ETV Bharat / state

একাধিক দাবীৰে গুৱাহাটী উত্তাল কৰিলে কেইবাটাও সংগঠনে - BJP govt in Guwahati

জনবিৰোধী নীতি বাতিল তথা সাম্প্ৰদায়িক ৰাজনীতিৰ বন্ধ কৰাৰ দাবীৰে মহানগৰীত প্ৰতিবাদ ৷ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচন আৰু সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত এই প্ৰতিবাদ ৷

AITUC Holds Protest in Guwahati
মহানগৰীত প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 4:06 PM IST

সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ

গুৱাহাটী, 26 নৱেম্বৰ : বিজেপি চৰকাৰৰ শ্ৰমিক, কৃষক তথা জনবিৰোধী নীতি বাতিলৰ দাবীত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ ৷ মহানগৰীৰ মেঘদূত ভৱনৰ সমীপত দেওবাৰে সহস্ৰাধিক প্ৰতিবাদকাৰী সমৱেত হৈ হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ 11 খন জিলাৰ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৷

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচন আৰু সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ কৃষকৰ উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমর্থন মূল্য আদায় পোৱাটো নিশ্চিত কৰা, চৰকাৰে আন্দোলনকাৰী কৃষকক দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে পালন কৰা, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা (ক’ড) বাতিল কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলি 26,000 টকা ধার্য কৰি শীঘ্ৰেই চৰকাৰী জাননী জাৰি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে চাহ শ্ৰমিকক দৈনিক মজুৰি 661 টকা আদায় দিয়া, আঁচনিভুক্ত কৰ্মচাৰীসকলক মাননিৰ সলনি উপযুক্ত মজুৰি প্ৰদান কৰা, ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপ লাইন বাতিল কৰা, দেশৰ অতি ধনীসকলৰ পৰা অতিৰিক্ত কৰ (Corporate Tax) সংগ্ৰহ কৰি কৃষিখণ্ড, শিক্ষা, স্বাস্থ্য আদি জনহিতকৰ কামত চৰকাৰী ব্যয় বৃদ্ধি কৰা, সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ ওপৰত অসম চৰকাৰে জাৰি কৰা মাচুল প্ৰত্যাহাৰ কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ৰাজ্যপাললৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী সংগঠনকেইটাই ৷

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ উপৰিও ৰাজ্যৰ আন চাৰিটাকৈ স্থানটো সাব্যস্ত কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ শিলচৰ, ডিব্ৰুগড়, তেজপুৰ আৰু বঙাইগাঁৱত এই সংগঠন কেইটাই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

লগতে পঢ়ক : নতুন কৰ আৰোপৰ বিৰোধিতাৰে ডুমডুমাত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.