গুৱাহাটী,17 এপ্ৰিলঃ গুৱাহাটী মহানগৰীৰ পাণ্ডুত খাদ্য সামগ্ৰী বিতৰণৰ নামত লক ডাউন উলংঘা ৷ উল্লেখ্যে যে,শুকুৰবাৰে সুব্ৰত দে নামৰ ব্যক্তি এজনে কাউঞ্চিলৰ শ্যামল চক্ৰৱৰ্তীৰ নেতৃত্বত পাণ্ডুৰ 4 নং ৱাৰ্ডত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ এক পদক্ষেপ গ্ৰহণ কৰিছিল ৷ কিন্তু এই সামগ্ৰী বিতৰণ কাৰ্যসূচীত উলংঘা কৰা হয় লক ডাউনৰ নীতি-নিয়ম ৷ আনহাতে,পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত বহু সময়লৈকে উপস্থিত নহ'ল জালুকবাৰী আৰক্ষী ৷ খাদ্য সামগ্ৰী বিতৰণকাৰী তথা প্ৰশাসনৰ পূৰ্ব পৰিকল্পনা নোহোৱাৰ বাবেই এই পৰিস্থিতিৰ উদ্ভৱ হয় ৷ লক ডাউনৰ বাবে ৰাজ্যত দেখা দিয়া খাদ্য সংকটৰ বাবেই এই পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি বহু লোকে মন্তব্য কৰে ৷
লগতে পঢ়ক-লক ডাউনৰ বাবে শংকাত ভুগিছে ৰাজ্যৰ বহু শিক্ষাৰ্থী-অভিভাৱক