ETV Bharat / state

কৃষক মুক্তিৰ জোঁৰ সমদলে কঁপালে ৰাজ্যৰ আকাশ বতাহ

author img

By

Published : Dec 3, 2019, 11:59 PM IST

ৰাজ্যজুৰি কেবৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদল ৷ আকোঁৰগোজ স্থিতিৰে কেন্দ্ৰই কেব গৃহীত কৰিলে অসমীয়া ৰাইজে অনাগত সময়ত বিজেপিক দিব উচিত প্ৰত্যুত্তৰ ৷ দিল্লীৰ ওচৰত আত্মসমপৰ্ণ একালত বিদেশীৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা আঞ্চলিক দল অগপৰ ৷

KMSS torch light march
কৃষক মুক্তিৰ জোঁৰ সমদলে কঁপালে ৰাজ্যৰ আকাশ বতাহ

নিউজ ডেস্ক, 03 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসম গণ পৰিষদৰ ভূমিকাক তীব্ৰ সমালোচনা ৰাজ্যৰ জনসাধাৰণৰ ৷ দিল্লীৰ ওচৰত আত্মসমপৰ্ণ একালত বিদেশীৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা আঞ্চলিক দলটোৰ ৷ অসমৰ ৰাইজে নিবিচাৰিলেও অগপৰ নেতৃত্বই বিনাদ্বিধাই বিচাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতিত ভোল গ'ল অগপৰ নেতৃত্ব ৷ পৰিণতিত কেবৰ সমান্তৰালভাৱে এতিয়া অসমৰ একমাত্ৰ আঞ্চলিক দল অগপৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ জনতা ৷

মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কেব বাতিলৰ দাবীৰে ৰাজ্যজুৰি ৰূপায়ন কৰে জোঁৰ সমদলৰ কাৰ্যসূচী ৷ গুৱাহাটীত কৃষক মুক্তিৰ জোঁৰ সমদল কাৰ্যসূচীত অখিল গগৈৰ লগতে অংশগ্ৰহণ ৰাজ্যৰ বুদ্ধিজীৱি সমাজৰ ৷ সকলোৰে মাত্ৰ এটাই দাবী, কোনো কাৰণতে অসমীয়া জাতি মাটি ভেঁটিক বিদেশীৰ ওচৰত বন্ধকত থবলৈ দিয়া নহ'ব ৷ আনহাতে কেব গৃহীত হ'লে অসমতে সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ৷ অসমীয়াৰ নাথাকিব ৰাজনৈতিক, অৰ্থনৈতিক আৰু ভাষিক অধিকাৰ ৷ কিন্তু কেৱল গাদী ৰক্ষাৰ স্বাৰ্থতে বিনাচৰ্তে অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লৈছে বুলি অভিযোগ কৃষক নেতা অখিল গগৈৰ ৷

একেদৰে মৰাণ, গোলাঘাট, চিৰাং, নগাঁও আৰু বিলাসীপাৰাতো সংগঠটোৱে জোঁৰ সমদলৰ জৰিয়তে কেবৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ সংগঠনটোৰ স্পষ্ট মত, কেন্দ্ৰীয় বিজেপি চৰকাৰে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সন্মান কৰক অসমীয়া জনসাধাৰণৰ মতামতক ৷ ইমানৰ পাছতো বিজেপি চৰকাৰে আকোঁৰগোজ স্থিতিৰে কেব গৃহীত কৰিলে নিশ্চিতভাৱে অনাগত সময়ত পাব ইয়াৰ উচিত প্ৰত্যুত্তৰ ৷

লগতে পঢ়ক, কেবৰ বিৰুদ্ধে ৰাজপথত জনতা , আকোঁৰগোজ চৰকাৰ

Intro:Body:গোলাঘাটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। গোলাঘাটৰ ৰূপকলীয়া গাঁৱৰ পৰা তেতেলীতললৈ জোৰ সমদল কৰি প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ। অসম গণ পৰিষদ দলক চোকা সমালোচনা প্ৰতিবাদকাৰী দলৰ। অগপ অসমৰ ৰাইজৰ আস্থাৰ দল হৈ থকা নাই। অগপ আঞ্চলিক দল হৈ থকা নাই। দিল্লী আৰু নাগপুৰৰ নিৰ্দেশত চলা দল অগপ। অসমৰ অসমীয়া ৰাইজৰ জাতীয় জীৱনক জলাঞ্জলি দি কেব সমৰ্থন অগপৰ। কেবৰ বিৰোধিতা কৰি পূৰ্বে মন্ত্ৰী পদ ত্যাগ কৰিছিল অগপৰ তিনি মন্ত্ৰীয়ে। অসমৰ ৰাইজৰ মতৰ বিৰুদ্ধে নোযোৱাৰ প্ৰতিশ্ৰুতি দিছিল অগপই। পুনৰ গোপনে মন্ত্ৰী সভাত অন্তৰ্ভুক্ত হৈ এতিয়া কেব সমৰ্থন কৰিছে। অসমীয়া ৰাইজে বিশ্বাসত নলয় এই দলক। গোলাঘাটত ছাত্র মুক্তিৰ চোকা সমালোচনা অগপক।Conclusion:Byte 1: নেতা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.