ETV Bharat / state

ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ দায়িত্বত প্ৰাক্তন মুখ্যসচিব কুমাৰ সঞ্জয় কৃষ্ণ

author img

By

Published : Dec 31, 2020, 10:53 AM IST

Updated : Dec 31, 2020, 11:34 AM IST

ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগ ( Assam Electricity Regulatory Commission )ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক ৷ ক'ভিডৰ জটিল পৰিস্থিতিৰ প্ৰত্যাহ্বানপূৰ্ণ সময়তে ৰাজ্যৰ মুখ্য সচিব পদত কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা কুমাৰ সঞ্জয় কৃষ্ণক ৰাজ্য চৰকাৰে প্ৰদান কৰিলে এই নতুন দায়িত্ব ৷

kumar sanjay krishna appointed as chairman of Assam Electricity Regulatory Commission
ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ দায়িত্বত প্ৰাক্তন মুখ্যসচিব কুমাৰ সঞ্জয় কৃষ্ণ

গুৱাহাটী, ৩১ ডিচেম্বৰ: প্ৰাক্তন মুখ্যসচিব কুমাৰ সঞ্জয় কৃষ্ণক ৰাজ্য চৰকাৰে প্ৰদান কৰিলে এক গুৰুত্বপূৰ্ণ নতুন দায়িত্ব। ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগ ( Assam Electricity Regulatory Commission ) ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে কুমাৰ সঞ্জয় কৃষ্ণক । বুধবাৰে শক্তি বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই জাৰি কৰা এক নিৰ্দেশ যোগে প্ৰাক্তন মুখ্য সচিবগৰাকীক পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে এই পদত নিযুক্তি দিয়া হয় ।
উল্লেখযোগ্য যে,অসম মেঘালয় কেডাৰৰ সুদক্ষ আই এ এছ বিষয়া কুমাৰ সঞ্জয় কৃষ্ণই ক'ভিডৰ জটিল পৰিস্থিতিৰ প্ৰত্যাহ্বানপূৰ্ণ সময়তে ৰাজ্যৰ মুখ্য সচিব পদত কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰিছিল । সম্প্ৰতি আয়োগৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰি আছে আন এগৰাকী প্ৰাক্তন আই এ এছ বিষয়া সুভাষ চন্দ্ৰ দাসে । দাসৰ পৰা নতুন দায়িত্ব গ্ৰহণ কৰিব কুমাৰ সঞ্জয় কৃষ্ণই ।

লগতে পঢ়ক: 2020-ত আমাৰ মাজৰ পৰা বিদায় লোৱা ভাৰতৰ ৰাজনীতিৰ পুৰোধা ব্যক্তিত্ব

Last Updated : Dec 31, 2020, 11:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.