ETV Bharat / state

পাঁচটাকৈ ধৰ্মীয় স্থানত আশীৰ্বাদ লৈ শেষ যাত্ৰা কৰিব গগৈয়ে - উগ্ৰতাৰা

বৃহস্পতিবাৰে পুৱাই আৰম্ভ হ’ব ৰাইজৰ প্ৰিয় নেতাজনৰ বৈকুন্ঠধামলৈ অন্তিম যাত্ৰা । কি হিন্দু, কি মুছলমান, খ্ৰীষ্টান, জৈন সকলো ধৰ্মাৱলম্বীৰ অগনন লোকে বুধবাৰে শংকৰদেৱ কলাক্ষেত্ৰলৈ আহি শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি যাচে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহত । অশ্ৰুশিক্ত নয়নেৰে শেষ বিদায় জনাই প্ৰিয় নেতাজনক‌।

last-journey-schedule-ex-cm-tarun-gogoi
পাঁচটাকৈ ধৰ্মীয় স্থানত আশীৰ্বাদ লৈ শেষ যাত্ৰা কৰিব গগৈয়ে
author img

By

Published : Nov 25, 2020, 6:21 PM IST

গুৱাহাটী,25 নৱেম্বৰঃ বৃহস্পতিবাৰে পুৱা প্ৰায় ৯:৩০ বজাত কলাক্ষেত্ৰৰ পৰা আৰম্ভ হ’ব গগৈৰ অন্তিম যাত্ৰা। কলাক্ষেত্ৰৰ পৰা নৱগ্ৰহ শ্মশানলৈ এই যাত্ৰা পথত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ শেষ আশা পূৰণ কৰি তেওঁৰ নশ্বৰ দেহ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত প্ৰবেশ কৰোৱা হ’ব । আশীৰ্বাদ লোৱা হ’ব জীৱন নাট সামৰণিৰ । জীৱন কালতে গগৈয়ে পৰিয়ালক জনাইছিল তেওঁৰ এই শেষ আশাৰ কথা।

পাঁচটাকৈ ধৰ্মীয় স্থানত আশীৰ্বাদ লৈ শেষ যাত্ৰা কৰিব গগৈয়ে

সেয়েহে কলাক্ষেত্ৰৰ পৰা কাইলৈ পুৱা গগৈৰ নশ্বৰ দেহ লৈ যোৱা হ’ব ৰুক্মিণীগাৱৰ গীৰ্জালৈ । খ্ৰীষ্টান ধৰ্মীয় ৰীতি নীতিৰে নশ্বৰ দেহত আশীৰ্বাদ জনোৱাৰ পিছত এই যাত্ৰা পুণৰ আৰম্ভ হ’ব জু-ৰোড তিনিআলিত অৱস্থিত নামঘৰ অভিমুখে । নামঘৰত আশীৰ্বাদ লোৱাৰ পিছত এইগৰাকী জননেতাৰ পাৰ্থিৱ শৰীৰ লৈ যোৱা হ’ব আমবাৰীৰ জামে মছজিদলৈ । ইছলাম ধৰ্মীয় নিয়মেৰে আশীৰ্বাদ গ্ৰহণৰ পিছত পুণৰ আৰম্ভ হ’ব শেষ যাত্ৰা । এইবাৰ এই যাত্ৰাৰ লক্ষ্য হ’ব উগ্ৰতাৰা মন্দিৰ অভিমুখে । উগ্ৰতাৰাত আশীৰ্বাদ গ্ৰহণৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হ’ব শুক্ৰেশ্বৰ মন্দিৰলৈ । তাৰ পিছতেই নৱগ্ৰহ অভিমুখে যাত্ৰা আৰম্ভ হ’ব আৰু তাতেই চিৰদিনৰ বাবে চিতাৰ জুইত বিলীন হৈ যাব এজন যুগদ্ৰষ্টা মহান ৰাজনীতিক গৰাকী ।

লগতে পঢ়কঃ এদিনত 1 লাখ কোভিড প্ৰতিষেধক দিবলৈ সাজু এপ’ল’ হাস্পতাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.