গুৱাহাটী,3 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ আতংকৰ পৰা ৰক্ষা পাবলৈ দেশজুৰি জাৰি কৰা লক ডাউনৰ প্ৰভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছে দেশৰ ব্যৱসায়ীক ক্ষেত্ৰত ৷ বৃহৎ বৃহৎ ব্য়ৱসায়ীক প্ৰতিষ্ঠান সমূহৰ লগতে লোকচানৰ সন্মুখিন হৈছে সৰু-সুৰা ব্যৱসায়েৰে পৰিয়াল পোহপাল দিয়া লোকসকল ৷ এক কথাত ক'বলৈ গ'লে পানীত হাঁহ নচৰা অৱস্থা হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ । মহানগৰীৰ ফাঁচী বজাৰৰ পাচলি ব্যৱসায়ী সকল ইয়াৰ অন্যতম উদাহৰণ ।
চৰকাৰে তলা বন্ধ ঘোষণা কৰাৰ পিছত ফাঁচী বজাৰৰ পাচলি ব্যৱসায়ীসকলে পুৰণি কাৰাগাৰ চৌহদত পেলাই দিছে লক্ষাধিক টকাৰ পাচলি । ব্যৱসায়ীসকলে কিনি অনা কেইবাট্ৰাক পাচলি এতিয়া গেলিব ধৰিছে কাৰাগাৰৰ চৌহদত । বৰ্তমান বেয়াকৈ মাধমাৰ খোৱা এই পাচলি ব্যৱসায়ীসকল চিন্তিত ভৱিষ্যতক লৈ ৷ লক ডাউনৰ অন্তত স্বাভাৱিক পৰিস্থিত ঘূৰি আহিলেও ব্যৱসায়ীসকলে পুনৰ ব্যৱসায় কৰিবলৈ সক্ষম হ'বনে নাই এতিয়া সেয়া সন্দেহৰ আৱৰ্তত ৷
উল্লেখ্য যে, তলা বন্ধৰ ফলত একাংশ জনতাই পাচলি বিচাৰি হাবাথুৰি খোৱাৰ লগতে অধিক মূল্যতো ক্ৰয় কৰিবলগীয়া হৈছে ৷ বিপৰীতে, বিক্ৰীৰ সুবিধা নথকাৰ বাবে ফাঁচী বজাৰত গেলিব ধৰিছে ট্ৰাকে ট্ৰাকে পাচলি ।
লগতে চাওকঃ কৰ’ণা ৰোগীৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ 51 জনক সৰুসজাইলৈ স্থানান্তৰ