ETV Bharat / state

Congress candidates list: কংগ্ৰেছৰ প্ৰস্তাৱিত প্ৰাৰ্থী তালিকাক লৈ কি ক'লে বিৰোধী দলপতিয়ে ?

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 6:31 PM IST

Updated : Oct 15, 2023, 6:57 PM IST

কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ প্ৰস্তাৱিত তালিকা সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, এটা অনৰ্থক বিতৰ্ক কৰা হৈছে ৷ কংগ্ৰেছক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা লোকক প্ৰাৰ্থিত্ব দিলে নিশ্চয় আপত্তি থাকিব বুলি মন্তব্য কৰে তেওঁ ৷

Leader of Opposition Debabrata Saikia
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

প্ৰস্তাৱিত তালিকা সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১৫ অক্টোবৰ : কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ প্ৰস্তাৱিত তালিকা সন্দৰ্ভত অৱশেষত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ উল্লেখ্য যে বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১২ টাকৈ বিৰোধী ৰাজনৈতিক দল ৷ এই বিৰোধী ঐক্যমঞ্চত আসন ভাগ-বটোৱাৰাক লৈ কোনো ধৰণৰ আলোচনা হোৱাৰ পূৰ্বেই শেহতীয়াকৈ ৰাজহুৱা হৈছে কংগ্ৰেছৰ এখন প্ৰস্তাৱিত প্ৰাৰ্থী তালিকা ৷

১৪ টা লোকসভা সমষ্টিৰ বাবে ৮৪ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ পাইছে ৷ যাক লৈ বিৰোধী ঐক্য মঞ্চত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই তালিকা সন্দৰ্ভত অৱশেষত মুখ খুলিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয় যে এটা অনৰ্থক বিতৰ্ক কৰা হৈছে ৷ প্ৰকৃততে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাখন কংগ্ৰেছে কৰা নাই ৷ প্ৰাৰ্থিত্বৰ আশা কৰা সকলৰ নাম আলোচনা কৰা হৈছিল আৰু তেওঁলোকৰ নাম সংগ্ৰহ কৰা হৈছিল ৷

তেওঁ লগতে কয় যে বিগত বিধানসভা নিৰ্বাচনতো তেনেদৰে তালিকা প্ৰস্তুত কৰা হৈছিল ৷ আনহাতে মনোনয়ন নোপোৱা সকলক পত্র প্ৰেৰণ কৰি দলৰ কামত আত্মনিয়োগ কৰাৰ বাবে আহ্বান জনোৱা হৈছিল ৷ লগতে টিকট দিব নোৱাৰাৰ বাবে সহানুভূতি প্ৰদৰ্শন কৰা হৈছিল ৷ তেওঁ লগতে কয় যে এতিয়া ৮৪ জন হ'লেও আমিও জানো যে I.N.D.I.A এলাইয়েন্স হ'লে কংগ্ৰেছে ১৪ খন আসনত প্ৰাৰ্থিত্ব দিব নোৱাৰিব পাৰো ৷ কিন্তু এতিয়াই মিত্রতাৰ কথা কৈ প্ৰাৰ্থিত্ব দিব নোৱাৰো বুলি ক'লে দলৰ লোকচান হ'ব ৷ এইটো কথা সঁচা যে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বহুতে বিচাৰিছে আৰু বহুতে বিচাৰিব পাৰে ৷

তেওঁ লগতে জয়ৰ নিশ্চয়তা থকা প্ৰাৰ্থীক দিব পাৰিলে ভাল হয় যদিও কংগ্ৰেছক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা লোকক প্ৰাৰ্থিত্ব দিলে নিশ্চয় আমাৰ আপত্তি থাকিব বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, কংগ্ৰেছ দলৰ প্ৰতি আনুগত্য থকাসকলে প্ৰাৰ্থীত্ব পাব লাগে ৷ আনহাতে তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে মুখ্যমন্ত্রীয়ে বিৰোধীক লৈ চিন্তা কৰাৰ কথাটো অনৰ্থক ৷ তেওঁ লগতে কয় যে কংগ্ৰেছে সকলোকে লগত লৈ আগবাঢ়ি যাব বিচাৰে ৷ ইয়াত শ্ৰেণী বিভাজনৰ কথা নাই ৷

লগতে পঢ়ক : Chaange Chaange Congress: মিচিং জনগোষ্ঠীক উপেক্ষা কৰাৰ অভিযোগ মিচিং বিজেপি নেতাৰ বিৰুদ্ধে

Last Updated : Oct 15, 2023, 6:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.