গুৱাহাটী, 30 মে': আৰক্ষীৰ জিম্মাত বটদ্ৰৱাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলামৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । উল্লেখ্য যে দেওবাৰে নিশা আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত হৈছিল বটদ্ৰৱাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলাম ৷
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আশ্বিকুল ইছলামে ৷ বটদ্ৰৱাকাণ্ডৰ মাষ্টাৰ মাইণ্ড বুলি চিহ্নিত হোৱা আশ্বিকুল ইছলাম দেওবাৰে নগাঁও আৰক্ষীৰ জালত পৰিছিল ৷ উক্ত ঘটনা সংঘটিত হোৱাৰ দিনা আশ্বিকুল ইছলামেই থানা জ্বলাই দিয়াৰ বাবে একাংশ লোকক উচটনি দিয়া বুলি অভিযোগ উত্থাপন হৈছিল ৷
আৰক্ষীৰ জিম্মাত আশ্বিকুল ইছলামৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে যোৱা দহ দিনত আৰক্ষীৰ জিম্মাত দুগৰাকী লোকৰ মৃত্যু হৈছে । আৰক্ষীৰ জিম্মাত কয়দীৰ এনেধৰণে মৃত্যু হোৱাতো অসম আৰক্ষীৰ বাবে লজ্জাজনক আৰু আশ্চৰ্যকৰ । তেওঁ কয় - " অসম আৰক্ষীত কিছু অসম বিৰোধী শক্তি জড়িত আছে । এই শক্তিবোৰে এই ধৰণৰ ঘটনা সংঘটিত কৰি আছে।"
লগতে পঢ়ক: Batadrava PS Incident: গাড়ীৰ খুন্দাত নিহত বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল