ETV Bharat / state

গুৱাহাটীত আংশিকভাৱে‌ শিথিল হ’ব লক ডাউন

author img

By

Published : Jul 4, 2020, 6:55 PM IST

আগন্তুক 6 আৰু 8 জুলাইত দুদিনৰ বাবে কামৰূপ (ম) জিলাত শিথিল কৰা হৈছে লক ডাউন ৷ শনিবাৰে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰে এই নতুন নিৰ্দেশনা ৷

গুৱাহাটীত আংশিকভাৱে‌ শিথিল হ’ব লক ডাউন
গুৱাহাটীত আংশিকভাৱে‌ শিথিল হ’ব লক ডাউন

গুৱাহাটী, 4 জুলাই : সম্প্ৰতি দুসপ্তাহৰ লক ডাউনৰ মাজত গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ কামৰূপ (ম) জিলাৰ জনতাই নিজকে গৃহবন্দী কৰি ৰাখিছে যদিও আগন্তুক সোমবাৰ আৰু বুধবাৰে লকডাউন আংশিকভাৱে শিথিল কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷

সেইমৰ্মে, শনিবাৰে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এলানি নতুন নিৰ্দেশনা । এই নিৰ্দেশনা অনুসৰি, 6 আৰু 8 জুলাইত দুদিনৰ বাবে কামৰূপ (ম) জিলাৰ 20 শতাংশ গেলামালৰ দোকান দিনৰ 11 বজাৰ পৰা নিশা 8 বজালৈ খোলা থাকিব ৷ সেই সময়ছোৱাত ক্ৰেতা-বিক্ৰেতা সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে চৰকাৰে জাৰি কৰা সকলো স্বাস্থ্য বিধি মানি চলিব লাগিব ।

এই দুদিনৰ সময়ছোৱাত পুৱা 8 বজাৰ পৰা দিনৰ 2 বজালৈ ঘৰে ঘৰে গৈ বিক্ৰেতাসকলে পাচলি আৰু ফল-মূল বিক্ৰী কৰিব পাৰিব যদিও ফুটপাথৰ দোকানসমূহ পূৰ্বৰ দৰেই বন্ধ থাকিব । 10 জুলাইত দিনৰ 11 বজাৰ পৰা 8 বজালৈ ই-কমাৰ্চ খোলা থাকিব ৷

আনহাতে, পশুখাদ্যৰ দোকানসমূহ 6 আৰু 8 জুলাইত পুৱা 10 বজাৰ পৰা 8 বজালৈ খোলা ৰাখিব পাৰিব । দৰৱৰ পাইকাৰী দোকানসমূহ এই দুদিনত পুৱা 8 বজাৰ পৰা দিনৰ 2 বজালৈ খোলাৰ অনুমতি দিয়ে প্ৰশাসনে ।

লগতে পঢ়ক : ৩০ নৱেম্বৰলৈ বৃদ্ধি আয়কৰ জমা দিয়াৰ সময়সীমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.