গুৱাহাটী, ৯ আগষ্ট: এটাৰ পিছত আনটো দুৰ্নীতিত নাম সাঙোৰ খাইছে সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুৰ । এইবাৰ OC সন্দীপ কুমাৰ কানুৰ বিৰুদ্ধে উত্থাপন হৈছে ভূ-মাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ । সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুৰ চত্ৰছাঁয়াত আমছিং যোৰাবাট অঞ্চলত এটা ভূ-মাফিয়া চক্ৰই সন্ত্ৰাস চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে দাবী কৰা এক লাখ টকা নিদিয়াৰ বাবেই সাতগাঁও আৰক্ষীৰ সন্মুখতে এটা ভূ-মাফিয়াৰ দলে এটি দম্পতীক ৰডেৰে আক্ৰমণ কৰি হাত-ভৰি ভাঙি দিয়াৰ অভিযোগ উত্থাপন হৈছে । তৎস্বত্বেও সাতগাঁও আৰক্ষীয়ে ভূ-মাফিয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।
অভিযোগ অনুসৰি, আমছিং যোৰাবাটৰ বাসিন্দা ওম প্ৰকাশ মাঝিৰ ঘৰৰ সমীপতে সোণাপুৰ ৰাজহ চক্ৰৰ পানবাৰী মৌজাৰ অধীনত এক বিঘা ম্যাদী মাটি আছিল । উক্ত মাটি ডোখৰ বিজেপি নেতা গোপাল ছেত্ৰী আৰু ভূ-মাফিয়া কেশৱ মুৰাৰীৰ নেতৃত্বত এটা মাটি দালাল চক্ৰই দখলৰ চেষ্টা চলায় । এই সংক্ৰান্তত ভুক্তভোগী ওম প্ৰকাশ মাঝিয়ে প্ৰায় দুমাহ পূৰ্বে ভূ মাফিয়া কেইজনৰ বিৰুদ্ধে সাতগাঁও থানাত এজাহাৰো দাখিল কৰিছিল ।
এজাহাৰ দাখিল কৰাৰ পিছত সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দিপ কুমাৰ কানুৱে মাটি সমস্যা সমাধানৰ বিনিময়ত নগদ এক লাখ টকা দাবী কৰে বুলি অভিযোগ কৰে ভুক্তভোগী ওম প্ৰকাশ মাঝিয়ে । কিন্তু ভুক্তভোগীয়ে উক্ত ধন আৰক্ষী বিষয়াগৰাকীক আদায় দিয়া নাছিল ।
পৰৱৰ্তী সময়ত কামৰূপ মহানগৰ জিলাৰ মুনচিফ ১ নং আদালতে ১৬/২০১৪ ৰ গোচৰৰ শুনানি মৰ্মে উক্ত ভূমি ওম প্ৰকাশ মাঝিক চমজাই দিবলৈ সোণাপুৰ ৰাজহ চক্ৰ বিষয়া আৰু সাতগাঁও আৰক্ষীক নিৰ্দেশ জাৰী কৰে । উক্ত নিৰ্দেশৰ ভিত্তিত ২ আগষ্ট সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ মণ্ডল আৰু সাতগাঁও আৰক্ষীৰ লোক উপস্থিত হৈ ওম প্ৰকাশক মাটি চমজাই দিয়াৰ ব্যৱস্থা কৰে ।
ঠিক সেই সময়তে বিজেপি নেতা গোপাল ছেত্ৰী আৰু ভূ-মাফিয়া কেশৱ মুৰাৰীৰ নেতৃত্বত এটা ভূ-মাফিয়া চক্ৰই আৰক্ষী আৰু মণ্ডলক মাটি চমজাই দিয়া কাৰ্যত বাধা প্ৰদান কৰে । লগতে আৰক্ষীৰ সন্মুখতেই ওম প্ৰকাশ মাঝি আৰু তেওঁৰ পত্নী সন্ধ্যা দেৱীক ৰডেৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে । ভূ মাফিয়াৰ নিৰ্মম আক্ৰমণত ওম প্ৰকাশ মাঝিৰ সোঁহাত ভাঙি যোৱাৰ লগতে তেওঁৰ পত্নীৰ কাপোৰ ফালি যায় ।
আৰক্ষীৰ সন্মুখতে এনে মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ পিছতো সাতগাঁও আৰক্ষীয়ে কিন্তু কোনো বাধা আৰোপ নকৰা বুলি অভিযোগ কৰে ভুক্তভোগী স্বামী-স্ত্ৰীয়ে । পিছত আৰক্ষীয়ে আহত স্বামী-স্ত্ৰীক উদ্ধাৰ কৰি GMCH ত ভৰ্তি কৰোৱা হয় ।
ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ভূ-মাফিয়াৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ওম প্ৰকাশ মাঝিয়ে । সংবাদ মাধ্যমৰ আগত কান্দি কান্দি ভুক্তভোগী দম্পতীটোৱে তেওঁলোকৰ ভূমিৰ সমস্যা আৰু সাতগাঁও আৰক্ষীৰ বিৰুদ্ধে তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ডি জি পিৰ ওচৰত কাতৰ আহ্বান জনাইছে ।
লগতে পঢ়ক: Bisawnath SDO: সাংবাদিকৰ সৈতে মতবিনিময় বিশ্বনাথৰ নৱ নিযুক্ত মহকুমাধিপতিৰ