গুৱাহাটী, 24 নৱেম্বৰ: সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো বৃহস্পতিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী (Lachit Barphukan 400 birth anniversary) । কামৰূপ মহানগৰত এইবাৰ শিশুৰ পৰা বয়সস্থ সকলো জড়িত হয় এই লাচিত বৰফুকনৰ জয়ন্তী উদযাপন অনুষ্ঠানত (Lachit Barphukan 400 birth anniversary observed in Kamrup metro) ৷
বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ অংশগ্রহণেৰে লাচিত বৰফুকনৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ, নাটক মঞ্চস্থ, চিত্ৰাংকন প্ৰতিযোগিতা, চাইকেল ৰেলী, দৌৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয় ৷ ইয়াৰ উপৰি মহানাগৰিকৰ প্ৰাত্যহিক ব্যস্ততাৰ মাজতে গছ বগোৱা, হাঁহ ধৰা, নাও খেল আদি পুৰণি ঐতিহ্যৰ খেলসমূহৰ সৈতে লোকসকলক চিনাকি কৰায় দিয়া হয় ৷
লাচিত জয়ন্তী উপলক্ষে ৰাজ্যপাল জগদীশ মুখীয়ে (Governor Jagadish Mukhi) পুৱা জালুকবাৰীস্থিত লাচিত বৰফুকন উদ্যানত (Lachit Barphukan park) থকা প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ৷ লগতে ৰাজ্যপালগৰাকীয়ে দেশ মাতৃক ৰক্ষাৰ বাবে অশেষ ত্যাগ আৰু বীৰত্ব প্ৰদৰ্শন কৰি অসমৰ মান অক্ষুণ্ণ ৰখা বীৰ সেনানায়কগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে ৷
একেদৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জ্যোতি চিত্ৰবন আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত আজি ফাচী বজাৰৰ সমীপৰ লাচিত ঘাটত পুৱাৰে পৰা উদযাপন কৰা হয় বীৰ লাচিত দিৱস । কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ উপৰি নিৰ্দিষ্ট বক্তা হিচাপে অসম লোকসেৱা আয়োগৰ সদস্য ড৹ নিৰঞ্জন কলিতাই অংশগ্ৰহণ কৰে ৷
এই অনুষ্ঠানত উপস্থিত থাকে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড৹ সুনীতা চাংকাকতি, গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত মেঘা নিধি দাহাল, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব বিজয়লক্ষ্মী বৰুৱা, জ্যোতি চিত্ৰবনৰ সচিব নয়না বৰাৰ লগতে কেইবাজনো গণ্যমান্য বিশিষ্ট ব্যক্তি ৷
এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত মৃগাংক চৌধুৰীয়ে আদৰণি ভাষন আগবঢ়ায় ৷ সভাত অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা, বিক্ৰম ছেত্ৰী, সুকন্যা বৰা আদি উপস্থিত থাকে ৷ উল্লেখ্য যে 25 নৱৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া লাচিত দিৱসৰ সামৰণি অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰিব ৷
লগতে পঢ়ক: Lachit Divas 2022: লাচিতৰ মোমায়েকৰ সম্পৰ্কে বুৰঞ্জীত উল্লেখ নাই: লীলাধৰ হাজৰিকা