ETV Bharat / state

বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত নহ’লে ভৱিষ্যৎ ৰাজনীতিত নেতিবাচক প্ৰভাৱ পৰিব: বিৰোধী দলপতি - Assam govt budget session

অসম বিধানসভাৰ চলিত বৰ্ষৰ শীতকালীন অধিবেশন এতিয়াও অনিশ্চয়তাত ৷ বিৰোধীৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ ভয়তে চৰকাৰে এই অধিৱেশন অনুষ্ঠিত নকৰাৰ কৌশল ৰচনা কৰিছে বুলি চৰ্চা চলিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

leader of Opposition Debabrat saikia
Assembly winter session
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 10:35 PM IST

অসম বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান

গুৱাহাটী, ২৭ নৱেম্বৰ: অসম বিধানসভাৰ আগন্তুক শীতকালীন অধিৱেশনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে অনিশ্চয়তাৰ ৷ বিধানসভা সচিবালয় বা ৰাজ্য চৰকাৰে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে এইপৰ্যন্ত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই যদিও কাৰ্যতঃ বাতিল কৰা হৈছে এই বহুচৰ্চিত অধিৱেশনখন ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

তেওঁ কয় যে বিধানসভাৰ বিভিন্ন অধিৱেশন কেবিনেট বৈঠকৰ দৰে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷ সেই অনুসৰি গুৱাহাটীৰ বাহিৰত প্ৰথমবৰাৰ বাবে কোকৰাঝাৰত অসম বিধান সভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠকতো এই সন্দৰ্ভত আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ দুবাৰকৈ কোকৰাঝাৰ ভ্ৰমণ কৰিছিল ।

তেওঁ লগতে কয় যে ২০১৮ চনতে তদানীন্তন বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি ডিচেম্বৰত বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল । বিধানসভাৰ‌ অধ্যক্ষই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি বিধানসভাৰ দিন ঠিক কৰি ৰাজ্যপালৰ অনুমতিৰ বাবে প্ৰেৰণ কৰিব লাগে ।‌ কিন্তু এইবোৰ একো কৰা হোৱা নাই ।

যদি এই পৰম্পৰা উলংঘা কৰা হয় তেতিয়া হ'লে অসমৰ বিধানসভাৰ ইতিহাসত ই কাললৈ থাকি যাব । অসমৰ ভৱিষ্যৎ ৰাজনীতিত ইয়াৰ বেয়া প্ৰভাৱ‌ পৰিব । গতিকে মুখ্যমন্ত্ৰীক এইক্ষেত্ৰত তৎপৰতা দেখুওৱাৰ বাবে শইকীয়াই দাবী জনায় ।‌ কোকৰাঝাৰত নহ’লেও দিছপুৰতে পৰম্পৰা ৰক্ষা কৰি বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে বিৰোধী দলপতিগৰাকীয়ে ।‌

উল্লেখযোগ্য যে বিধানসভা সচিবালয়ৰ এক সূত্ৰৰ মতে বড়োলেণ্ড প্ৰাদেশীয় বিধানসভা পৰিষদ ভৱনত ৪০জন পাৰিষদহে বহিব পৰাৰ ব্যৱস্থা আছে ৷ ভৱনটোত আৰু অধিক আসনৰ ব্যৱস্থা কৰাৰ সুবিধা নাই ৷ কিন্তু অসম বিধানসভাৰ বিধায়কৰ সংখ্যা ১২৬জন ৷ অধিৱেশন হ’লে এই ১২৬জন বিধায়ক ক’ত বহিব তাক কেন্দ্ৰ কৰি জটিল সমস্যাৰ সৃষ্টি হয় ৷

পৰিষদ ভৱনত যি ৪০ খন আসনৰ ব্যৱস্থা আছে তাৰ সংখ্যা ১২৬খনকৈ বৃদ্ধি কৰিবলৈ হ’লে বৰ্তমানৰটো ভাঙি সমস্ত ভৱনটোৱেই নতুনকৈ নিৰ্মাণ কৰিব লাগিব ৷ ইয়াৰ বাবে কোটি কোটি টকাৰ প্ৰয়োজন হ’ব ৷ এইমুহূৰ্তত অসম চৰকাৰৰ ৰাজকোষৰ অৱস্থা ইমান টনকিয়াল নহয় যে মাত্ৰ ৪/৫ দিনৰ বাবে বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰিব ৷ ইয়াৰ বাবে প্ৰয়োজন হ’ব বৃহৎ অংকৰ পুঁজি আৰু আন্তঃগাঁঠনিৰ ৷

কিন্তু ৰহস্যজনকভাৱে কোকৰাঝাৰত বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ পৰিকল্পনা ত্যাগ কৰিবলৈ বাধ্য হ’লেও বিধানসভাৰ গুৱাহাটীৰ স্থায়ী চৌহদতো এই অধিৱেশন অনুষ্ঠিত নকৰাৰ কৌশল গ্ৰহণ কৰিছে চৰকাৰে ৷

মূলতঃ বিৰোধীৰ সমালোচনা আৰু আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ কৌশল হিচাপে চৰকাৰে বিধানসভাৰ শীতকালীন অধিৱেশন এইবাৰ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মাজত শীতকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে চৰকাৰে ফেব্ৰুৱাৰী মাহত একেবাৰে বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ ৰণকৌশল গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক: বিধানসভাৰ শীতকালীন অধিবেশনত বিলম্ব; চৰকাৰক ভয়াতুৰ বুলিছে বিধায়ক কমলাক্ষই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.