ETV Bharat / state

ক'ভিড-19 ত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ঠাইৰ অভাৱ গুৱাহাটীত !

author img

By

Published : May 5, 2021, 6:39 PM IST

ৱেটিং লিষ্টত ৰাখিবলগীয়া হৈছে মৃতদেহ । গুৱাহাটীৰ ভূতনাথ আৰু উলুবাৰী শ্মশানত মৃতদেহৰ লানি লাগিছে । নিশা ১২ বজালৈ জ্বলিছে চিতা। দৈনিক ১৫ৰ পৰা ২০ টালৈ মৃতদেহ সৎকাৰ ।

ক'ভিড-19ত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ঠাইৰ অভাৱ !

গুৱাহাটী,৫ মে': গুৱাহাটী মহানগৰীত ক'ভিড পৰিস্থিতি ক্ৰমাৎ জটিলতাৰ দিশে গতি কৰিছে । দৈনিক সহস্ৰাধিক লোক ক'ভিডত আক্ৰান্ত হোৱাৰ উপৰি গড়ে ২০-২৫ জন লোকৰ মৃত্যু হৈছে । গুৱাহাটীত বিগত ১৭ দিনত কৰ'ণাত আক্ৰান্ত হৈ ২১২ জন লোকৰ মৃত্যু হৈছে । মঙলবাৰে সৰ্বাধিক ৩১ জন ক'ভিড ৰোগীৰ মৃত্যু হয় । গুৱাহাটী মহানগৰীত কৰ'না ভাইৰাছে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে । কাল ৰূপ ধাৰণ কৰা কৰ'নাৰ দ্ৰুত সংক্ৰমণত সংকিত হৈ পৰিছে মহানগৰবাসী ।

মুম্বাই আৰু দিল্লীৰ পিচত ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত মৃত্যুৰ কিৰিলি আৰম্ভ হৈছে । বিগত ১৭ দিনত কামৰূপ মহানগৰ জিলাত ১৩ হাজাৰতকৈ অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে আৰু ২১২ জনৰ মৃত্যু হৈছে । তদুপৰি গুৱাহাটী মহানগৰীৰ চৰকাৰী, বেচৰকাৰী হাস্পতালত কৰ'ণা ৰোগীৰ বাবে বিচনাৰ অভাৱ হৈছে ।

উল্লেখ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনে ক'ভিড-১৯ত মৃত্যু হোৱা লোকক গুৱাহাটীৰ ভূতনাথ শ্মশানত সৎকাৰৰ ব্যৱস্থা কৰিছিল যদিও বিগত কিছুদিন ধৰি মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত উলুবাৰী শ্মশানতো সৎকাৰৰ ব্যৱস্থা কৰা হৈছে । ইফালে ইছলাম ধৰ্মাৱলম্বীৰ বাবে আঠগাঁও কবৰস্থান আৰু ইছলামপুৰ কবৰস্থানত সমাধি কৰাৰ ব্যৱস্থা কৰা হৈছে । গুৱাহাটীৰ উলুবাৰী আৰু ভূতনাথ শ্মশানত এতিয়া ক'ভিডত মৃত্যু হোৱা লোকৰ সৎকাৰ কৰাৰ বাবে ঠাইৰ অভাৱ হৈছে ।

দৈনিক ১৫ ৰ পৰা ২০ টা মৃতদেহ সৎকাৰ কৰা হৈছে। ঠাইৰ অভাৱৰ বাবে মৃতদেহ ৱেটিং লিষ্টত ৰাখিব লগা হৈছে । পৰিস্থিতি অনুৰূপ থাকিলে আগন্তুক সময়ত পৰিৱেশ আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে । মৃতদেহ সৎকাৰ কৰা লোকসকলেও পৰিৱেশ দেখি শংকিত হৈ পৰিছে । এনে এক পৰিস্থিতিত সকলো ৰাইজ সজাগ-সচেতন নহ’লে গুৱাহাটীকে ধৰি ৰাজ্যৰ পৰিস্থিতি প্ৰায় অনিয়ন্ত্রিত হৈ পৰিব সেয়া নিশ্চিত ।

লগতে পঢ়ক : অব্যাহত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীকেন্দ্ৰিক শীতল যুঁজখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.