ETV Bharat / state

Mughal Empire controversy: ইতিহাস নষ্ট কৰাৰ পৰিকল্পিত ষড়যন্ত্র বিজেপিৰ; দেৱব্ৰত শইকীয়া

author img

By

Published : Apr 5, 2023, 10:10 PM IST

ৰাজ্যত অব্যাহত আছে মোগল বিতৰ্ক । এইবাৰ মোগল বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনে বীৰত্বৰে যুঁজ দিয়াৰ বিষয়ে বিশ্ববাসীক জনোৱাৰ বাবেই অসম চৰকাৰে ৪০০ কোটি টকা খৰচ কৰাৰ পাছত মোগলৰ ইতিহাস নোহোৱা কৰাৰ উদ্দেশ্য কি বুলি মন্তব্য কৰে শইকীয়াই (Mughal Empire controversy) ।

Debabrat Saikia reacts on Mughal controversy
ইতিহাস নষ্ট কৰাৰ পৰিকল্পিত ষড়যন্ত্র বিজেপিৰ: দেৱব্ৰত শইকীয়া

গুৱাহাটী, ৫ এপ্ৰিল: ‘‘ইতিহাস নাইকীয়া কৰিব বিচাৰিলে ভুল পদক্ষেপ হ'ব । পুৰণিখিনি অধ্যয়ন কৰিলে বহুত নতুন বস্তু শিকিব পাৰি । ইতিহাস নতুনকৈ ৰচিব নোৱাৰি ।’’ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । 'মোগল' বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বুধবাৰে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, মোগলৰ স্থাপত্যৰ প্ৰভাৱ অসমৰ কৃতীচিহ্ন সমূহত আছে (Debabrat Saikia reacts on Mughal controversy) ।

তেনেস্থলত ইতিহাস নাইকিয়া কৰিব বিচাৰিলে অতি ভুল পদক্ষেপ হ'ব । ইতিহাস অধ্যয়ন কৰাটো দৰকাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে, চৰকাৰৰ এনে পদক্ষেপে হিতে বিপৰীত কৰিব । কি কাৰণে চৰকাৰে এনে কৰিব বিচাৰিছে ধৰিব পৰা নাই । ইতিহাস জনাটো অতি প্ৰয়োজনীয় আৰু সকলোখিনি থকাটো দৰকাৰ (Mughal History controversy) । তেওঁ লগতে কয় যে, মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনে বীৰত্বৰে যুঁজ দিয়াৰ বিষয়ে বিশ্ববাসীক জনোৱাৰ বাবেই অসম চৰকাৰে ৪০০ কোটি টকা খৰচ কৰিলে ।

বিজেপি চৰকাৰে তেওঁলোকৰ হজম নোহোৱা কিছুমান ইতিহাস পাঠ্যপুথিৰ পৰা আঁতৰাব বিচাৰিছে (Exclusion of mughal empire from NCERT syllabus) । কিন্তু ইতিহাস নতুনকৈ ৰচনা কৰিব নোৱাৰি । ইতিহাস সদায় ইতিহাস হৈ থাকিব দিব লাগে । মোগল বুৰঞ্জী আঁতৰাব বিচাৰিলেই ভাৰতৰ বাহিৰৰ মানুহে পঢ়িবই । চৰকাৰে বিচৰা ধৰণে নিৰ্দ্দিষ্ট কিছু অধ্যায় অধ্যয়ন কৰিলে অজ্ঞ হৈ থাকিব লাগিব । তাজমহল আৰু কুতুবমিনাৰ ভাঙি মন্দিৰ নিৰ্মাণ কৰিব লাগে বুলি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্যক তেওঁ দুখজনক আখ্যা দিয়ে ।

তেওঁ কয় যে, এনেদৰে কোৱাৰ আঁৰত সামাজিকৰ লগতে ৰাজনৈতিক কাৰণ আছে (Exclusion of mughal empire controversy) । বিজেপি চৰকাৰে দেশৰ ইতিহাস নষ্ট কৰাৰ পৰিকল্পিত ষড়যন্ত্র কৰা বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক: Financial scam in Majuli: ঋণৰ নামত পতি-পত্নীয়ে মিলি লুটিলে গ্ৰাহকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.