ETV Bharat / state

Assam Direct Recruitment: চতুৰ্থ বৰ্গৰ চাকৰিৰ মৌখিক পৰীক্ষাক লৈ সৰৱ বিৰোধী দলপতি

author img

By

Published : Oct 21, 2022, 4:22 PM IST

চৰকাৰে চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত কৰিব লগা মৌখিক পৰীক্ষাৰ (Viva for 4th grade recruitment) প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিয়োগ প্ৰক্ৰিয়াৰ স্বচ্ছতা বৰ্তাই ৰখাৰ আহ্বান জনাইছে বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই (Leader of opposition Debabrata Saikia opposed) ।

Leader of opposition Debabrata Saikia opposed decision to conduct viva for 4th grade recruitment
চতুৰ্থ বৰ্গৰ চাকৰিৰ মৌখিক পৰীক্ষাক লৈ সৰৱ বিৰোধী দলপতি

গুৱাহাটী,২১ অক্টোবৰ: ৰাজ্য চৰকাৰে চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে মৌখিক পৰীক্ষা (Viva for 4th grade recruitment) অনুষ্ঠিত কৰিব বিচৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধীতা কৰিছে । এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিয়োগ প্ৰক্ৰিয়াৰ স্বচ্ছতা বৰ্তাই ৰখাৰ আহ্বান জনাইছে বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই (Leader of opposition Debabrata Saikia opposed) ।

তেওঁ কয় যে বিগত ২০১৫ চনৰ ২৫ অক্টোবৰত 'মন কি বাত' (Mann Ki Baat) অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল যে দেশত চলি থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিয়োগ প্ৰক্ৰিয়াত সাক্ষাৎকাৰ পৰ্যায়ত হোৱা ব্যাপক দুর্নীতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল (Narendra Modi tweet on viva) । সেইমৰ্মে তেওঁ উল্লেখ কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰত গোট 'ডি', গোট 'চি' আৰু গোট 'বি'ৰ অ-ৰাজপত্ৰিত পদসমূহৰ বাবে কোনো সাক্ষাৎকাৰ নাথাকিব ।

এই নতুন নিৰ্দেশনা মোদীয়ে ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলিও লগতে প্ৰকাশ কৰিছিল । সেই অনুসৰি সচিব সমিতিয়ে দিয়া পৰামৰ্শৰ আধাৰত ভাৰত চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে ইতিমধ্যে গ্ৰুপ 'বি'(নন-গেজেটেড), গ্ৰুপ 'চি', গ্ৰুপ 'ডি' আৰু সকলো সমতুল্য পদত কনিষ্ঠ পৰ্যায়ৰ পদত সাক্ষাৎকাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে বুলি ২০১৫ চনৰ ১৬ নৱেম্বৰত এক নিৰ্দেশনাও প্ৰকাশ কৰে ।

উক্ত নিৰ্দেশনাত আনকি এই কথাও উল্লেখ আছিল যে এই প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পৰাকৈ বিভিন্ন দিশ আগত ৰাখি ২০১৫ চনৰ ১৬ নৱেম্বৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ নিৰ্ধাৰিত ব্যক্তিসকলৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে এক কর্মশালাৰো আয়োজন কৰিছিল ।

তাত আনকি এই কথাও কোৱা হৈছিল যে ২০১৫ চনৰ ৪ ছেপ্টেম্বৰত ৰাজ্যসমূহৰ মুখ্য সচিব আৰু ২০১৫ চনৰ ২৯ ছেপ্টেম্বৰত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকললৈ এই বিষয়ে নিৰ্দেশনা থকা পত্ৰও প্ৰেৰণ কৰা হৈছিল । সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা পালন কৰি অসমৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিয়োগ প্ৰক্ৰিয়াত সাক্ষাৎকাৰৰ ব্যৱস্থা উঠাই দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই লগতে কয় যে ইতিমধ্যেই ভাৰতৰ প্ৰায় ১৮ খন ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত অনুসৰণ কৰি আহিছে । তেনেস্থলত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বিগত ১৮ অক্টোবৰত ঘোষণা কৰা চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফলৰ (Assam recruitment exam result) পিছত পুনৰ মাত্ৰ ৫ নম্বৰৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰিব বিচৰা কাৰ্যই প্ৰকৃততে এই নিয়োগ প্ৰক্ৰিয়া যে স্বচ্ছ আৰু নিকা কেতিয়াও নাছিল সেয়াই প্ৰমাণ কৰিছে বুলি তেওঁ অভিযোগ কৰে ।

যি পৰীক্ষাৰ ফলাফলত কোনো প্ৰাপ্ত নম্বৰৰ সবিশেষ, কাট অফ মার্ক, কোনো জিলাভিত্তিক তালিকা অথবা একোৰে বিতং তথ্য দিয়া হোৱা নাই, তেনে এটা ধূসৰ ফলাফল ঘোষণা কৰি পৰীক্ষার্থীসকলক পুনৰ সাক্ষাৎকাৰৰ বাবে মাতি অনা কাৰ্য্যক তেওঁ গৰিহণা দিয়ে । নিয়োগ প্ৰক্ৰিয়াৰ স্বচ্ছতা বৰ্তাই ৰাখি অতিশীঘ্ৰে পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে তেওঁলোকৰ ব্যক্তিগত অ' এম আৰ শ্বীটৰ প্ৰতিলিপি আৰু পৰীক্ষা তদাৰকী সংস্থাৰ আনুষ্ঠানিক উত্তৰৰ প্ৰতিলিপি (Answer Key) ৰাজহুৱা কৰি ৱেবচাইটত উপলব্ধ কৰিবৰ বাবে তেওঁ দাবী জনায় ।

লগতে সকলো শ্ৰেণীৰ সংৰক্ষণ ব্যৱস্থা অনুসৰি প্ৰত্যেকৰে কাট অফ মার্ক ফলাফল ঘোষণাৰ এসপ্তাহৰ ভিতৰত ঘোষণা কৰিবৰ বাবেও তেওঁ দাবী উত্থাপন কৰে । কিহৰ ভিত্তিত এই ফলাফল দিয়া হ'ল, তাক ৰাজহুৱা নকৰাকৈ ফলাফল দিয়া কাৰ্যই প্ৰকৃততে এই প্ৰক্ৰিয়াত অসম চৰকাৰে কেৱল মাত্ৰ বাহ বাহ লোৱাৰ বাবেই খৰতকীয়াকৈ সকলো কাম সম্পন্ন কৰিবৰ বাবে চেষ্টা কৰিছে বুলি তেওঁ অভিযোগ কৰে । ইয়াৰ দ্বাৰা প্ৰকৃতাৰ্থত পৰীক্ষাৰ্থীসকলৰ যথেষ্ট ক্ষতি কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে ।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মানি চতুৰ্থ বৰ্গৰ চাকৰিৰ নিয়োগ বাছনিৰ ক্ষেত্ৰত মৌখিক পৰীক্ষা ব্যৱস্থাৰ পৰিৱৰ্তে কেৱল প্ৰথম পৰ্যায়ৰ লিখিত পৰীক্ষাত প্ৰাপ্য নম্বৰৰ ওপৰত ভিত্তি কৰি যোগ্যতাৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ নীতি-নিয়ম অনুসৰি উপযুক্ত প্ৰার্থী নিৰ্বাচন কৰিবলৈ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই দাবী জনায় ।

লগতে পঢ়ক: Assam Direct Recruitment: মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি চাকৰিৰ বজাৰ আৰম্ভ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.