গুৱাহাটী,৩০ মে’: সোমবাৰে স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউটৰ মুখ্য চিকিৎসা সঞ্চালক অধ্যাপক সুভাষ খান্নাই এখন সংবাদমেল আয়োজন কৰি স্বাগত ছুপাৰস্পেচিয়েলিটি ছাৰ্জিকেল ইনষ্টিটিউট আৰু এন এইচত যকৃৎ সংৰোপন সেৱা শীঘ্ৰে আৰম্ভ কৰাৰ কথা ঘোষণা কৰে (Lever transplant will start soon in Swagat Super Speciality Hospital) ৷
তেওঁ কয়, "সম্প্ৰতি দেশৰ বিভিন্ন স্থানত বৃক্ক সংৰোপন এক স্বাভাৱিক প্ৰক্ৰিয়া হৈ পৰিছে যদিও যকৃতৰ সংৰোপনৰ বাবে চৰকাৰী অনুমতি লাভ কৰাটো যথেষ্ট জটিল প্ৰক্ৰিয়া । কিয়নো ইয়াৰ বাবে প্ৰয়োজন হ’ব বিভিন্ন অত্যাধুনিক সা সুবিধা । এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অংগ সংৰোপনৰ ৰোগীসকলে বহুখিনি সকাহ লাভ কৰিব পাৰিব বুলি সুভাষ খান্নাই কয় ।
লগতে তেওঁ কয়, "যকৃৎ সংৰোপন এক যথেষ্ট কষ্টকৰ প্ৰক্ৰিয়া, য’ত বিশেষজ্ঞসকলৰ বিশেষ তদাৰকৰ লগতে প্ৰয়োজন হয় ব্যয়বহুল পৰীক্ষাৰ আৰু ইয়াৰ পিছত অস্ত্ৰোপচাৰ হৈ যোৱাৰ পিছতো সুদীৰ্ড সময় ৰোগীগৰাকীয়ে আই চি ইউত থাকিবলগীয়া হয় ।"
"সংৰোপনৰ সময়ত ইন্টাৰভেনছন ৰেডিঅলজিষ্ট আৰু ইন্টাৰভেনছন কাৰ্ডিঅলজিষ্ট থকা কেথ লেবৰো প্ৰয়োজন হ’ব বুলি মন্তব্য কৰি স্বাগত ছুপাৰ স্পেচিয়েলিটিত এই ব্যৱস্থাও ৰখা হৈছে বুলি মন্তব্য কৰে মুখ্য চিকিৎসা সঞ্চালক অধ্যাপকগৰাকীয়ে ।
লগতে পঢ়ক : সিদ্ধু মুছেৱালা হত্যাকাণ্ড: উত্তৰাখণ্ডত গ্ৰেপ্তাৰ এজন অভিযুক্ত
তাৰোপৰি, "চিকিৎসাৰ উপৰিও ৰোগীগৰাকীয়ে সুদীৰ্ঘ সময় চিকিৎসালয়ত থাকিবলগীয়া হয় আৰু গোটেই জীৱন নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল’বলগীয়া হয় । এনে পৰিস্থিতিত এটা পৰিয়ালে চিকিৎসাজনিত ঋণ ল’বলৈও বাধ্য হৈ পৰে" বুলি উল্লেখ কৰে অধ্যাপকগৰাকীয়ে । লগতে, ভাৰতৰ মেট্ৰ’ চহৰসমূহত বৰ্তমান এনে অস্ত্ৰোপচাৰৰ ব্যয় ৩০-৪০ লাখ টকা আৰু যকৃৎ সংৰোপন কৰিব পৰাকৈ আমাৰ দেশত বৰ্তমান ৩-৪ টা প্ৰতিষ্ঠানহে আছে বুলি মন্তব্য কৰে সুভাষ খান্নাই ।
ইয়াৰোপৰি, "স্বাগত হাস্পতালে এনে চিকিৎসাৰ ব্যয় হ্ৰাস কৰিব বিচাৰিছে । আমাৰ অঞ্চলত যকৃতৰ গুৰুতৰ ৰোগত ভুগি থকা লোকৰ সংখ্যা বৃদ্ধি আৰু যকৃতৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱৰ বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী নাগৰিকৰ বাবেই স্বাস্থ্য বীমাৰ যথেষ্ট প্ৰয়োজন আছে" বুলি মন্তব্য কৰে সঞ্চালক অধ্যাপক সুভাষ খান্নাই ।
লগতে পঢ়ক : বটদ্ৰৱা কাণ্ডৰ আন এগৰাকী মহিলা অভিযুক্তৰ আত্মসমৰ্পণ