ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ পানীত ডুব গ'ল লক্ষ্মী-নাৰায়ণৰ মূৰ্তি

author img

By

Published : Jul 15, 2020, 12:52 PM IST

ৰাজ্যখনৰ অধিকাংশ জিলাতে বানে সংহাৰী ৰূপ লোৱাত নাজল-নাথল অৱস্থা হৈছে ৰাজ্যবাসীৰ ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে গতি কৰিছে ৷ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাত শেহতীয়াকৈ পানীত ডুব গৈছে ব্ৰহ্মপুত্ৰৰ বক্ষত থকা চক্ৰেশ্বৰ মন্দিৰৰ লক্ষ্মী-নাৰায়ণৰ মূৰ্তি ৷

Laxmi and Narayan statue in Chakreshwar temple completely submerged under water
ব্ৰহ্মপুত্ৰৰ পানীত ডুব গ'ল লক্ষ্মী-নাৰায়ণৰ মূৰ্তি

গুৱাহাটী,15জুলাইঃ কৰ'ণা ভাইৰাছৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া বানৰ বিভীষিকা ৷ বিপদসীমাৰ ওপৰৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । মঙলবাৰে নিশাৰ ভাগলৈ হুৰাহুৰে বৃদ্ধি হয় ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ বুধবাৰে এই পৰিমাণ কিছু হ্ৰাস পাই বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ হৈছে 50.69 মিটাৰ ৷

ইফালে মহাবাহুৰ বাঢ়নি পানীয়ে ইতিমধ্যেই বিভিন্ন স্থান বুৰাই পেলাইছে। মহানগৰীৰ কালীপুৰস্থিত চক্ৰেশ্বৰ দেৱালয়ৰ এটা অংশ বৰ্তমানৰ বানৰ কৱলত। ব্ৰহ্মপুত্ৰৰ বক্ষত থকা লক্ষ্মী-নাৰায়ণৰ মূৰ্তি ডুব গৈছে পানীৰ তলত । কেৱল নাগ দেৱতাৰ ওপৰ অংশহে পানীৰ ওপৰত আছে । প্ৰতিবছৰে মূৰ্তি ডুব যায় যদিও এইবাৰ কিন্তু লক্ষ্মী-নাৰায়ণৰ মূৰ্তি সম্পূৰ্ণৰূপে ডুব যোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ দ্বাৰা লুইতৰ জলস্তৰ কিমান হাৰত বৃদ্ধি পাইছে সেয়া উমান কৰিব পৰা গৈছে ৷

লগতে পঢ়কঃ ব্ৰহ্মপুত্ৰত উটি অহা হৰিণা ভক্ষণৰ চেষ্টা সদিলাপুৰত

For All Latest Updates

TAGGED:

Water level
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.