ETV Bharat / state

লক ডাউনঃ অসামৰিক পোছাকত প্ৰতিটো প্ৰান্তত থাকিব আৰক্ষীৰ লোক - লক ডাউন

গুৱাহাটীৰ কেইটামান ৱাৰ্ডত মঙলবাৰৰ পৰা পৰৱৰ্তী 14 দিনৰ বাবে জাৰি কৰিছে লক ডাউন ৷ এই ৱাৰ্ড কেইটা হৈছে ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০, ১৫ আৰু ১৬ নম্বৰ ৱাৰ্ড ৷

লক ডাউনঃ অসামৰিক পোছাকত প্ৰতিটো প্ৰান্তত থাকিব আৰক্ষীৰ লোক

author img

By

Published : Jun 24, 2020, 4:31 AM IST

Updated : Jun 24, 2020, 7:34 AM IST

গুৱাহাটী, 24 জুনঃ মঙলবাৰে নিশাৰ পৰা গুৱাহাটীৰ কেইটামান নিৰ্দিষ্ট স্থানত আৰম্ভ হ'ল লক ডাউন ৷ শেহতীয়াকৈ এই স্থান সমূহত সংঘটিত হোৱা গণ সংক্ৰমণৰ বাবেই ৰাজ্য চৰকাৰে লৈছে এই সিদ্ধান্ত ৷

লক ডাউন সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই কয় যে, প্ৰতিটো স্থানতে অসামৰিক পোছাকত থাকিব আৰক্ষীৰ লোক। লক ডাউনৰ কৱলত থকা এলেকা জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষীয়ে কঠোৰ নজৰত ৰাখিব। ইফালে নিয়ম ভংগ কৰিলেই কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে মহানগৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷ লগতে ৰাইজক আৰক্ষী-প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনাই তেওঁ ৷

লক ডাউন জাৰি হোৱ ৱাৰ্ড কেইটা
লক ডাউন জাৰি হোৱ ৱাৰ্ড কেইটা

উল্লেখ্য যোগ্য যে, গুৱাহাটীৰ কেইটামান ৱাৰ্ডত মঙলবাৰৰ পৰা পৰৱৰ্তী 14 দিনৰ বাবে জাৰি কৰিছে লক ডাউন ৷ এই ৱাৰ্ড কেইটা হৈছে ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০, ১৫ আৰু ১৬ নম্বৰ ৱাৰ্ড ৷

লক ডাউন সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত

ইপিনে মঙলবাৰৰ দিনটোত অসমত কৰ’ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 6000 লোকৰ সীমা ৷ বৰ্তমান অসমত মুঠ আক্ৰান্তৰ সীমা 6056 গৰাকীলৈ বৃদ্ধি পাইছে ৷ মঙলবাৰৰ দিনটোত অসমত ধৰা পৰিছে মুঠ 203 গৰাকী কৰ’ণা আক্ৰান্ত ৰোগী ৷

লগতে পঢ়কঃ অসমত COVID আক্ৰান্তই অতিক্ৰম কৰিলে 6000ৰ সীমা

Last Updated : Jun 24, 2020, 7:34 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.