গুৱাহাটী, 28 এপ্ৰিল : শেহতীয়া কোভিড-19ৰ সজাগতাৰ বাবে দেশত অব্যাহত থকা লক ডাউনে প্ৰতিটো দিশৰ লগতে অসমীয়া ছবিজগতৰ ক্ষেত্ৰতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ কিছু সংখ্যক ছবি নিৰ্মাতাই যদি ছবিৰ কাম আৰম্ভ কৰিম বুলি ভাবিছিল,কিছুমানে আকৌ আধাতে শ্বুটিঙৰ কাম সামৰিবলগীয়া হ’ল ৷ ঠিক তেনেদৰে কলা-কুশলীসকলেও কিছু সংখ্যকে আধাতে কাম এৰিব লগা হোৱাৰ লগতে কিছুমানে আৰম্ভ কৰিবলৈ ওলোৱা শ্বুটিঙৰ পৰা অনিৰ্দিষ্টকাললৈ বিৰত থাকিবলগীয়া হ’ল ৷ এই লক ডাউনৰ ব্যাপক প্ৰভাৱ অসমীয়া ছবিজগত অৰ্থাৎ জলিউডৰ লগতে ভ্ৰাম্যমাণ ক্ষেত্ৰখনতো পৰা পৰিলক্ষিত হৈছে ৷ সেয়েহে কলা-কুশলীবোৰে এতিয়া অনিশ্চয়তাৰ মাজেৰে দিন পাৰ কৰিব লগাত পৰিছে ৷
অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আগন্তুক মে’ মাহৰ পৰা তেওঁৰ নতুন ছবিৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনা হাতত লৈছিল যদিও কোভিড-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্ট কাললৈ ছবিৰ কাম স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ভ্ৰাম্যমাণৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত অভিনেত্ৰীগৰাকীয়ে ৷ ছবি নিৰ্মাণৰ ক্ষেত্ৰত অনাগত দিনত কেনেধৰণৰ ব্যৱস্থা হাতত লোৱা হ’ব তাক লৈ চিন্তিত বুলি তেওঁ জানিবলৈ দিয়ে ৷ অভিনেত্ৰীগৰাকীয়ে ব্যক্ত কৰে যে,এখন ছবি নিৰ্মাণত বহু লোকৰ উপস্থিতিৰ প্ৰয়োজন ৷ গতিকে তেনে ক্ষেত্ৰত ছবি জগতৰ লগতে ভ্ৰাম্যমাণ তথা শিল্প জগতৰ সৈতে জড়িত লোকসকলে সামাজিক দুৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত অনিৰ্দিষ্ট কাললৈ সমস্যাৰ সন্মুখীন হ’ব ৷
আনহাতে,ছবিঘৰত আহিবলগীয়া ছবি ‘ৰঘুপতি’ৰ মূল নায়ক ৰবি শৰ্মায়ো চলিত বৰ্ষৰ শেষৰ ফালে ছবিখনৰ কাম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লৈছিল বুলি সদৰী কৰে ৷ প্ৰায় 95 শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া লক ডাউনৰ বাবে আধাতে অসম্পূৰ্ণ হৈ ৰ’ল ছবিখনৰ কাম ৷ লগতে তেওঁ কয় যে,ছবি এখনৰ নিৰ্মাণৰ কামত জড়িত হৈ থকা মানেই ছবিখনৰ ভিতৰলৈ সোমাই যোৱাৰ লেখীয়া হয় ৷ কিন্তু এই মহামাৰীয়ে যেন সকলো ভাঙি পেলাইছে ৷ লক ডাউন শেষ হোৱাৰ পিছত আকৌ সুস্থিৰভাৱে ছবিৰ মাজলৈ ঘূৰি যাবলৈ সকলোকে শাৰীৰিক আৰু মানসিকভাৱে বহু সময়ৰ প্ৰয়োজন হ’ব ৷
ইফালে ছবি নিৰ্মাতা খঞ্জন কিশোৰ নাথৰো দ্বিতীয়খন পূৰ্ণ দৈৰ্ঘৰ ছবিৰ কাম চলিত মাহৰ 20 তাৰিখৰ পৰা আৰম্ভ কৰাৰ কথা আছিল বুলি তেওঁ জানিবলৈ দিয়ে ৷ কিন্তু লক ডাউনৰ বাবে তেওঁ কামৰ পৰা বিৰত থাকিবলগীয়া হ’ল ৷
কেৱল প্ৰস্তুতি পৰাশৰ,ৰবি শৰ্মা অথবা খঞ্জন কিশোৰ নাথেই নহয়,তেওঁলোকৰ দৰে বহু শিল্পী,অভিনেতা-অভিনেত্ৰীয়ে একেই পৰিস্থিতিৰ সন্মুখীন হৈছে ৷ অসমত ভ্ৰাম্যমাণ থিয়েটাৰ অথবা ছবিৰ ক্ষেত্ৰত সামাজিক ব্যৱধান বৰ্তাই ৰাখি কাম কৰাতো অসম্ভৱ । কাৰণ এখন ছবিৰ নিৰ্মাণ অথবা দৰ্শনী দুয়োটাতে বহু লোকৰ সমাগম ঘটাৰ বাহিৰে আন কোনো গত্যন্তৰ নাই । অসমত কমেও 50 খন ভ্ৰাম্যমাণ থিয়েটাৰ থকাৰ বিপৰীতে এই থিয়েটাৰ গোষ্ঠীসমূহত প্ৰায় 5 হাজাৰ লোকে কাম কৰি জীৱন-নিৰ্বাহ কৰি আছে । কিন্তু লক ডাউনৰ বাবে সকলোৰে কৰ্ম জীৱন স্তব্ধ হৈ পৰাত এতিয়া অনিশ্চয়তাতাত ভুগিছে সকলো শিল্পী, কলা-কুশলী ৷
লগতে পঢ়ক : বঙাইগাঁৱত কৰ’ণাত আক্ৰান্ত কিশোৰী