ETV Bharat / state

Lachit Ghat: আৱৰ্জনা-কেমিকেলেৰে ভৰি পৰিছে লাচিত ঘাট, নিধিৰাম চৰ্দাৰৰ ভূমিকাত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 8:09 PM IST

Updated : Nov 8, 2023, 8:39 PM IST

কেনে আছে লাচিত ঘাট ! দুৰ্গন্ধ, অৱৰ্জনাৰে ভৰি পৰিছে লাচিত ঘাট ৷ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ ভেঁকো-ভাওনাত পৰিণত নমামি ব্রহ্মপুত্র ৷

Lachit Ghat
অৱৰ্জনা কেমিকেলেৰে ভৰি পৰিছে লাচিত ঘাট

অৱৰ্জনা কেমিকেলেৰে ভৰি পৰিছে লাচিত ঘাট

গুৱাহাটী,8 নৱেম্বৰ : ব্যাপক উৎসাহ আৰু উদ্দীপনাৰে ৰাজ্যবাসীয়ে উদযাপন কৰিলে শাৰদীয় দুৰ্গোৎসৱ । দুৰ্গোৎসৱৰ পাৰ হোৱা প্ৰায় 15 দিন হ’ল ৷ মহা ষষ্ঠীৰ পৰা দশমীলৈকে মহানগৰবাসীয়ে ঠিকে আনন্দ উপভোগ কৰিলে ৷ ব্রহ্মপুত্রৰ বুকুত প্ৰতিমাও বিসৰ্জনো দিলে ৷ কিন্তু মহানগৰীৰ লাচিত ঘাটলৈ আপুনি বৰ্তমান গৈছে নে ! মহানগৰবাসী পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি কিমান দায়ব্ধ ! তাৰে এতিয়া স্বৰূপ ওলাইছে মহাবাহু ব্রহ্মপুত্রৰ বুকুত ৷

এইবেলি অসমত প্রায় 9 হাজাৰ কমিটিয়ে দুর্গা পূজা উদযাপন কৰিলে । ইয়াৰে গুৱাহাটী মহানগৰীতে এইবাৰ পাঁচ শতাধিক ৰাজহুৱা আৰু ডেৰ শতাধিক ব্যক্তিগত দুর্গা পূজা অনুষ্ঠিত হৈছিল । ৰাজ্যজুৰি ব্যাপক উলহ-মালহেৰে উদযাপন কৰা দুৰ্গা পূজাৰ বুজনসংখ্যক মৃন্ময় মূৰ্তি বিসর্জন দিয়া হৈছিল ব্রহ্মপুত্রত ।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্রতিমা বিসৰ্জনৰ বাবে নিৰ্ধাৰণ কৰি দিয়া আঠোটা ঘাটৰ পাঁচটাই আছিল ব্ৰহ্মপুত্ৰত । ইয়াৰ ভিতৰত মাছখোৱাৰ লাচিত ঘাটত চাৰি শতাধিক, পাণ্ডুঘাটত শতাধিক, চূণচালি আৰু চন্দ্ৰপুৰ ঘাটত অৰ্ধ শতাধিক দেৱী দুৰ্গাৰ প্ৰতিমা বিসর্জন দিয়া হৈছিল । ইফালে বিগত বৰ্ষৰ দৰে এইবেলিও অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে প্রতিমা বিসর্জনৰ নামত নদীৰ পানী যাতে প্ৰদূষিত নহয় তাৰ প্রতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমক পূজা আৰম্ভ হোৱাৰ পূৰ্বেই নিৰ্দেশনা দিছিল ।

কিন্তু এনেধৰণৰ নিৰ্দেশ আওকান কৰি কেৱল গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ পাঁচটা ঘাটত পাঁচ শতাধিক প্ৰতিমা বিসর্জন দিয়া হয় । ফলত জনস্বাস্থ্য, জীৱ-জন্তু লগতে জলচৰ প্ৰাণীৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা প্লাষ্টিক, ৰাসায়নিক পদাৰ্থৰে ভৰি পৰিছে ব্ৰহ্মপুত্ৰৰ পাৰ । আজিও প্ৰতিমা বিসৰ্জনস্থলীত সিচঁৰিত হৈ পৰি আছে প্ৰতিমাৰ অৱশিষ্ট অংশ । এক কথাত ক'বলৈ গ'লে শ্ৰদ্ধা-ভক্তিৰে পূজা-অৰ্চনা কৰা দেৱীৰ প্ৰতিমাসমূহ আজি আৱৰ্জনাৰ ৰূপত পৰি আছে ব্রহ্মপুত্রৰ বক্ষত ।

প্রতিমা বিৰ্জনৰ সময়ত নদীত পৰি যোৱা প্লাষ্টিক, থার্মোকল, ৰাসায়নিক পদার্থসমূহ পানীৰ সোঁতত উটি-ভাহি থকা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, ব্রহ্মপুত্রৰ পাৰৰ পানীৰ ৰঙে ব্যক্ত কৰিছে প্ৰদূষণৰ কথা । কিন্তু বিগত দুটা সপ্তাহে বিভাগীয় কৰ্তৃপক্ষৰ এইক্ষেত্রত কোনো কাণসাৰ নাই । লক্ষণীয় বিষয় যে, চৰকাৰে নম‍ামি ব্রহ্মপুত্রৰ দৰে বৃহৎ অনুষ্ঠান আয়োজন কৰি ব্রহ্মপুত্রক পূজা-অৰ্চনা কৰিছিল ৷ কিন্তু ব্রহ্মপুত্রৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্রতহে কোনো ধৰণৰ পদক্ষেপ নললে চৰকাৰে । তাৰে যেন উদাহৰণ মহানগৰীৰ লাচিত ঘাট ৷

লগতে পঢ়ক :MLA Atul Bora : শংকৰদেৱ সংঘৰ অনুষ্ঠানত আজমলক দেখি জাতীয়তাবাদ জাগি উঠিল বিধায়ক অতুল বৰাৰ

Last Updated : Nov 8, 2023, 8:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.