ETV Bharat / state

পদ প্ৰাদেশিকীকৰণৰ দাবীৰে ভুক্তভোগী শিক্ষকৰ সংবাদমেল

author img

By

Published : Nov 18, 2020, 4:29 PM IST

গুৱাহাটী প্ৰেছ ক্লাবত ২০১৩ চনত প্ৰাদেশিকৃত অসমৰ প্ৰাথমিক বিদ্যালয়সমূহৰ অপ্ৰাদেশিকৃত শিক্ষকৰ সংবাদমেল ৷ শীঘ্ৰে পদ প্ৰাদেশিকীকৰণৰ দাবী ৷

left out teacher
left out teacher

গুৱাহাটী, ১৮ নৱেম্বৰ : বৰ্তমান সময়ত গোটেই অসমতে শিক্ষকসকলৰ সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিছে । 2013 চনত অসমৰ বহু অপ্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হৈছে । সেই মতে পাঠদান দিয়া প্ৰাথমিক বিদ্যালয়সমূহো প্ৰাদেশীকৰণ কৰা হৈছিল । প্ৰাথমিক বিদ্যালয়ৰ দুটাকৈ পদ অনুমোদিত আৰু মঞ্জুৰী কৰা হৈছিল যদিও তাৰে কিছুমান শিক্ষাগত যোগ্যতা আৰু নানা কাৰণত সেই মঞ্জুৰীকৃত আৰু অনুমোদিত হোৱা পদবোৰ ৰৈ যায় । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ২০১৩ চনত প্ৰাদেশীকৃত অসমৰ প্ৰাথমিক বিদ্যালয়সমূহৰ ভুক্তভোগী শিক্ষকসকলে এক সংবাদমেল যোগে এই অভিযোগ ব্যক্ত কৰে ৷

পদ প্ৰাদেশিকীকৰণৰ দাবীৰে ভুক্তভোগী শিক্ষকৰ সংবাদমেল

জানিব পৰা মতে, শিক্ষাগত অৰ্হতাৰ বাবে তেওঁলোকৰ পদবোৰ প্ৰাদেশীকৰণৰ পৰা ৰৈ যায়। যাৰ বাবে তেওঁলোক Left out Teacher হিচাপে পৰিগণিত হয় । শিক্ষা বিভাগৰ এক নিৰ্দেশনা মৰ্মে কোৱা হয় যে 05/09/2011 ৰ পৰা 05/09/2016 লৈকে শিক্ষাগত অৰ্হতা সম্পন্ন কৰিলে পদবোৰ প্ৰাদেশীকৰণ কৰা হ’ব । সেইমতে যোগ্যতা সম্পন্ন কৰি জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে শিক্ষকসকলে তেওঁলোকৰ নথিসমূহ সঞ্চালকালয়লৈ প্ৰেৰণ কৰে । কিন্তু আজিলৈকে কোনো ফলাফল নাপালে । ইতিমধ্যে তেওঁলোকে প্ৰাথমিক শিক্ষা প্ৰাদেশীকৰণ আইনৰ আটাইকেইটা কাৰণ পৰিপূৰণ কৰাৰ লগতে শেহতীয়াকৈ চৰকাৰী নিৰ্দেশনামৰ্মে D.El.Ed(Diploma in Elementary Education)উত্তীৰ্ণ হোৱা স্বত্বেও কিয় তেওঁলোকৰ পদবোৰ প্ৰাদেশীকৰণ কৰা নহ’ল সেয়া এক প্ৰশ্ন বিষয় হৈ ৰৈছে ।

বিদ্যালয়ত পাঠদান দিয়াৰ লগতে প্ৰাথমিক খণ্ড শিক্ষা বিষয়াৰ পৰা আৰম্ভ কৰি শিক্ষা মন্ত্ৰীগৰাকীৰ কাৰ্যালয়লৈ গৈ কাকূতি মিনতি কৰিও কোনো সঁহাৰি লাভ নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে শিক্ষক সকলে । আনহাতে, বিগত 16 মাৰ্চত শিক্ষা মন্ত্ৰীক স্মাৰক পত্ৰৰ যোগেদি শিক্ষকসকলৰ সমস্যাসমূহৰ কথা অৱগত কৰাত শিক্ষা মন্ত্ৰীয়ে সঞ্চালকক কামবোৰ আগবঢ়াই নিবলৈ নিৰ্দেশ দিছে যদিও বৰ্তমানলৈকে সেয়া হৈ উঠা নাই বুলি শিক্ষক সকলে আক্ষেপ কৰে ।

লগতে পঢ়ক : বিহাৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী ৰেণু দেৱী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.