ETV Bharat / state

৫ জানুৱাৰীৰ পৰা খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 8:09 PM IST

Livestock and Poultry Fair : কাইলৈৰ পৰা খানাপাৰাত অনুষ্ঠিত হ’ব পশুধন আৰু হাঁহ-কুকুৰা মেলা- 2024. বিশ হাজাৰতকৈ অধিক দৰ্শকৰ সমাগমৰ আশা কৰা হৈছে ৷ আয়োজন কৰা হৈছে ডগ এণ্ড কেট শ্ব’ৰ লগতে বহু আকর্ষণীয় অনুষ্ঠানৰ ।

Livestock Farm khanapara
মন্ত্ৰী অতুল বৰাৰ সংবাদমেল
মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

গুৱাহাটী, ৪ জানুৱাৰী: জানুৱাৰীৰ 5 তাৰিখৰ পৰা 7 তাৰিখলৈ খানাপাৰাত আয়োজন কৰা হৈছে পশুধন আৰু হাঁহ-কুকুৰা মেলা ৷ ৰাজ্যৰ পশুপালন আৰু পশুচিকিৎসা বিভাগ তথা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত খানাপাৰাৰ পশুধন পাম চৌহদ খেলপথাৰত আয়োজন কৰা হৈছে চতুর্থ পশুধন আৰু হাঁহ-কুকুৰা মেলা, ২০২৪ ।

উক্ত মেলাত দুশখনতকৈ অধিক বিপণি থাকিব আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা উদ্যোগী পশুপালক তথা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব । শুকুৰবাৰে খানাপাৰাৰ ফাৰ্মগেটত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে কৃষিমন্ত্ৰী অতুল বৰাই ।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এইবাৰৰ মেলাত ছিকিমৰ পশুপালন মন্ত্ৰীৰ লগতে মেঘালয়, মণিপুৰ, নাগালেও, মিজোৰামকে ধৰি কেবাখনো ৰাজ্যৰ পশুপালন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব ৷ উল্লেখ্য যে, এইবাৰৰ মেলাত বিভিন্নধৰণৰ পশুধন, হাঁহ-কুকুৰা আদিৰ লগতে ভিন ভিন প্ৰজাতিৰ আলংকৰিক চৰাই প্ৰদৰ্শনৰ দিহা কৰা হৈছে ।

ইয়াৰোপৰি এইবাৰৰ পশুধন আৰু হাঁহ-কুকুৰা মেলাত ৰাজ্যৰ শ্ৰেষ্ঠতম পশুপালকলৈ এক লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও শ্ৰেষ্ঠ গো-ম'হ পালক, ছাগলী পালক, গাহৰি পালক, উন্নত জাতৰ ঘাঁহ খেতিয়ক আৰু বাণিজ্যিক পক্ষী পালকক ৰাজ্যিক আৰু জিলাভিত্তিত পুৰস্কৃত কৰা হ'ব ।

মেলাথলীত পশুপালকলৈ পশুপালন বিষয়ক বিনামূলীয়া প্ৰশিক্ষণ, বিত্তীয় প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়াৰ সৈতে পশুপালকৰ মত বিনিময়, ব্যৱসায়ী আৰু পশুপালকৰ অভিজ্ঞতা বিনিময় অনুষ্ঠান, শেহতীয়াকৈ ৰাজ্যখনত প্ৰাদুর্ভাব ঘটা পশু-পক্ষীৰ ৰোগ সম্পর্কীয় আলোচনাচক্ৰ আৰু ‘ ডগ এণ্ড কেট শ্ব’ ’ৰ লগতে বিভিন্ন আকর্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে । সেয়েহে মেলাৰ আটাইকেইটা দিনতে ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে মন্ত্ৰী অতুল বৰাই ।

এইবাৰৰ পশুধন আৰু হাঁহ-কুকুৰা মেলাত প্ৰতিদিনে বিশ হাজাৰতকৈ অধিক দৰ্শকৰ সমাগম হ'ব বুলি মন্ত্ৰীগৰাকী আশাবাদী ।

লগতে পঢ়ক: অযোধ্যাৰ ৰাম মন্দিৰলৈ বকোৰ পৰা ৭ হাজাৰ বাঁহ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.