গুৱাহাটী,10ছেপ্তেম্বৰঃ যোৱা কিছুদিন পূৰ্বে ৰে'ল বিষয়া কুমুদ চন্দ্ৰ দাসৰ তেজেৰে লুতুৰী পুতুৰী মৃতদেহ উদ্ধাৰ হৈছিল মালিগাঁও কামাখ্যা ষ্টেচনৰ সমীপত। প্ৰথম অৱস্থাত এয়া এক দুৰ্ঘটনা বুলি ধাৰণা কৰা হৈছিল যদিও পৰিয়ালৰ ভাষ্যই ঘটনাক দিছে নতুন মোৰ। পৰিয়ালৰ মতে দুৰ্ঘটনা নহয় এয়া এক পৰিকল্পিত হত্যাকাণ্ড । একাংশ সহকৰ্মীয়ে ষড়যন্ত্ৰ কৰি হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।
উল্লেখ্য যে মালিগাঁও উত্তৰ-পূৱ সীমান্তৰ ৰে'লৱেৰ নিৰ্মাণ শাখাৰ মহাপ্ৰৱন্ধক কাৰ্যালয়ৰ জনসম্পৰ্ক বিভাগত কিছুদিন পূৰ্বে সংঘটিত হৈছিল কেইবা কোটিটকীয়া কেলেংকাৰী। বৰ্তমানো এই ঘটনাৰ তদন্ত চলাই আছে চি বি আইয়ে। ৰে'ল বিষয়া কুমুদ চন্দ্ৰ দাসৰ হত্যাকাণ্ডৰ লগত পৰোক্ষভাৱে কেলেংকাৰীত জড়িত একাংশ অভিযুক্তৰ সংযোগ থকাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালে । এই ঘটনা সন্দৰ্ভত ইতিমধ্যেই মালিগাঁও ৰে'ল আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে কুমুদ চন্দ্ৰ দাসৰ পৰিয়ালে। এতিয়া প্ৰশ্ন হয় কোটি টকীয়া কেলেংকাৰীৰ কিবা তথ্য গাপ দিয়াৰ বাবেই হত্যাৰ বলি হ'ল নেকি ৰে'ল বিষয়া কুমুদ চন্দ্ৰ দাস ? আৰক্ষীৰ তদন্তত হয়তো পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।
লগতে পঢ়কঃ মাস্কবিহীন লোকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী