গুৱাহাটী,6 মে’ঃ ৰাজ্যৰ শিক্ষা বিভাগৰ এক সূত্ৰ অনুযায়ী অসমত নিম্ন আৰু উচ্চ পৰ্যায়ৰ প্ৰায় 48 হাজাৰ চৰকাৰী বিদ্যালয় থকাৰ বিপৰীতে বে-চৰকাৰী খণ্ডৰ প্ৰায় পাঁচ সহস্ৰাধিক বিদ্যালয় আছে । দেশৰ শেহতীয়া দুৰ্যোগৰ বাবে চৰকাৰী বিদ্যালয়সমূহৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰাৰ বিপৰীতে বে-চৰকাৰী বিদ্যালয়সমূহৰ কোনো নিৰ্দেশনা জাৰি কৰা নাই ৷ বে-চৰকাৰী খণ্ডৰ নীলাচল জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তথা ব্যক্তিগত বিদ্যালয় সমন্বয় মঞ্চ, অসমৰ সম্পাদক ৰাজীৱ কলিতাই জনোৱা অনুসৰি চৰকাৰে 50 শতাংশ মাচুলৰ গ্ৰহণৰ সন্দৰ্ভত কৰা সিদ্ধান্তক আদৰণি জনাইছে বে-চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহে । লক্ ডাউনৰ বাবে প্ৰতিখন বে-চৰকাৰী বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক অনলাইনৰ জৰিয়তে শিক্ষা দান কৰাৰ চেষ্টা চলাই আছে ৷ প্ৰতিদিনে বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক অনলাইন শিক্ষা দিয়াৰ সমান্তৰালকৈ নিম্ন শ্ৰেণীৰ ক্ষেত্ৰতো পাঠদান অব্যাহত আছে ।
আনহাতে, লক ডাউন খোলাৰ পিছত এক পৰিকল্পিত ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰোৱাৰ এক পৰিকল্পনা যুগুত কৰা বুলি প্ৰকাশ কৰে ৰাজীৱ কলিতাই । কলিতাই প্ৰকাশ কৰা মতে, বিদ্যালয়ৰ কর্মচাৰীসকলক লক্ ডাউনৰ সময়তো যিকোনো প্ৰকাৰে দৰমহা দিয়াৰ চেষ্টা চলাইছে বে-চৰকাৰী বিদ্যালয়সমূহে । বে-চৰকাৰী বিদ্যালয়সমূহত দ্বিতীয় গোট পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল যদিও লক্ ডাউনৰ বাবে সেয়া সম্ভৱ নহ’ল ৷ অনাগত দিনত ছমহীয়া পৰীক্ষা অনুষ্ঠিত হোৱা-নোহোৱা সন্দৰ্ভত বৰ্তমান নিশ্চয়তা নথকাৰ উপৰিও এইক্ষেত্ৰত চৰকাৰৰ পৰা কোনোধৰণৰ সহযোগিতা লাভৰ আশা নাই বে-চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ ৷ বিপৰীতে চৰকাৰক আৰ্থিকভাৱে সহায় কৰাৰ বাবে আৰোগ্য নিধিলৈ সাহায্য প্ৰদান কৰিছে বে-চৰকাৰী শিক্ষানুষ্ঠানসমূহে ৷ আনহাতে, ব্যক্তিগত খণ্ডৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে পাঠদান কৰাৰ এক পৰিকল্পনা কৰিছে ৷ কিয়নো অনলাইনযোগে পাঠদানত বহু অসুবিধা আছে ৷
লক্ ডাউনৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত এতিয়া অনিশ্চিত । লক্ ডাউন খোলাৰ পাচত কেনেদৰে আৰু কেনেকৈ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত পৰিকল্পনা গ্ৰহণ কৰিব সেই সন্দৰ্ভত এতিয়াও চৰকাৰে কোনো নীতি-নিৰ্দেশনা জাৰি কৰা নাই শিক্ষা খণ্ডক । যদিও চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰত চৰকাৰে দায়িত্ব বহন কৰিব,কিন্তু বে-চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰত কি স্থিতি গ্ৰহণ কৰিব সেয়া স্পষ্ট কৰা নাই চৰকাৰে ।
লগতে চাওকঃ লক্ ডাউনে সলালে নে মানুহৰ স্বভাৱ !