ETV Bharat / state

Indrani Tahbilder suicide case update: তৃষ্ণা শৰ্মাৰ বাসগৃহত উদ্ধাৰ ৪৬ গৰাকী প্ৰাৰ্থীৰ তালিকা

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:27 PM IST

ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ পিচতেই সঘটনাই সলনি হৈছে দৃশ্যপট ৷ আৰক্ষীৰ জিম্মাত থকা তৃষ্ণা শৰ্মাক লগত লৈ আৰক্ষীয়ে তৃষ্ণা শৰ্মাৰ নিউ গুৱাহাটীৰ এপাৰ্টমেণ্টত অভিযান চলায়। শৈলজা এনক্লেভত অভিযান চলাই তৃষ্ণাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৪৬ গৰাকী প্ৰাৰ্থীৰ এখন তালিকা।

Indrani Tahbilder suicide case update
তৃষ্ণা শৰ্মাৰ বাসগৃহত উদ্ধাৰ ৪৬ গৰাকী প্ৰাৰ্থীৰ তালিকা

গুৱাহাটী, ২৮ আগষ্ট : ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু চৰকাৰী চাকৰিৰ ক'লা বেহাত নাম সাঙোৰ খাইছে আন এগৰাকীৰ মহিলাৰ নাম । অঞ্জু দাস নামৰ এগৰাকী মহিলাৰ নাম সাঙোৰ খাইছে চাকৰি কেলেংকাৰীত। ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ আগদিনা ইন্দ্ৰাণীৰ লগত আছিল অঞ্জু । বিভিন্ন চাকৰি প্ৰত্যাশীৰ পৰা ধন লোৱাৰ অভিযোগ অঞ্জু দাসৰ বিৰুদ্ধে। অতি শীঘ্ৰে অঞ্জু দাসক তলব কৰাৰ সম্ভাৱনা আৰক্ষীৰ। ইতিমধ্যে ৰাজ্য এৰি পলায়ন কৰিছে অঞ্জু দাসে।

ইপিনে আৰক্ষীৰ জিম্মাত থকা তৃষ্ণা শৰ্মাক লগত লৈ আৰক্ষীয়ে তৃষ্ণা শৰ্মাৰ নিউ গুৱাহাটীৰ এপাৰ্টমেণ্টত অভিযান চলায়। শৈলজা এনক্লেভত অভিযান চলায় তৃষ্ণাৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৪৬ গৰাকী প্ৰাৰ্থীৰ এখন তালিকা।

তৃষ্ণা শৰ্মাৰ বাবে পোহৰলৈ আহিল চৰকাৰী চাকৰিৰ ক'লা বেহা। আৰক্ষীয়ে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰহে তদন্ত কৰিছিল। পৰৱৰ্তী সময়ত তৃষ্ণা শৰ্মাই চান্দমাৰী আৰক্ষী থানাত ৰুজু কৰিছিল এটা গোচৰ সেই গোচৰৰ পিছতেই পোহৰলৈ আহিল চৰকাৰী চাকৰিৰ ক'লা বেহা।

চৰকাৰী চাকৰিৰ নামত বৃহৎ সংখ্যক ধন সংগ্ৰহ কৰিছিল তৃষ্ণাই। একাংশ চৰকাৰী বিভাগৰ ঠিকা আৰু সুৰা বিপনীৰ অনুজ্ঞাপত্ৰৰ নামতো সংগ্ৰহ কৰিছিল ধন। তৃষ্ণা শৰ্মাৰ গোচৰৰ পিছতেই আৰক্ষীয়ে চৰকাৰী চাকৰিৰ বেহাৰ সন্দৰ্ভত জেৰা কৰিছিল অনুৰাগ চলিহাক। অনুৰাগ চলিহাই জেৰাত স্বীকাৰ কৰিছে চৰকাৰী চাকৰিৰ ক'লা অধ্যায়ৰ কথা ।

তৃষ্ণা শৰ্মাৰ জেৰাত আৰু অধিক নাম পোহৰলৈ অহাৰ সম্ভাৱনা আছে । তৃষ্ণা শৰ্মা পেছাত এগৰাকী অধিবক্তা । অতি শীঘ্ৰে তৃষ্ণা শৰ্মাৰ অধিবক্তাৰ অনুজ্ঞাপত্ৰ বাতিলৰ বাবে পত্ৰ প্ৰেৰণ কৰিব আৰক্ষীয়ে। ইতিমধ্যে অনুৰাগ চলিহা, দ্বীবন ডেকা, অসীম চক্ৰৱৰ্তী, ৰেখান্ত দাস আৰু অভিমুন্য দাসৰ একাউণ্ট ফ্ৰীজ কৰিছে আৰক্ষীয়ে। আনহাত পুনৰ তিনি গৰাকী চাকৰি প্ৰত্যাশিক তলব চানমাৰী আৰক্ষীৰ ।
নলবাৰীৰ তিনি যুৱকক তলব আৰক্ষীৰ। তিনিও যুৱকক ৰাজসাক্ষী কৰিব চান্দমাৰী আৰক্ষীয়ে। ইতিমধ্যে আদালতত ৩ প্ৰাৰ্থীৰ ষ্টেটমেন্ট ৰেকৰ্ড কৰাইছে আৰক্ষীয়ে। আনহাতে সোমবাৰে তিনিদিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ ওকলিল দ্বীবন ডেকাৰ। সেয়েহে সোমবাৰে পুনৰ CJM আদালতত হাজিৰ কৰোৱা হয় দ্বীবন ডেকাক। থানাৰ পৰা ওলাই যোৱাৰ সময়ত "মিডিয়াৰ terrorism চলিছে মোৰ ওপৰত" বুলি মন্তব্য কৰে দ্বীবন ডেকাই ৷

লগতে পঢ়ক: Mother Sold Minor Daughter : নাবালিকা কন্যাক বিক্ৰী কৰি মাতৃ পলাল প্ৰেমিকৰ সৈতে; মধ্যস্থতাকাৰীসহ গ্ৰেপ্তাৰ ক্ৰেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.