ETV Bharat / state

আঞ্চলিক গণ মৰ্চাৰ সংগ ত্যাগ এল ডি পিৰ

author img

By

Published : Aug 30, 2020, 4:40 AM IST

আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বই শেহতীয়াকৈ যোৱা কেইদিনত 'বিজেপিক পৰাভূত কৰাৰ বাবে' কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰৰ লগত বুজাপৰা বা মিত্ৰতা কৰাৰ বাবে আগ্ৰহী হৈ উঠাৰ লগে লগে মৰ্চাৰ সহযোগী কেইবাটাও দল সংগঠন তথা ব্যক্তি বিশেষে অসন্তুষ্টি প্ৰকাশ কৰিছে । তেনে আভ্যন্তৰীণ মনোমালিন্যৰ কাৰণেই শনিবাৰে এই মৰ্চাৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছে লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি চমূকৈ এল ডি পিয়ে ।

regional peopled front
regional peopled front

গুৱাহাটী, 29 আগষ্ট : সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হোৱা আঞ্চলিক গণ মৰ্চাৰ অংশীদাৰ দল সমূহৰ মাজত আৰম্ভ হৈছে মতান্তৰ । তেনে আভ্যন্তৰীণ মনোমালিন্যৰ কাৰণেই শনিবাৰে এই মৰ্চাৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছে লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টি চমূকৈ এল ডি পিয়ে । দলটোৰ নেতা হলিৰাম টেৰাঙে সাংসদ অজিত কুমাৰ ভূঞাক এই কথা অৱগত কৰিছে ।

দলৰ এক সূত্ৰই ই টি ভিক জনোৱা মতে আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বই শেহতীয়াকৈ যোৱা কেইদিনত 'বিজেপিক পৰাভূত কৰাৰ বাবে' কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰৰ লগত বুজাপৰা বা মিত্ৰতা কৰাৰ বাবে আগ্ৰহী হৈ উঠাৰ লগে লগে মৰ্চাৰ সহযোগী কেইবাটাও দল সংগঠন তথা ব্যক্তি বিশেষে অসন্তুষ্টি প্ৰকাশ কৰিছে । আনকি সাংসদ অজিত কুমাৰ ভূঞাই বিভিন্ন ৰাজনৈতিক মন্তব্য কৰাৰ সময়ত তেওঁ পাহৰি গৈছে যে তেওঁৰ ব্যক্তিগত মন্তব্য মৰ্চাৰ মন্তব্য হ’ব নোৱাৰে । আৰু এনে প্ৰৱণতাৰ বাবেই এতিয়া আঞ্চলিক গণ মৰ্চাৰ স্থিতিক লৈ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে ।

সূত্ৰটোৰ মতে, অতি সোনকালেই আন কেইবাটাও দল এই মৰ্চাৰ পৰা আঁতৰি যোৱাৰ আশংকা স্পষ্ট হৈছে । এল ডি পিৰ অধ্যক্ষ হলিৰাম টেৰাঙে অজিত কুমাৰ ভূঞাক স্পষ্টভাবে জনায় দিয়ে যে মৰ্চাৰ কেতবোৰ মন্তব্য তথা কামকাজ দলৰ সদস্যসকলে অকনো ভাল পোৱা নাই আৰু সেই বাবেই তেওঁলোকে আঁতৰি অহাৰ সিদ্ধান্ত ল'লে ।

লগতে পঢ়ক : লক ডাউনৰ সময়ত বিপৰীত ছবি, সৰ্বকালৰ উচিত মূল্য লাভ কেচা চাহপাতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.