গুৱাহাটী, 14 মে : নগৰীয়া বা ঘৰৰ একঘেয়ামী ব্যস্ততাৰ পৰা আপুনি অলপ আঁতৰি প্ৰকৃতিৰ বুকত বিলীন হৈ অৱসৰ বিনোদন কৰিবলৈ গুৱাহাটীৰ আশে- পাশে যাব খুজিছে নেকি? তেনে চিন্তা নকৰিব আৰু বেছি দূৰলৈও যাব নালাগে আপুনি । কিয়নো গুৱাহাটীৰ নিচেই ওচৰতে থকা অসম-মেঘালয় সীমান্তৰ ৰাণীৰ পৰা গাড়ী লৈ বন্ধু-বান্ধৱ বা পৰিয়ালৰ সৈতে মেঘালয়ৰ জিৰাং পাথৰখামা, মাইৰাং হৈ শ্বিলঙলৈ এদিন যাওক আৰু উপভোগ কৰক নয়নাভিৰাম প্রাকৃতিক সৌন্দৰ্য (Natural scenario in Assam) ।
উল্লেখ্য যে, ৰাণীৰ পৰা মাইৰাং হৈ শ্বিলঙলৈ দূৰত্ব মাত্র 120 কিঃমিঃ আৰু এপ্ৰিল মাহত সমগ্ৰ পথছোৱাই দুই লেনযুক্তকৈ নিৰ্মাণ কৰা হৈছে । বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনিৰ জৰিয়তে শ্বিলঙৰ পৰা গুৱাহাটী সংযোগী জি এছ ৰোডৰ বিকল্প পথ হিচাপে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দলৈ যাতে সুচলভাবে অহা-যোৱা কৰিব পাৰে তাৰ বাবে শ্বিলঙৰ পৰা 40 কিলোমিটাৰ নিলগত পশ্চিম খাচী পাহাৰ জিলাৰ মফচলীয় চহৰ মাইৰাঙৰ পৰা পশ্চিম গুৱাহাটীৰ আজাৰা ৰাণীগেটলৈ 2021 চনৰ ফেব্ৰুৱাৰী মাহতে পূৰ্বৰ পথচোৱা দুইলেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম আৰম্ভ কৰা হৈছিল (Places to visit in Assam) ।
196 কৌটি টকা ব্যয়ৰে নিৰ্মাণ কৰা প্ৰায় 79 কিলোমিটাৰ দৈৰ্ঘৰ মাইৰাং-ৰাণী গুদাম-আজাৰা সংযোগী পথচোৱা নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিচত যাতায়াতৰ ক্ষেত্ৰখনৰ লগতে পৰ্যটকৰ ক্ষেত্ৰখনতো আমূল পৰিৱৰ্তন অহাটো নিশ্চিত । স্মৰ্তব্য যে, বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ পৰা খানাপাৰা যোৰাবাট হৈ গ'লে শ্বিলঙলৈ যিমান দূৰত্ব সমানেই দূৰত্ব ৰাণী হৈ গ'লেও ৷ ৰাণী-শ্বিলং পথত কোনোধৰণৰ যান-জঁট সমস্যা, প্ৰদূষণ নাই বাবে আজিকালি বিমানবন্দৰলৈ দিনৰ ভাগত অহা-যোৱা কৰা লোকৰ বেছিভাগেই ৰাণী হৈ অহা-যোৱা কৰা দেখিবলৈ পোৱা যায় । তেনেদৰে পাহৰুৱা হ'লেও পথচোৱা যথেষ্ট আহল-বহলকৈ আৰু পথ সুৰক্ষাৰ বিধি অনুসৰি নিৰ্মাণ কৰা বাবে আন বহু পাহাৰীয়া পথৰ দৰে বিপজ্জনক নহয় (Tourist places in Assam) ।
যাৰ বাবে দুচকীয়া বাহনৰ পৰা আৰম্ভ কৰি যিকোনো বাহন পথছোৱাত নিৰ্ভয়ে-নিৰাপদে চলাচল কৰিব পাৰে । সমান্তৰালভাৱে পথছোৱা আৰু তাৰ আশে-পাশে সমগ্ৰ অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দর্য মনোমোহা তথা প্ৰশান্তিময়দায়ক । উল্লেখ্য যে , এই পথছোৱা গৈ আপাৰ শ্বিলঙৰ চেৰাপুঞ্জী-শিলং সংযোগী পথত থকা ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত লগ লাগিছে । এই সন্দৰ্ভত মেঘালয়ৰ পৰ্যটন সৈতে জড়িত একাংশ লোকে জানিবলৈ দিয়া মতে, কেৱল ৰাণী-শ্বিলং পথেই নহয়, প্ৰচাৰৰ অভাৱৰ বাবে অসম-মেঘালয় বা উত্তৰ-পূৱৰ বহু সম্ভাৱনাময় পর্যটন থলীৰ বিষয়ে অঞ্চলটোৰ বহু ৰাইজ অৱগত নহয় (Lot of interest in the road connecting Rani Mairang) ।
ইফালে ৰাজ্যৰ গ্ৰাম্য পৰ্যটনৰ হকে কাম কৰি অহা দীপৰ বিলৰ পাৰ্শ্বৱৰ্তী 'ৰংমন ইকো টুৰিজমৰ কৰ্মকৰ্তা প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে, চৰকাৰৰ পৰ্যটন বিভাগ বা অসম পর্যটন উন্নয়ন নিগমে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীক হাব হিচাপে লৈ যদি পৰ্যটনৰ ক্ষেত্ৰখনৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংবর্ধনৰ হকে কাম কৰে আৰু কোনো ট্যুৰ অপাৰেটৰে স্থানীয় বা দেশী পৰ্যটকক লৈ ৰাণীৰে মাইৰাং হৈ শ্বিলং, চেৰাপুঞ্জী, মৌচিনৰাম, ডাউকী বা এছিয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্ন গাঁও হিচাপে পৰিচিত মাউলিঙলৈ নিয়াৰ ব্যৱস্থা আৰম্ভ কৰে তেন্তে ৰাণীৰ লগতে মেঘালয়ৰ জিৰাং, পাথৰথামা আদি অঞ্চলৰো পৰ্যটনৰ ক্ষেত্ৰসমূহ উপকৃত হ'ব । এইক্ষেত্ৰত তেঁওলোকৰ ফালৰ পৰা টুৰ অপাৰেটৰ বা পর্যটন বিভাগক সহযোগিতা আগবঢ়াব বুলি প্ৰমোদ কলিতাই জানিবলৈ দিছে ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে 2012 চনত মেঘালয়ৰ তদানীন্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে নিজে আগভাগ লৈ উত্তৰ পূৱ পৰিষদৰ জৰিয়তে সেই পথচোৱা উন্নীতকৰণৰ কাম আৰম্ভ কৰিছিল । সেই কাম পলমকৈ হ’লেও 2017 চনত শেষ কৰা হৈছিল ।
লগতে পঢ়ক : Assam govt in debt : উদং ৰাজ্কোষ! পুনৰ ঋণ ল’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে