ETV Bharat / state

কেনে আছে "যাকেৰি নাহিকে উপাম"ৰ স্ৰষ্টা ?

author img

By

Published : Oct 21, 2019, 3:35 PM IST

Updated : Jun 28, 2022, 10:46 AM IST

অসমীয়া সাহিত্য জগতৰ এক উজ্বল নক্ষত্ৰ ৷ যাৰ চিন্তাত শব্দই প্ৰাণ তুলি হাঁহে ৷ কেইবাখনো যুগজয়ী গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে তেওঁ ৷ এসময়ত গঙা চিলনীৰ পাখি,শিখৰ সুৰভি,উত্তৰ পুৰুষ,পাতাল ভৈৰৱী,সেহি গুণনিধি আদিৰ স্ৰষ্টাগৰাকী আজি হতাশ ৷

কেনে আছে যাকেৰি নাহিকে উপামৰ স্ৰষ্টা
ৰামধেনু যুগৰ এজন বলিষ্ঠ গল্পকাৰ ডঃ লক্ষ্মীনন্দন বৰা

গুৱাহাটী,21অক্টোবৰঃ যাকেৰি নাহিকে উপাম, সেহি গুণনিধি, কাল বলুকাত খোজ....অসমীয়া সাহিত্যত জিলিকি থকা ৰসোজ্বল সাহিত্য কৰ্মৰ অন্যতম অংশ ৷ কেনে আছে ডঃ লক্ষ্মীনন্দন বৰা ? ৰামধেনু যুগৰ এজন বলিষ্ঠ গল্পকাৰ,ঔপন্যাসিক ড৹ লক্ষীনন্দন বৰা ৷ যাৰ কলমেৰে নিগৰি আহিছে বাস্তৱ জীৱনৰ ঘটনা,পৰিঘটনা জীৱন যুঁজৰ জটিল সন্ধিক্ষণৰ বাৰ্তা৷ পাতাল ভৈৰৱী গ্ৰন্থই পঢ়ুৱৈক নতুন সোৱাদ দিয়াৰ পাচত গঙা চিলনীৰ পাখিৰ জৰিয়তে অসমীয়া সাহিত্যলৈ উপহাৰ দিছিল আন এক সবোৰ্তম সাহিত্য ৷

অসমীয়া সাহিত্য জগতৰ এক উজ্বল নক্ষত্ৰ ৷ যাৰ চিন্তাত শব্দই প্ৰাণ তুলি হাঁহে ৷ কেইবাখনো যুগজয়ী গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে তেওঁ৷ সমান্তৰাল ভাৱে গঙা চিলনীৰ পাখিৰ দৰে উপন্যাস সৰ্বোত্তম উপহাৰ ড৹ বৰাৰ ৷ ৰামধেনু যুগৰ পৰা একাধাৰে ইটোৰ পাছত সিটোকৈ সৃষ্টি কৰি গৈছে সাহিত্য ৷ বৰ্তমান গৰীয়সীৰ সম্পাদকৰ পদ অলংকৃত কৰা ড৹ লক্ষীনন্দন বৰাৰ কলম এতিয়াও ৰোৱা নাই থমকি ৷ শেহতীয়াকৈ কিহত ব্যস্ত তেখেত ?
এই গৰাকী স্বনামধন্য সাহিত্যিকৰ এক বাৰ্তাই কঢ়িয়াই আনিছে দুখৰ খবৰ ৷ কিয়নো গঙা চিলনীৰ পাখিৰ দৰে উপন্যাস হয়তো আৰু সৃ়ষ্টি নহ'ব তেখেতৰ কলমে দি ৷ এসময়ত গঙা চিলনীৰ পাখি,শিখৰ সুৰভি,উত্তৰ পুৰুষ,পাতাল ভৈৰৱী,সেহি গুণনিধি আদিৰ স্ৰষ্টাগৰাকী আজি হতাশ ৷ কিয়নো নতুন লেখকক লৈ সুখী নহয় তেওঁ ৷ কাৰণ এতিয়াও অসমত পৰ্যাপ্ত লেখকৰ সৃষ্টি হোৱা নাই ৷ যি সকল নতুন লেখক লেখিকাৰ সৃষ্টি হৈছে তেওঁলোকৰ সাহিত্য চৰ্চাৰ ধাৰাবাহিকতা নথকাৰো মন্তব্য কৰে ডঃ বৰাই ৷ তথাপিও গল্প,উপন্যাসতকৈ নৱ প্ৰজন্মৰ মাজত ভাল কবিতা সৃষ্টি হোৱাৰ কথা ক'লে বিশিষ্ট লেখকগৰাকীয়ে ৷

নতুন লেখক আৰু পুৰণিৰ লেখকৰ মাজত সম্পৰ্ক কি ? সৃষ্টিৰ প্ৰাচুৰ্য ৰামধেনু যুগৰ দৰে নহয় ৷ সাহিত্য সৃষ্টি সম্পৰ্কত নিৰবধি কৈ গ'ল অনেক কথাই ৷ উল্লেখ্য যে,1996 চনৰ অসম সাহিত্য সভাবোকাখাত অধিবেশনৰ সভাপতিৰ পদ অলংকৃত কৰা ডঃ লক্ষ্মীনন্দন বৰা সম্প্ৰতি আতৰি আহিছে সাহিত্য সভাৰ প্ৰসংগৰ পৰা ৷ এসময়ত সাহিত্য সভাক দুৰ্যোগৰ পৰ ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল এইগৰাকী প্ৰাক্তন সাহিত্য সভাৰ সভাপতিয়ে ৷ কিন্তু সকলো চেষ্টা ব্যৰ্থ হোৱাৰ পিচত সম্প্ৰতি আতৰি থকাৰ কথা জনালে সাহিত্য সভাৰ প্ৰসংগৰ পৰা ৷ তেখেতৰ অভিযোগ,বৰ্তমান অ-সাহিত্যিকৰ স্থান হৈছে অসম সাহিত্য সভা ৷ সাহিত্য সভাৰ মৰ্যাদা হানি কৰিছে বৰ্তমানৰ সাহিত্য সভাৰ সভাপতিয়ে ৷

Last Updated : Jun 28, 2022, 10:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.