ETV Bharat / state

লক্ষ্য কোঁৱৰৰ ফেচবুক একাউন্ট হেক - অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ

এইবাৰ হেকাৰৰ লক্ষ্য অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ (Lakhya Konwar's Facebook account hacked) ৷ কোনো দুষ্ট চক্ৰই লক্ষ্য কোঁৱৰ ফেচবুক একাউন্ট হেক কৰি অপ-প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে লক্ষ্য কোঁৱৰ ৷

Lakhya Konwars Facebook account hacked
লক্ষ্য কোঁৱৰৰ ফেচবুক একাউন্ট হেক
author img

By

Published : Aug 27, 2022, 10:47 PM IST

গুৱাহাটী, ২৭ আগষ্ট : এইবাৰ হেকাৰৰ কৱলত পৰিছে অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ, অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপ সভাপতি লক্ষ্য কোঁৱৰ ৷ হেক হৈছে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ ফেচবুক একাউন্ট (Lakhya Konwar's Facebook account hacked) । কোনো দুষ্ট চক্ৰই লক্ষ্য কোঁৱৰৰ ফেচবুক একাউন্ট হেক কৰি চলাইছিল অপপ্ৰচাৰ ।

আনকি দুষ্ট চক্ৰটোৱে লক্ষ্য কোঁৱৰৰ ফেচবুক একাউন্ট হেক কৰি ৰাজনৈতিক আৰু অন্যান্য ৰাজহুৱা পদৰ পৰা অব্যাহতি লোৱা বুলি ফেচবুক একাউন্টৰ জৰিয়তে অপপ্ৰচাৰ চলাইছিল । অৱশ্যে দুষ্ট চক্ৰটোৱে লক্ষ্য কোঁৱৰৰ ফেচবুক একাউন্টৰ পৰা প’ষ্টটো দিয়াৰ কিছু সময় পিছতে উক্ত প’ষ্টটো ডিলিট কৰি দিয়ে । এই কথা জানিবলৈ দিয়ে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে ৷

Lakshya Konwars Facebook account hacked
লক্ষ্য কোঁৱৰৰ ফেচবুক একাউন্ট হেক

উক্ত ঘটনা পোহৰলৈ অহাৰ পিছতে লক্ষ্য কোঁৱৰে শনিবাৰে দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ।

উল্লেখ্য যে, এইবাৰ দুষ্ট চক্ৰৰ লক্ষ্য হৈ পৰিছে ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকল । দুষ্ট চক্ৰই মন্ত্ৰী বিমল বৰা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ ফটো ব্যৱহাৰ কৰি হোৱাটআপ যোগে ধন দাবীও কৰিছিল ৷ লগতে মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিংঙৰ ফটো ব্যৱহাৰ কৰি হোৱাটআপ একাউন্ট খোলাৰ ঘটনাও পোহৰলৈ আহিছিল ৷

এই ঘটনাৰ উত্তেজনা মাৰ নৌযাওতে পুনৰ বিজেপিৰ যুৱ নেতাগৰাকীৰ ফেচবুক একাউন্ট হেক কৰি অপপ্ৰচাৰ চলোৱাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : দেওবাৰৰ পৰীক্ষাত সাংবাদিকক হুলস্থূল নকৰিবলৈ ক’লে ডিজিপিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.