গুৱাহাটী,২৪ জানুৱাৰী: ২০২৩ চনৰ ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ বাংগালুৰুত অনুষ্ঠিত হ’ব ভাৰত শক্তি সপ্তাহ(India Energy Week 2023) । ইয়াৰ প্ৰাকমূহুৰ্তত মিথানল মিশ্ৰিত ডিজেলৰ দ্বাৰা চালিত ক্ৰূজৰ ফ্লেগ অফ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় মহানগৰীৰ উজানবজাৰ ঘাটত । মঙলবাৰে কম কাৰ্বন নিৰ্গমন ক্ৰুজৰ(Low Carbon Cruise on Mahabahu Brahmaputra) ফ্লেগ অফ কৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰী(Union Minister Hardeep Singh Puri) আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে(Minister of State Rameswar Teli) ।
‘এছ বি গংগাধৰ’ নামৰ ৫০ জন লোক বহিব পৰা মটৰ লঞ্চ মেৰাইন জাহাজেৰে এই নাও যাত্ৰা আৰম্ভ কৰা হয় । মেৰাইন নাওখনত দুটা ৰাষ্টন মেক ডিজেল ইঞ্জিন স্থাপন কৰা হৈছে । জাহাজখন এমডি-১৫ (১৫% মিথানল মিশ্ৰিত এইচএছডি)ৰ দ্বাৰা চলিব । অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে মিথানল হৈছে উচ্চমাত্ৰাৰ পোৰা কয়লা, কৃষি অৱশিষ্ট, তাপ শক্তি কেন্দ্ৰৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু প্ৰাকৃতিক গেছৰ পৰা উৎপাদিত কম কাৰ্বনযুক্ত হাইড্ৰজেন বাহক ইন্ধন । চিঅ’পি-২১ৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পূৰণৰ বাবে ই হৈছে সৰ্বোত্তম উপায় ।
তেওঁ কয় যে যদিও পেট্ৰ’ল আৰু ডিজেলতকৈ শক্তিৰ পৰিমাণ কিছু পৰিমাণে কম, পৰিবহণ খণ্ড, শক্তি খণ্ড আৰু ৰন্ধন কাৰ্য, কেৰ’চিন আৰু কাঠ কয়লা ইত্যাদি দুয়োটা ইন্ধনৰ ঠাই মিথানলে ল’ব পাৰে । সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয় যে, অসমত, অসম পেট্ৰ'কেমিকেল লিমিটেডত নামৰূপে বৰ্তমান প্ৰায় ১০০ টিপিডি মিথানল উৎপাদন কৰে আৰু ৫০০ টিপিডি মিথানল উৎপাদনৰ বাবে এক নতুন প্ৰকল্প ৰূপায়ণ কৰি থকা হৈছে ।
তেওঁ লগতে কয় য়ে, থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি দেশত কয়লাৰ পৰা মিথানললৈ উদ্যোগ স্থাপনৰ কাম চলি আছে, যিটো ভেল, থাৰমেক্স আৰু আইআইটি দিল্লীয়ে বিকাশ সাধন কৰি আছে । নিটি আয়োগৰ ‘মিথানল অৰ্থনীতি’ কাৰ্যসূচীৰ লক্ষ্য হৈছে ভাৰতৰ তেল আমদানিৰ বিল, সেউজ গৃহ গেছ নিৰ্গমন হ্ৰাস কৰা, কয়লাৰ মজুত আৰু পৌৰসভাৰ লেতেৰা আৱৰ্জনাক মিথানললৈ ৰূপান্তৰ কৰা ।
মিথানল হৈছে ব্যয়বহুল মেৰাইন ইন্ধনৰ বিকল্প । অন্যান্য মেৰাইন ইন্ধনতকৈ ইয়াৰ খৰচ কম আৰু উপকূলত থকা সংৰক্ষণ আৰু বাংকাৰিং আন্তঃগাঁঠনি উন্নয়ণৰ ক্ষেত্ৰত ই মিতব্যয়ী । জাহাজসমূহক মিথানলত চলাবলৈ ৰূপান্তৰিত কৰাৰ খৰচ অন্যান্য বিকল্প ইন্ধন ৰূপান্তৰতকৈ যথেষ্ট কম আৰু পৰিশোধনৰ পিছত ব্যয়বহুল নিৰ্গমন গেছৰ প্ৰয়োজন নাই আৰু তৰল ইন্ধন হিচাপে মিথানল নিয়ন্ত্ৰণৰ বাবে বৰ্তমানৰ সংৰক্ষণ আৰু বাংকাৰিং আন্তঃগাঁঠনিৰ বাবে মাত্ৰ সৰু সৰু পৰিৱৰ্তনৰ প্ৰয়োজন ।
ইফালে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে মিথানলযুক্ত ইন্ধন ব্যৱহাৰেৰে ভাৰতত এক উজ্জ্বল ভৱিষ্যতৰ দিশে চৰকাৰ আগবাঢ়িছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ পূৰ্বাঞ্চলৰ সৈতে আভ্যন্তৰীণ জলপৰিবহনৰ জৰিয়তে সংযোগ কৰাৰ সপোনৰ দ্বাৰা অনুপ্ৰাণিত হৈ পেট্ৰলিয়াম মন্ত্ৰালয়ে গ্ৰহণ কৰা এয়া এক বৃহৎ পদক্ষেপ বুলি উল্লেখ কৰে ৰামেশ্বৰ তেলীয়ে ।
লগতে পঢ়ক: 74th Republic Day : গণৰাজ্য দিৱসৰ বাবে সাজু নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়াম