ETV Bharat / state

নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত বিজেপি চৰকাৰৰ আঁচনিৰ টোপঃ উদ্বোধন অৰুণোদয় আঁচনিৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মঙলবাৰে আমিনগাঁৱত শুভ উদ্বোধন কৰা হয়"অৰুণোদয়"নামৰ আন এখন চৰকাৰী অভিলাষী আঁচনিৰ ৷ প্ৰায় 22 লাখ লোক উপকৃত হ'ব লগা এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিমাহে ব্যয় কৰিব 200কোটি টকা ৷ বছৰি এই আঁচনিৰ নামত ব্যয় হ'ব 2,400 কোটি টকা ৷ এই আঁচনিৰ প্ৰথম অগ্ৰাধিকাৰ দিব্য়াংগ, বিধৱা মহিলাসকলে লাভ কৰাৰ লগতে অবিবাহিতা, দৰিদ্ৰ লোকসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি কয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Launch Of Arunoday Scheme
শুভ উদ্বোধন অৰুণোদয় আঁচনিৰ
author img

By

Published : Dec 1, 2020, 5:16 PM IST

গুৱাহাটী,1ডিচেম্বৰঃ 2021ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ সৰ্বসাধাৰণ ৰাইজক আঁচনিৰ টোপ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ৷ মঙলবাৰে আমিনগাঁৱত শুভ উদ্বোধন কৰা হয়"অৰুণোদয়"নামৰ আন এখন চৰকাৰী অভিলাষী আঁচনিৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰা এই আঁচনিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজাকে আদি কৰি ৰাজ্য চৰকাৰৰ বহুকেইগৰাকী শীৰ্ষ বিষয়া ৷

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয় যে, এই আঁচনি সৰ্ববৃহৎ-সৰ্বব্যাপী জনকল্যাণমূলক আঁচনি ৷ দেশত বা আন ৰাজ্যত এনেধৰণৰ কোনো আঁচনি নাই ৷ প্ৰায় 22 লাখ লোক উপকৃত হ'ব লগা এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিমাহে ব্যয় কৰিব 200কোটি টকা ৷ বছৰি এই আঁচনিৰ নামত ব্যয় হ'ব 2,400কোটি টকা ৷ ইপিনে চৰকাৰী চাকৰিয়ালে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিলে চাকৰি কৰ্তন কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ ৰাজ্যৰ 29খনকৈ জিলাক সামৰি ল'ব লগা এই আঁচনিৰ প্ৰথম অগ্ৰাধিকাৰ দিব্য়াংগ, বিধৱা মহিলাসকলে লাভ কৰাৰ লগতে অবিবাহিতা, দৰিদ্ৰ লোকসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি কয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত বিজেপি চৰকাৰৰ আঁচনিৰ টোপঃউদ্বোধন অৰুণোদয় আঁচনিৰ

তদুপৰি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত কয় যে, প্ৰতিমাহে শেষৰ সপ্তাহত হিতাধিকাৰীসকলৰ একাউণ্টত 830 টকাকৈ জমা হ'ব ৷ আগন্তুক সময়ত বৃদ্ধি পাব এই আঁচনিৰ ধন ৷ আজিৰে পৰা এই আঁচনিৰ জৰিয়তে লাখ লাখ হিতাধিকাৰীলৈ নগদ ধন হস্তান্তৰ কৰা হ'ব ৷ ক'ভিড19ৰ মাজতো ৰাজ্য চৰকাৰে সাহসেৰে এই অভিলাষী আঁচনি ৰূপায়ণ কৰি সমগ্ৰ ৰাজ্যতে এক নতুন দিগন্তৰ সূচনা কৰা বুলি কয় মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰথম পৰ্যায়ত এই আঁচনিৰ পৰা বাদ পৰিব BTC অঞ্চল ৷ আনহাতে,চলিত মাহতে ৰাজ্যত 4খনকৈ মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক একোখনকৈ স্কুটী প্ৰদান কৰা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

যোৱা পাঁচটা বছৰেই শাসনৰ গাদীত বহি বিজেপি নেতৃত্বাধীন চৰকাৰে ইখনৰ পিছত আনখন আঁচনি ঘোষণা কৰি আহিছে যদিও মূৰকত ৰাজ্য চৰকাৰৰ বহুকেইখন অভিলাষী আঁচনিয়েই এতিয়া ধোঁৱাচাঙত ৷ পৰিৱৰ্তনৰ শ্ল'গানেৰে শাসনাধিষ্ঠ চৰকাৰখনে নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত অৰুণোদয় আঁচনি মুকলি কৰিছে যদিও এই আঁচনিৰ সুবিধা প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিবনে নকৰে তথা এই আঁচনি কিমানদূৰ ফলপ্ৰসূ হ'ব সেইয়াও পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ বিএচএফৰ 56 তম প্ৰতিষ্ঠা দিৱসত উপস্থিত নাথাকে অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.