ETV Bharat / state

নেতা-পালি নেতাক ৰাজনৈতিক সংস্থাপনৰ বাবে তৎপৰ মিত্ৰজোঁট

author img

By

Published : Jun 2, 2021, 7:36 PM IST

এমাহ সম্পূৰ্ণ কৰিব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰশক্তিৰ চৰকাৰে । কিন্তু এতিয়াও এটা দৰকাৰী কাম কৰা নাই এই চৰকাৰ খনে । সেয়া হ’ল ৰাজনৈতিক সংস্থাপন ।‌‌ ইয়াকে লৈ মিত্ৰজোঁটৰ তিনিওটা দলৰ‌ নেতা পালিনেতা সকলৰ অপেক্ষাৰ শেষ নাই ।‌‌ তালিকাত উঠিব কাৰ নাম বা সৰি পৰিব কোন ! তাকে লৈ বিজেপি, অগপ আৰু ইউ পি পি এল দলৰ ভিতৰচ’ৰাত অব্যাহত আছে অন্তহীন চৰ্চা ।

leader-pali-leader-is-in-a-ready-for-political-establishment
নেতা-পালি নেতাক ৰাজনৈতিক সংস্থাপনৰ বাবে তৎপৰ

গুৱাহাটী, ২ জুন : দিছপুৰত নতুন চৰকাৰে শপত লোৱাৰ পিছত এতিয়া অপেক্ষাৰ ক্ষণ গনিছে ৰাজনৈতিক সংস্থাপনৰ বাবে উদ্বাউল নেতা-পালিনেতা সকলে ।‌‌ সাধাৰণতে চৰকাৰ গঠনৰ পিছতেই ৰাজ্য চৰকাৰৰ অধীনত থকা নিগম, নিকায় আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহত দল তথা দল-চৰকাৰৰ শুভাকাংক্ষী লোকক অধ্যক্ষ, উপাধ্যক্ষ আদি পদত ৰাজনৈতিক সংস্থাপন দিয়াটো এক পৰম্পৰা । সেই অনুসৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে আৰু কেইদিনমানৰ পিছতে ৰাজনৈতিক সংস্থাপনৰ বিষয়টো সম্পূৰ্ণ কৰিব ।‌‌

বিজেপিৰ এক সূত্ৰই জনোৱা অনুসৰি অতি সোনকালেই ৰাজ্য চৰকাৰৰ অধীনত থকা 40 টাৰো অধিক নিগম নিকায় আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত অধ্যক্ষ আৰু উপাধ্যক্ষ নিয়োগ প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব ।‌‌ বিগত চৰকাৰৰ আমোলত এনেদৰে সংস্থাপিত হোৱা সকলৰো একাংশ নেতা কৰ্মীক সামৰি বিজেপি য়ে ৩০ জনীয়া লোকৰ তালিকা প্ৰস্তুত কৰি‌ মুখ্য মন্ত্ৰী ৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে ।‌‌ একেদৰে অগপ আৰু ইউ পি পি এল দলেও দহজনীয়া কৈ একোখন তালিকা প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে । কিছু আনুষ্ঠানিক তাৰ পিছতে এই তালিকা সমূহত চীল-মোহৰ পৰিব ।

উল্লেখযোগ্য যে, অসমত 40 টাৰো অধিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে যদিও তাৰে প্ৰায় 25 টা প্ৰতিষ্ঠানক চৰকাৰীভাৱে লোকছানত চলা প্ৰতিষ্ঠান হিচাবে চিহ্নিত কৰা হৈছে । এনে লোকচানত চলা প্ৰতিষ্ঠান সমূহৰ ভিতৰত অন্যতম হৈছে- অসম ক্ষূদ্ৰ উদ্যোগ উন্নয়ন নিগম, অসম চাহ নিগম, অসম ৰাজ্যিক সাৰ আৰু ৰসায়ন লিমিটেড, অসম পেট্ৰ’কেমিকেল লিমিটেড, অশোক কাগজ কল, অসম চৰকাৰৰ বিপনন নিগম, অসম পশুধন আৰু হাঁহ কুকুৰা নিগম, অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম, অসম আৰক্ষী গৃহ নিৰ্মাণ নিগম, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড, অসম পলিষ্টাৰ কো অপাৰেটিভ লিমিটেড, অসম ৰাজ্যিক হাউছিং বোৰ্ড, অসম নগৰ পানী যোগান আৰু পয়-প্ৰনালী পৰিষদ, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ ইত্যাদি ।

মন কৰিবলগীয়া যে, বিগত দীৰ্ঘকাল ধৰি উৎপাদনহীন হৈ থকা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহ বন্ধ কৰি‌ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বিয়োজন নীতিৰ অধীনত সিদ্ধান্ত ল'বলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহক কেইবাবাৰো সকীয়াই দিছিল । নীতি আয়োগেও এই সন্দৰ্ভত ৰাজ্য সমূহক নিৰ্দেশনা দিছিল ।

কিন্তু ৰাজকোষৰ পুঁজি অপব্যৱহাৰ হৈ থকা এনে প্ৰতিষ্ঠান সমূহতে প্ৰতিখন চৰকাৰে ৰাজনৈতিক সংস্থাপন ৰ দিহা কৰি আহিছে ।‌‌ কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে যিহেতু বহু সংস্কাৰৰ প্ৰতিশ্ৰুতি দি দায়িত্ব লৈছে সেয়ে এই চৰকাৰ খনে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব ।

তথ্য অনুসৰি এইবাৰ 2 পৰ্যায়ত নিগম নিকায় আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহত ৰাজনৈতিক সংস্থাপনৰ ব্যৱস্থা কৰা‌ হ’ব ।‌‌ ইয়াত সামৰি লোৱা হ'ব 22 পৰা 25 টা নিগম নিকায় । ইয়াৰে 17 পদ থাকিব বিজেপিৰ হাতত । বাকী দহ টা প্ৰতিষ্ঠানত নিয়োজিত হ'ব অগপ আৰু ইউ পি পি এলৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী ।

আনহাতে, দলৰ সূত্ৰটোৰ মতে বিগত চৰকাৰৰ সময়ত যি সকল দলীয় নেতা কৰ্মীয়ে ৰাজনৈতিক সংস্থাপনৰ অংশীদাৰ হৈছিল, তেওঁলোকৰ ভালে সংখ্যকে এইবাৰ হয়টো দায়িত্বৰ পৰা বঞ্চিত হ’ব বা‌ আন প্ৰতিষ্ঠানত হে নিয়োজিত হ'ব । দলে ইতিমধ্যে প্ৰস্তুত কৰা তালিকাত তেনে ধৰণৰ কথাক অগ্ৰাধিকাৰ দিয়া হৈছে ।

লগতে পঢ়ক :ডিমা হাচাওত সন্দেহযুক্ত এন এছ চি এন (আইএম) সদস্য গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.