ETV Bharat / state

লক্ডাউন : কৰ'ণাৰ ভয়াৱহতাৰ বাবে ৰাজ্যত অচলাৱস্থা ! - latest updates of corona virus

CORONA LOCK DOWN LIVE UPDATE
CORONA LOCK DOWN LIVE UPDATE
author img

By

Published : Mar 24, 2020, 1:14 PM IST

Updated : Mar 24, 2020, 7:52 PM IST

19:12 March 24

গোলাঘাটত জিলা উপায়ুক্তৰ সংবাদমেল সম্বোধন

জিলা উপায়ুক্তৰ সংবাদমেল

গোলাঘাট,24 মাৰ্চঃ মঙলবাৰে সন্ধিয়া ৬বজাৰ পৰা অসমত বলৱৎ হৈছে লকডাউন । লকডাউনৰ পূৰ্বে গোলাঘাটৰ জিলা উপায়ুক্তই এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনৰ জৰিয়তে বহিঃৰাজ্যৰ পৰা অহা যিসকল লোকক "হ'ম কোৱাৰেণ্টাইনত" ৰখা হৈছে বাহিৰলৈ নাহিবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে । স্থানীয় চিকিৎসালয়সমূহত ৰোগীৰ লগত এজন লোকক থাকিবলৈ অনুমতি দিয়া হৈছে । লকডাউনৰ লগতে ১৪৪ ধাৰা বলৱৎ কৰা হৈছে জিলাখনত ৷ জৰুৰীকালীন সেৱাৰ লোকসকল এই আওতাৰ বাহিৰত থাকিব ৷

18:48 March 24

ডুমডুমাত প্ৰৱেশ নিষিদ্ধ !

ডুমডুমাত প্ৰৱেশ নিষিদ্ধ !

ডুমডুমা,24 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসে আতংকিত কৰি তুলিছে সৰ্বসাধাৰণক ৷ মহামাৰী ৰূপ ধাৰণ কৰা ভাইৰাছবিধৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ ৰংপুৰ মেছগাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । গাঁৱখনৰ প্ৰৱেশ পথত বাহ বান্ধি এখন ফলক আঁৰি দিছে গাঁৱবাসীয়ে । ফলকখনত কৰ’ণা ভাইৰাছৰ বাবে গাঁৱৰ বাহিৰৰ মানুহ অনিদিষ্ট কাললৈ প্ৰৱেশ নিষেধ বুলি উল্লেখ কৰা হৈছে ৷

18:09 March 24

ডিব্ৰুগড়ৰ ৰাজপথত জিলা উপায়ুক্ত

প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা

ডিব্ৰুগড়,24 মাৰ্চঃ ডিব্ৰুগড়ত লকডাউনৰ আইনী নিৰ্দেশনাৰ জাৰি কৰি ৰাজপথত নামিল উপায়ুক্ত পল্লৱ গোপাল ঝা ৷ উক্ত অভিযানত উপায়ুক্ত গৰাকীক সহায় কৰে আৰক্ষী অধীক্ষকসহ সঁজাতি দলে ৷ দলটোৱে ৰাজপথত অবাবত ঘূৰি ফুৰা বহু লোকক ঘূৰাই পঠিয়ায় ।

17:28 March 24

শিলচৰত মোতায়েন চি আৰ পি এফ বাহিনী

শিলচৰত মোতায়েন চি আৰ পি এফ বাহিনী

শিলচৰ,24 মাৰ্চঃ কৰ’ণা আতংকৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে । শিলচৰত ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে স্থায়ী-অস্থায়ী সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । কিন্তু চহৰখনত জৰুৰীকালীন সামগ্ৰী আৰু ফাৰ্মাচীসমূহ খোলা থাকিব বুলি জনায় জিলা প্ৰশাসনে । সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনত মোতায়ন কৰা হৈছে চি আৰ পি এফ বাহিনী ।

16:56 March 24

নগাঁৱত প্ৰৱেশ নিষিদ্ধ আন লোকৰ

সষ্টম নগাঁৱবাসী

নগাঁও,24 মাৰ্চঃ নগাঁৱৰ এখন গাঁৱত প্ৰৱেশ নিষিদ্ধ কৰা অন্য অঞ্চলৰ লোক তথা বাহনৰ । নগাঁৱৰ বৰঘাট বাইপাছৰ পৰা শিয়ালেখোৱা গাঁৱলৈ যোৱা মূল পথটো বন্ধ কৰি দিয়ে গাঁৱবাসীয়ে । গাঁৱখনৰ ৰাইজে আলোচনাৰ জৰিয়তে গ্ৰহণ কৰে এই সিদ্ধান্ত । বিপৰীতে কৰ’ণাৰ আতংকত ভূগিছে গোৱালপাৰাবাসী ৷ ৰাজ্যত লকডাউন কৰা বাবে গোৱালপাৰাৰ বজাৰ সমূহত দেখিবলৈ পোৱা গৈছে নিমাওমাও পৰিৱেশ । 

16:40 March 24

সচেতনতাক আওকাণ গোলাঘাটবাসীৰ

বজাৰত ব্যস্ত জনসাধাৰণ

গোলাঘাট,24 মাৰ্চঃ গোলাঘাট চ'ক বজাৰত বিৰ দি বাট নোপোৱা অৱস্থা দেখিবলৈ পোৱা গৈছে । লকডাউনৰ পূৰ্বে পৰিয়ালৰ বাবে খাদ্য সামগ্ৰী মজুত কৰাত এতিয়া ব্যস্ত গোলাঘাটবাসী । সজাগ-সচেতনতা পাহৰি গোলাঘাটৰ বজাৰত যথেষ্ট ভিৰ কৰি তুলিছে ৰাইজে ৷

16:11 March 24

জনিয়াত চৰকাৰৰ সিদ্ধান্তক আদৰণি ৰাইজৰ

চৰকাৰৰ সিদ্ধান্তক আদৰণি ৰাইজৰ

জনিয়া,24 মাৰ্চঃ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত লক ডাউন ঘোষণা কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে কলগাছিয়াৰ বিভিন্ন মহলে ৷ ফলত স্থানীয় বজাৰসমূহত অত্যাৱশ্যকীয় সামগ্ৰী বিচাৰি গ্ৰাহকে হেতা-ওপৰা লগায় ৷ 

15:44 March 24

আমিনগাঁৱৰ বজাৰত মূল্যবৃদ্ধি

মূল্যবৃদ্ধি

আমিনগাঁও,24 মাৰ্চঃ মঙলবাৰৰ পৰা ৰাজ্যত ল'কডাউন ঘোষণাৰ পাছত কামৰূপৰ আমিনগাঁৱৰ শাক-পাচলি বজাৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয় ৷ উপস্থিত গ্ৰাহকসকলে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাত ব্যস্ত হৈ পৰে ৷ একাংশ গ্ৰাহকে শাক-পাচলিৰ দাম অধিক বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপিত কৰিছে । চৰকাৰক ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৰাইজে ৷ লক ডাউনৰ বাবে প্ৰায় ৭ দিন ঘৰৰ ভিতৰতে থাকিব লাগিব অসমবাসী ৷ লগতে মহানগৰীৰ বিভিন্ন বজাৰ সমূহতো একেই ভিৰ হোৱা দেখা যায় ৷ উপায়ন্তৰ ৰাইজে পূৰ্বৰ মূল্যতকৈ অধিক মূল্যত সামগ্ৰী ক্ৰয় কৰিব লগা হৈছে ৷

15:16 March 24

ধুবুৰীত এখন যাত্ৰীবাহী বাছক কেন্দ্ৰ কৰি কৰ'ণাৰ আতংক

ধুবুৰী, 24 মাৰ্চঃ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ সময়তে আজি ধুবুৰীত উপস্থিত হয় গুৱাহাটীৰ এখন যাত্ৰীবাহী বাছ। উল্লেখযোগ্য যে, AS-২৫DC-৪৩৬৯ নম্বৰৰ বাছ এখন ৰিজাৰ্ভ কৰি মুঠ ৪৭ গৰাকী শ্ৰমিকে উপস্থিত হয় ধুবুৰীত। পিছত ধুবুৰী যান বাহন আৰক্ষীয়ে বাছ খন আৱদ্ধ কৰি খবৰ দিয়ে ধুবুৰীৰ স্বাস্থ্য বিভাগক। পিছত ধুবুৰী স্বাস্থ্য বিভাগৰ ৰেপিড ৰেস্পন্স টিমৰ ফালৰ পৰা শ্ৰমিক সকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে স্ক্ৰিনিং টেষ্ট কৰায় যদিওঁ কৰণা ভাইৰাছৰ কোনো লক্ষণ বা উপস্থিতি ধৰা পৰা নাই বুলি উল্লেখ কৰে চিকিৎসকে।

13:36 March 24

দৰঙত প্ৰশাসনৰ নিৰ্দেশ উলংঘাকাৰীক লাঠী চালনা আৰক্ষীৰ

দৰঙত আৰক্ষীৰ লাঠি চালনা

দৰং, 24 মাৰ্চ : দৰঙত প্ৰশাসনৰ নিৰ্দেশনাক উলংঘা একাংশৰ ৷ প্ৰশাসনে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে সাপ্তাহিক বজাৰ,দৈনিক বজাৰ, যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিচতো মঙলবাৰে বৰদৌলগুৰিৰ সাপ্তাহিক বজাৰ খোলাত ছিপাঝাৰ আৰক্ষীৰ এটা দলে সাপ্তাহিক বজাৰ খনত উপস্থিত হৈ লাঠি চালনা কৰি বজাৰ বন্ধ কৰে ৷

13:30 March 24

বান্দৰদেৱাৰ অসম-অৰুণাচল সীমান্তত প্ৰশাসনৰ তৎপৰতা

অসম-অৰুণাচল সীমান্তত প্ৰশাসনৰ তৎপৰতা

লখিমপুৰ, 24 মাৰ্চ : অসমত মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা বলবধ হ'ব তলা বন্ধ । ২৩ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ পৰা চুবুৰীয়া ৰাজ্য অৰুণাচলত কাৰ্যকৰী হ'ল তলা বন্ধ । তাৰ পাচতে  লখিমপুৰৰ বান্দৰদেৱাৰ অসম অৰুণাচল সীমান্তত তৎপৰতা অৰুণাচল প্ৰশাসনৰ। অৰুণাচলত জৰুৰী সেৱাৰ বাহিৰে সকলো বন্ধ কৰি দিয়া হৈছে । অৰুণাচলৰ ৰাজধানী ইটানগৰলৈ যোৱা প্ৰৱেশ পথত ২৪ ঘণ্টাই তৎপৰ হৈ আছে স্বাস্থ্যকৰ্মী । আৰক্ষীৰ লগতে স্বাস্থ্যকৰ্মীয়ে পৰীক্ষা কৰিছে অৰুণাচলত প্ৰৱেশ কৰা লোকক । অৰুণাচল চৰকাৰৰ নিৰ্দেশত সৰ্বসাধাৰণ লোকৰ চলাচল নিষিদ্ধ কৰা হৈছে । পূৱ ইম্ফলৰ এগৰাকী যুৱতীৰ শৰীৰত কৰ'ণা ধৰা পৰা পিচতে বহিঃৰাজ্যৰ পৰা অৰুণাচললৈ প্ৰৱেশ কৰা প্ৰতিজন লোকৰ স্বাস্থ্য পৰীক্ষাত অধিক গুৰুত্ব প্ৰদান কৰিছে অৰুণাচল চৰকাৰে ।

13:00 March 24

ৰাইজৰ সজাগ হ'বলৈ আহ্বান কেইটিমান শিশুৰ

ৰাইজৰ সজাগ হ'বলৈ আহ্বান কেইটিমান শিশুৰ

গুৱাহাটী, 24 মাৰ্চ :  বিশ্ববাসীয়ে এতিয়া মহামাৰী কৰ'ণা ভাইৰাছৰ লগত যুঁজি আছে। এই ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে লৈছে ব্যাপক সতৰ্কতা। সকলোকে জন সমাগম অথবা আন লোকৰ সংস্পৰ্শলৈ নাহিবলৈ আহ্বান জনোৱা হৈছে । কিন্তু একাংশ লোকে এতিয়াও এই ক্ষেত্ৰত সজাগতা অৱলম্বন কৰা পৰিলক্ষিত হোৱা নাই । এইবাৰ কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত সজাগতা সৃষ্টি লক্ষ্যৰে কেইগৰাকীমান কণমানিয়ে লৈছে বিশেষ পদক্ষেপ। মহানগৰীৰ পাণ্ডুত ঘৰে ঘৰে গৈ কৰ'ণাৰ সজাগতামূলক বেনাৰ-পোষ্টাৰ আঁৰিলে কণমানি কেইগৰাকীয়ে। লক্ষ্যণীয় কথাটো এয়েই যে নিজেই অংকন কৰি কণমানি কেইগৰাকীয়ে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছে । লগতে লক ডাউনৰ সময়চোৱাত যাতে সকলো ঘৰতে থাকে তাৰো আহ্বান জনালে কণমানি কেইগৰাকীয়ে । যি সময়ত একাংশ অসচেতন ব্যক্তিয়ে এই মাৰাত্মক ভাইৰাছৰ ভয়াৱহতাক উপলব্ধি কৰিব পৰা নাই তেনে সময়ত এই কণমানি কেইগৰাকীয়ে লোৱা পদক্ষেপক শলাগিছে বিভিন্নজনে।
 
12:21 March 24

মঙলবাৰে পুৱাৰ পৰাই লক্ডাউন ডিমা হাচাওত

কৰ'ণাৰ ভয়াৱহতাৰ বাবে ৰাজ্যত অচলাৱস্থা

ডিমা হাছাও 24 মাৰ্চ: কৰ'ণা ভাইৰাছৰ সজাগতাৰ বাবে ডিমা হাছাও জিলাত মঙলবাৰে পুৱা 6 বজাৰ পৰা তলা বন্ধ হৈ পৰে। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ঘোষণা অনুযায়ী গ্ৰহণ কৰা হয় এই পদক্ষেপ ৷ কৰ'না ভাইৰাছ অথবা ক'ভিড-19 ৰোগৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি মঙ্গলবাৰ পুৱা 6 বজাৰ পৰা 28 মাৰ্চৰ ৰাতি 9 বজালৈকে তলা বন্ধ ঘোষণা কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে । 

কিন্তু ৰাজ্য চৰকাৰে মঙলবাৰৰ সন্ধ্যা 6 বজাৰ পৰা 31 মাৰ্চৰ ৰাতি 12 বজালৈ অসমত তলা বন্ধ ঘোষণা কৰাৰ পিচত এতিয়া এই তলা বন্ধ 31 মাৰ্চলৈ কাৰ্যকৰী হ'ব বুলি জনায় ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাই ।  জিলাখনত মঙলবাৰৰ পৰা সমস্ত চৰকাৰী কাৰ্যালয় বন্ধ থকাৰ বিপৰীতে জৰুৰীকালীন সেৱা উপলব্ধ থাকিব। চৰকাৰী কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম চলাব লাগিব বুলি স্বায়ত্ব শাসিত পৰিষদে নিৰ্দেশ দিয়ে। আনহাতে বাহিৰৰ পৰা অহা 5 জন ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ পিচত ঘৰতে আছুতীয়াকৈ ৰখা হৈছে ।

Last Updated : Mar 24, 2020, 7:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.