গুৱাহাটী, ১৩ ছেপ্টেম্বৰ:পুনৰ জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত উত্তাল গুৱাহাটী মহানগৰীৰ চচল । কোচ ৰাজবংশী সন্মিলনীয়ে এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক দিলে সকীয়নি । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰমৰ্যাদা প্ৰদান নকৰিলে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি সকীয়নি দিলে কোচ ৰাজবংশী সন্মিলনীয়ে। বুধবাৰে চচলস্থিত ধৰ্ণাস্থলীত জনজাতিকৰণকে আদি কৰি কোচ ৰাজবংশী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্লোগনেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।
প্ৰতিবাদকাৰীসকলে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনজাতিকৰণক মূল ইছ্য়ু হিচাপে লৈ জনজাতিকৰণৰ সমস্যা আজি পৰ্যন্ত সমাধান নকৰাত ক্ষোভ প্ৰকাশ কৰে । তেওঁলোকে ভোট বেংকৰ স্বাৰ্থত জনগোষ্ঠীটোক ব্যবহাৰ কৰি অহা বিজেপি চৰকাৰৰ এই মিথ্যাচাৰ আৰু প্ৰতাৰণাৰ বিৰুদ্ধে ২৪ ৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি সকীয়াই দিয়ে সংগঠনটোৰ নেতৃত্বই ।
প্ৰতিবাদকাৰী সকলে জনজাতি কৰণৰ লগতে বৰপেটা,মঙলদৈ আৰু গুৱাহাটী লোকসভা সমষ্টিত কোচ ৰাজবংশী প্রার্থীক প্রার্থিত্ব প্ৰদান কৰা, ৰাজ্যসভাৰ আগন্তুক খালী হ'বলগীয়া সাংসদ পদত এজন কোচ ৰাজবংশী প্ৰাৰ্থীক নিৰ্বাচিত কৰা, চিলাৰায় ভৱন নিৰ্মাণৰ বাবে প্রয়োজনীয় মাটি আৰু পৰ্যাপ্ত পুঁজিৰ ব্যৱস্থা কৰা, কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ আবণ্টিত পুজি বৃদ্ধি কৰা আদিকে ধৰি তেওঁলোকৰ কেইবাটাও দাবীৰ সমৰ্থনত আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।
প্ৰতিবাদকাৰী সকলে কয় যে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত নিৰ্বাচনৰ পূৰ্বে তদানীন্তন বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ছয় জনগোষ্ঠীয় দল-সংগঠনৰ আলোচনা অনুষ্ঠিত হৈছিল ৷ আনকি ছয় জনগোষ্ঠীৰ দল-সংগঠনৰ পৰা প্ৰতিবেদনো গ্ৰহণ কৰা হৈছিল বুলিও তেওঁলোকে কয় ৷ সেই প্ৰতিবেদনৰ ভিত্তিত ছয় জনজাতিক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি পালন নকৰিলে বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় ৷