি

গুৱাহাটী, 20 নৱেম্বৰ: অসম ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তু আম্বানীৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা যি পৰিকল্পনা তাৰ তীব্ৰ বিৰোধীতা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে(Lurinjyoti opposes wildlife smuggling to Ambani zoo) । শনিবাৰে সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানিৰ ব্যক্তিগত চিৰিয়াখানালৈ বন্যপ্ৰাণী সৰবৰাহৰ যি কাম আৰম্ভ কৰিছে এই সমগ্ৰ প্ৰক্ৰিয়াত প্ৰশাসনিক যন্ত্ৰ নিমাত(Assam Rhino to Ambani Zoo) ।

চিৰিয়াখানা কৰ্তৃপক্ষই নিশাৰ ভাগত বাহনেৰে নিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে(Assam State Zoo and Botanical Garden) । চিৰিয়াখানাখন আমাৰ সম্পদ ইয়াত থকা জীৱ-জন্তুবোৰ সম্পদ । এই সম্পদবোৰ ৰাইজৰ অজ্ঞাত কৰি লৈ যাব নোৱাৰে । অসমৰ দুষ্প্ৰাপ্য জীৱ জন্তু কেৱল অসমত পোৱা যায় । হৰিণা, দুটাকৈ গড়, দুষ্প্ৰাপ্য সৰীসৃপ, নলগাহৰী, হাড়গীলা, জহামাল আদি জন্তুবোৰ লৈ যোৱাৰ পৰিকল্পনা কৰিছে । আম্বানীৰ ব্যক্তিগত চিৰিয়াখানা(Reliance Zoo Jamnagar)ত জন্তু দিবলৈ চিৰিয়াখানা কৰ্তৃপক্ষ চৰকাৰ উদ্যোগত উঠি পৰি লাগিছে । এই সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীও নিমাত বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে ।

জীৱ-জন্তু আদান প্ৰদানত থকা ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ গাইডলাইন চিৰিয়াখানা কৰ্তৃপক্ষই উলংঘা কৰিছে বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে । একেলগে মতা মাইকী বন্যপ্ৰাণী জোৰা লগাই সালসলনি কৰিব নোৱাৰে, চিৰিয়াখানাত জন্ম নোহোৱা জীৱ জন্তু লৈ গ’লে আইনমতে দণ্ডনীয় হ'ব । সেয়া আইন ভংগ কৰিছে । আইন ভংগ কৰি ক্ৰমাৎ বন্যপ্ৰাণী লৈ যোৱা হৈছে চিৰিয়াখানাৰ পৰা জীৱ জন্তু ।

তদুপৰি অসম ৰাজ্যিক চিৰিয়াখানত 5 বছৰ আগতে কিমান জীৱ-জন্তু আছিল বৰ্তমান কিমান আছে বন্যপ্ৰাণী কিমান জন্ম হৈছে বা কিমান বন্যপ্ৰাণীৰ মৃত্যু হৈছে সেই সকলোবোৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনায় । চৰকাৰক সকীয়াই দি চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা চিৰিয়াখানাৰ সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া কাৰ্যক অতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক: NRC Base Year: ভিত্তিবৰ্ষ ১৯৫১ৰ সপক্ষে ৰায় প্ৰদান নকৰিলে আন্তৰ্জাতিক আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.