ETV Bharat / state

অসম আন্দোলনৰ অগ্ৰণী নেতা কুমুদ শৰ্মা আৰু নাই

বৃহস্পতিবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট সমাজকৰ্মী তথা অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা কুমুদ শৰ্মাৰ ৷

author img

By

Published : Aug 21, 2020, 10:10 PM IST

কুমুদ শৰ্মা আৰু নাই
কুমুদ শৰ্মা আৰু নাই

গুৱাহাটী,২১ আগষ্ট: বিশিষ্ট সমাজকৰ্মী তথা অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা কুমুদ শৰ্মা আৰু নাই ৷ বৃহস্পতিবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় বিশিষ্ট ব্যক্তি গৰাকীৰ ৷ জীৱিত কালত বিভিন্ন সামাজিক তথা সাংস্কৃতিক অনুষ্ঠানত জড়িত হৈ অনুষ্ঠানসমূহৰ উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল প্ৰয়াত শৰ্মাই ৷ বিশিষ্ট সমাজ কৰ্মী তথা সাংস্কৃতিক কৰ্মী আৰু অসম আন্দোলনৰ অক্লান্ত কৰ্মীৰ গৰাকীৰ মৃত্যু সমগ্ৰ অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি ৷ তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ফোনযোগে কুমুদ প্ৰসাদ শৰ্মাৰ পত্নীক সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতি কামনা কৰে ৷

লগতে পঢ়ক: ১৭০০ শতিকাৰ জয়ন্তীয়া ৰজা দিনৰ ১৫ টা ৰূপৰ মুদ্ৰা আৰু খাৰু উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.