ETV Bharat / state

Separate Kamtapur issue: সাংস্কৃতিক অনুষ্ঠানত জুবিনক বৰ্জনৰ হুংকাৰ গকুল বৰ্মনৰ, নিজৰ স্থিতিত অটল জুবিন

author img

By

Published : Jan 17, 2023, 7:58 PM IST

পৃথক কমতাপুৰৰ বিৰোধিতা কৰি সমালোচনাৰ সন্মুখীন জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ (Zubeen Garg opposes separate Kamtapur) ৷ কমতাপুৰ ৰাজ্যৰ সমৰ্থন কৰা সংগঠনসমূহ জাঙুৰ খাই উঠিছে শিল্পীগৰাকীৰ বিৰুদ্ধে ৷ কমতাপুৰ ফেষ্টিভেললৈ আমন্ত্ৰণ নজনোৱাৰ লগতে জুবিন গাৰ্গক বৰ্জনৰ সিদ্ধান্ত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মনৰ (Koch Rajbanshi organisations outraged with Zubeen) ৷

সমালোচনাৰ সন্মুখীন জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ
Separate Kamtapur issue

গুৱাহাটী, ১৭ জানুৱাৰী: অসমখন পুনৰ দ্বিখণ্ডিত হ'ব নেকি ? তাকে লৈ ৰাজ্যবাসী উদ্বিগ্ন হৈ থকাৰ সময়তে নিজৰ সদিচ্ছা প্ৰকাশ কৰিবলৈ গৈ বিতৰ্কৰ সন্মুখীন হ'বলগীয়া হ'ল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গার্গ (Zubeen Garg new controversy) । কমতাপুৰ মুক্তি সংগঠনৰ (Kamtapur Liberation Army) চমুকৈ কে এল অ’ৰ মুৰব্বী জীৱন সিংহই শান্তি আলোচনাৰ বাবে আগবাঢ়ি অহাৰ লগে লগে পৃথক কমতাপুৰৰ প্ৰসংগটো বিশেষ চৰ্চালৈ আহিছে (KLO chief Jiban Singha comes to peace talk) ।

ইতিমধ্যে শান্তি আলোচনাৰ বাবে কমতাপুৰ মুক্তি সংগঠনৰ মুৰব্বী জীৱন সিংহই আত্মসমৰ্পণ কৰি ম্যানমাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত পৃথক কমতাপুৰৰ প্ৰসংগটো বিশেষভাৱে চৰ্চিত হৈ আছে । এই চৰ্চিত বিষয়টোৰ ক্ষেত্ৰত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ গৈ একাংশ কোচ ৰাজবংশী সংগঠন তথা পৃথক কমতাপুৰৰ সমৰ্থকৰ ৰোষত পৰিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গার্গ (Zubeen Garg on separate Kamtapur) ।

ভোগালীৰ মাজতে গোৱালপাৰাত এক সংগীতানুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ মঞ্চৰ পৰা জুবিন গাৰ্গে কৈছিল, ‘‘শুনিছো আকৌ অসমৰ বিভাজন হ'ব । অসমত আকৌ বেলেগ ৰাজ্যৰ ভোটাৰ কাৰ্ড উলিয়াব লাগিব । বিজেপিয়েই হওক বা কংগ্ৰেছেই হওক অসমৰ ডিভাইড এণ্ড ৰুল চাপ’ৰ্ট নকৰো । কমতাপুৰ ষ্টেট মোকো নালাগে, আপোনাকো নালাগে । এই মঞ্চৰ পৰাই কেন্দ্ৰৰ মোদী চৰকাৰক আহ্বান জনাইছো এনে নকৰিব’’ (Zubeen Garg opposes separate Kamtapur) ।

লক্ষণীয়ভাৱে জুবিন গাৰ্গৰ এই মন্তব্যৰ পিছত পৃথক কমতাপুৰ ৰাজ্যৰ পক্ষে থকা একাংশ দল-সংগঠন ক্ষোভত ফাটি পৰিছে (Koch Rajbanshi organisations outraged with Zubeen) । বিশেষকৈ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মনে জুবিন গাৰ্গক বর্জন কৰাৰ কথা ঘোষণা কৰে । ৫ ফেব্ৰুৱাৰীৰ পৰা প্ৰথমবাৰলৈ অনুষ্ঠিত হ'বলগীয়া কমতাপুৰ ফেষ্টিভেললৈ জুবিন গাৰ্গক নিমন্ত্ৰণ নকৰাৰ কথাও ঘোষণা কৰিলে বৰ্মনে (Kamtapur festival in Bongaigaon) ।

লগতে পঢ়ক: Separate State of Kamtapur; কোঁচ ৰাজবংশীসকলে মোক বৰ্জন কৰিয়েই থাকে : জুবিন গাৰ্গ

জুবিন গাৰ্গৰ মন্তব্যক ব্যক্তিগত মন্তব্য আখ্যা দি গকুল বর্মনে কয় যে, জুবিন গাৰ্গৰ কথাত কোনো চৰকাৰ আৰু দল-সংগঠন নচলে । জুবিন গাৰ্গৰ ব্যক্তিগত মন্তব্যৰ প্ৰতি আমাৰ কোনো ক’বলগীয়া নাই ৷ প্ৰত্যেকৰে ব্যক্তিগত মতামত দিব পৰা মৌলিক অধিকাৰ আছে । কিন্তু নামনি অসমৰ গোৱালপাৰালৈ আহি এনেকুৱা মন্তব্য কৰাতো অতিকৈ দুর্ভাগ্যজনক বুলি উল্লেখ কৰে গকুল বৰ্মনে ।

যি সময়ত কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ কাৰণে সংগ্ৰাম কৰিছে, যি সময়ত কমতাপুৰৰ কাৰণে শ্বহীদ হৈছে, যি সময়ত যুগ যুগান্তৰৰ পৰা কোচ ৰাজবংশীসকল শোষিত, লাঞ্চিত আৰু বঞ্চিত হৈ আহিছে, তাক লৈ কিন্তু জুবিন গাৰ্গক কেতিয়াও আমি মাত মতা দেখিবলৈ পোৱা নাই বুলি তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Gakul Barman criticizes Zubeen over Kamtapur Issue)।

ইয়াৰ লগতে জুবিনে নামনি অসমৰ এক উৎসৱত উপস্থিত হৈ যি মন্তব্য কৰিলে এই মন্তব্যৰ জৰিয়তে কোচ ৰাজবংশীজনগোষ্ঠীকে নহয় বৰং কমতাপুৰৰ সংগ্ৰামক সমৰ্থন কৰাসকলক মর্মান্তিক আঘাত দিছে বুলি গকুল বৰ্মনে কয় । তেওঁ অসমৰ বুদ্ধিজীৱী, শিল্পী, গায়ক-গায়িকসকলক এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনায় । লগতে জুবিন গাৰ্গক তেনে মন্তব্যৰ বাবে ক্ষমা খুজিব লাগিব বুলি দাবী কৰে গকুল বৰ্মনে । ‘‘অহা ৫ ফেব্ৰুৱাৰীৰ পৰা বঙাইগাঁৱৰ নাককাটি পাহাৰৰ নামনিত চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা কমতাপুৰ উৎসৱত শিল্পী জুবিন গাৰ্গক গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনাম বুলি ভাবিছিলোঁ যদিও, শিল্পীগৰাকীৰ শেহতীয়া মন্তব্যৰ বাবে উৎসৱলৈ আমন্ত্ৰণ নজনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ’’ বুলি কয় বৰ্মনে ।

লগতে পঢ়ক: KLO Chief Jiban Singha in India: অশান্ত প্ৰহৰৰ অন্ত পেলাই শান্তিৰ অনুসন্ধান জীৱনৰ

উল্লেখ্য যে, কোচ ৰাজবংশীৰ কেইবাটাও সংগঠনে জুবিন গাৰ্গক তেওঁৰ মন্তব্যৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰিছে । ইপিনে বঙাইগাঁও জিলাৰ বইটামাৰীৰ জলাখাতা-বান্নিপাৰা বাজিতপাৰা ভোগালী উৎসৱ উপলক্ষে দেওবাৰে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থকা শিল্পী মানস ৰবীনে শিল্পী জুবিন গাৰ্গে কৰা মন্তব্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে, অসম তথা ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰে নিজা মত প্ৰকাশ কৰাৰ অধিকাৰ আছে । এতিয়া কমতাপুৰ হ’ব লাগে বুলি এইখিনি মানুহে ভাবে । সুদীর্ঘদিন ধৰি আন্দোলন চলাই আহিছে আৰু তেওঁলোকৰ সেইটো দাবী । কমতাপুৰ হৈ অসমখন ভাগ নহওক বুলি ভবা মানুহখিনিও আছে । তেওঁলোকৰো সেইটো নিজৰ কথা । কিন্তু আচলতে সিদ্ধান্তটো হ’ব এটা ৰাজনৈতিক সিদ্ধান্ত । কোচ ৰাজবংশীসকলক মাজতে জনজাতিকৰণৰ মৰ্যাদা দিয়া হৈছিল যদিও আকৌ সেইটো ঘূৰাই লৈ যোৱা হ'ল । গতিকে এইবোৰ এটা ৰাজনৈতিক সিদ্ধান্ত । এইটো হ’ব নে নহ'ব তাৰ কোনো থান-ঠিত নাই ।

‘‘কা আহিব বুলি ক’লে, আমি সকলোৱে আন্দোলন কৰিলোঁ ‘কা’ আমাক নালাগে নালাগে বুলি । এতিয়া ‘কা’ৰ কোনো খবৰ বাতৰিয়ে নোহোৱা হ'ল । আন্দোলন কৰি কোনোবা ৰজা হ’ল, কোনোবা ৰজাঘৰীয়া হ’ল । আমিতো গান গোৱা মানুহ, গান গোৱাই হৈ থাকিলো । কাইলৈ যদি কমতাপুৰো হৈ যায় আমি কমতাপুৰলৈও গান গাবলৈ আহিম’’ বুলি কয় মানস ৰবীনে । বিষয়টো সন্দৰ্ভত ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে পুনৰ নিজৰ মত প্ৰকাশ কৰে শিল্পী জুবিন গাৰ্গে ।

কোচ ৰাজবংশী সংগঠনৰ বৰ্জনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জুবিন গাৰ্গে কয়, ‘‘বৰ্জন মোক বহুত কৰিলে । সেইবোৰ বাৰু হৈ থাকিব । ম‍ই বিষ্ণু ৰাভাৰ শিষ্য । অসমখনক পুনৰ টুকুৰা টুকুৰ হোৱাটো নিবিচাৰোঁ । মই বৰ অসমত বিশ্বাসী । পৰেশ বৰুৱাকো মই অসমৰ স্বাৰ্থত আলোচনালৈ আহিবলৈ কৈছোঁ । তেওঁলোকৰ যদি কিবা দাবী আছে, সেয়া পূৰণ কৰিবলৈ চৰকাৰে চেষ্টা কৰা ভাল । টুকুৰা টুকুৰ কৰিলে অসম নামৰ কোনো অস্তিত্বই নাথাকিব । ইংৰাজৰ ‘ডিভাইড এণ্ড ৰুল’ আমাক নালাগে । প্ৰতিমা পাণ্ডে বৰুৱাৰ পাছত আটাইতকৈ বেছি কোচ ৰাজবংশী গীত দেশে-বিদেশে মইয়ে গাইছোঁ । এনেদৰে বিভাজন হ'লে বৰ অসমখন সপোনতহে থাকিব । ৰাজবংশী গান মই ভাল পাওঁ । সৰুৰে পৰাই ৰাজবংশী গান শিকিছো । গীত গাই গৈ থাকিম’’ (Zubeen Garg reaction on Kamtapur issue)।

লক্ষণীয় বিষয় যে, পৃথক কমতাপুৰৰ দাবী নতুন নহয় যদিও শেহতীয়া পৰিস্থিতিয়ে কেতবোৰ ইংগিত বহন কৰাত সময়তে জুবিন গাৰ্গে কৰা মন্তব্যকলৈ জাঙুৰ খাই উঠিছে কমতাপুৰৰ সমৰ্থকসকল । এতিয়া পৃথক কমতাপুৰ হ’বনে নহয়, শান্তি আলোচনাৰ ফলাফল কি হ’ব ? এই সকলো বিষয় স্পষ্ট হৈ পৰিব কে এল অ’ আৰু চৰকাৰৰ আলোচনা সম্পূৰ্ণ হোৱাৰ পাচত ৷

লগতে পঢ়ক: No plan to join in Politics: নোসোধাকৈ বাতৰি প্ৰকাশ কৰিব নালাগিছিল, দুখেৰে ক’লে বৰষাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.