গুৱাহাটী, ৫ জুলাই : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ আজি ৭৩ সংখ্যক মৃত্যু দিৱস । কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নৱগ্ৰহস্থিত গোপীনাথ বৰদলৈৰ সমাধি ক্ষেত্ৰত পালন কৰা হয় লোক কল্যাণ দিৱস । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ড৹ হিমন্ত বিশ্ব শৰ্মা ।
এই অনুষ্ঠানত উপস্থিত থাকি সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তাৰ পিচতে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয় । এই অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গোপীনাথ বৰদলৈৰ পুত্ৰ বলিন বৰদলৈয়ে কয়, ‘‘গোপীনাথ বৰদলৈৰ যি অৱদান আছিল, নতুন প্ৰজন্মই সেইবোৰ পাহৰি গৈছে । সেয়েহে তেওঁৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক এই বিষয়ে জানিব দিব লাগে ৷ তেতিয়াহে ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেম জাগৰণ হ’ব’’ ৷
উল্লেখ্য যে, এই অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝা, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, মেয়ৰ মৃগেন শৰণীয়া, গোপীনাথ বৰদলৈৰ পুত্ৰ বলিন বৰদলৈকে ধৰি পৰিয়ালৰ কেবাজনো লোক আৰু বহু শুভাকাংশী ৷
সকলোৰে জ্ঞাত যে, স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, তথা ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসটিক বিগত বৰ্ষৰ পৰা অসম চৰকাৰৰ কেবিনেটে লোক কল্যাণ দিৱস হিচাপে পালন কৰি আহিছে ৷ সেয়ে বিগত বৰ্ষৰ লেখিয়াকৈ কেবিনেট সিদ্ধান্ত অনুসৰি এই বছৰো ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক মৃত্যু দিনটো কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস পালন কৰা হৈছে ৷
লগতে পঢ়ক : Rahul Gandhi Defamation Case Update : উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি AIUDF ৰ