গুৱাহাটী,2 এপ্ৰিলঃ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নিশা 12.30 বজাত টুইট যোগে জনাই যে, অসমত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 16 জনলৈ বৃদ্ধি পাইছে ৷
বুধবাৰে মাজনিশা আৰু 3 গৰাকী আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ৷ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নিজেই সোণাপুৰ অসামৰিক চিকিৎসালয়, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় পৰিদৰ্শন কৰি কৰ'ণাত আক্ৰান্ত কেইজনৰ স্বাস্থ্যৰ বুজ লয় ৷ এই সময়ত তেওঁৰ সৈতে NHM কৰ্তৃপক্ষৰ লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাও উপস্থিত থাকে ।