ETV Bharat / state

উপ নিৰ্বাচন : ৫ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

author img

By

Published : Oct 24, 2021, 5:36 PM IST

উপ-নিৰ্বাচনৰ মুঠ 31 গৰাকী প্ৰাৰ্থীৰ ৫ গৰাকীৰ বিৰুদ্ধেই চলি আছে অপৰাধৰ গোচৰ । কোন আছে তালিকাৰ শীৰ্ষত ?কিমান সম্পত্তিৰ গৰাকী এই প্ৰাৰ্থী সকল ? সবিশেষ জানো আহক ৷

know-your-candidates-before-by-election
উপ নিৰ্বাচন : ৫ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

গুৱাহাটী, ২৪ অক্টোবৰ : পাঁচটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱা মুঠ ৩১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫ গৰাকীৰ বিৰুদ্ধেই চলি আছে অপৰাধৰ গোচৰ । এইক্ষেত্ৰত সবাটোকৈ ওপৰত আছে থাওৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ । ভাৰতীয় দণ্ডবিধিৰ ১৭ টা ধাৰাত মুঠ ৭ টা গোচৰ চলি আছে ধৈৰ্য কোঁৱৰৰ বিৰুদ্ধে । শেহতীয়াকৈ এ ডি আৰে সদৰী কৰিছে এই তথ্য ।

এ ডি আৰৰ তথ্য অনুসৰি ভবানীপুৰৰ বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰৰ বিৰুদ্ধেও চলি আছে দুটাকৈ গোচৰ । একেদৰে গোসাঁইগাঁৱৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী খাইৰুল আনম খণ্ডকাৰ আৰু মৰিয়নিৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এটাকৈ অপৰাধৰ গোচৰ চলি আছে ।

এইবাৰ মন কৰক উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ শিক্ষা দীক্ষাৰ দিশটোলৈ । এ ডি আৰে সদৰী কৰা তথ্য মতে ৩১ জন প্ৰাৰ্থীৰ ভিতৰত দুজনে দশম শ্ৰেণীও উৰ্ত্তীৰ্ণ হোৱা নাই । এই উপ নিৰ্বাচনত অৱতীৰ্ণ হোৱা আটাইতকৈ ধনী প্ৰাৰ্থীজন হৈছে ফণী তালুকদাৰ । তেওঁৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় ১২ কোটি টকা । তামুলপুৰৰ নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীৰ‌ সম্পত্তিৰ মূল্য ৭ কোটি ৬ লাখ টকা ।

আনহাতে, থাওৰাৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইতকৈ প্ৰায় এক কোটি টকাৰ অধিক সা-সম্পত্তি আছে কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰৰ । বৰগোহাঁইৰ‌ সম্পত্তিৰ পৰিমাণ ২.৫০ কোটি টকা হোৱাৰ বিপৰীতে কোঁৱৰৰ সম্পত্তিৰ পৰিমাণ হ'ল ৩.৫০ কোটি । আনহাতে, প্ৰায় ২ কোটি টকাৰ সা সম্পত্তি আছে মৰিয়নিৰ কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰৰ । বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ সম্পত্তিৰ পৰিমাণ হ'ল ১.৭০ কোটি টকা ।

লগতে পঢ়ক : ভাৰতত কাম, স্বাস্থ্য আৰু বিত্তীয় সমস্যাই প্ৰাপ্তবয়স্কৰ মাজত অধিক চাপ সৃষ্টি কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.