ETV Bharat / state

Dhemaji bomb blast: উচ্চ ন্যায়ালয়ৰ ৰায়দানক দুৰ্ভাগ্যজনক আখ্যা কৃষক নেতা বিদ্যুৎ শইকীয়াৰ - গুৱাহাটী উচ্চ ন্যায়ালয়

এই ৰায়দানক দুৰ্ভাগ্যজনক আখ্যা দি বিদ্যুৎ শইকীয়াই কয় যে, গণতান্ত্রিক ব্যৱস্থাত ন্যায়ালয়ে হৈছে ৰাইজৰ আশা-আকাংশা তথা ভৰসাৰ স্থল। কিন্তু এনেধৰণৰ ৰায়দানত ৰাইজ আশাহত হয়। এইক্ষেত্রত কেইবাটাও দিশ জড়িত হৈ আছে। আৰক্ষীয়ে যিদৰে তদন্ত কৰিব লাগিছিল সেইধৰণে নকৰাৰ বাবে তথা অভিযোগনামা সঠিকভাৱে নিদিয়াৰ বাবে অভিযুক্ত স‍াৰি যাবলৈ সক্ষম হৈছে।

Dhemaji bomb blast
উচ্চ ন্যায়ালয়ৰ ৰায়দানক দুৰ্ভাগ্যজনক আখ্যা বিদ্যুৎ শইকীয়াৰ
author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 5:16 PM IST

উচ্চ ন্যায়ালয়ৰ ৰায়দানক দুৰ্ভাগ্যজনক আখ্যা বিদ্যুৎ শইকীয়াৰ

গুৱাহাটী, 24 আগষ্ট: সুদীৰ্ঘ 19 বছৰৰ মূৰত ৰায়দান ধেমাজি বোমা বিস্ফোৰণকাণ্ডৰ ৷ ধেমাজিৰ বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক বৃহস্পতিবাৰে দোষমুক্ত ঘোষণা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইয়াৰ পিচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

2004 চনৰ 15 আগষ্টত সংঘটিত ধেমাজিৰ নাৰকীয় হত্যালীলা আৰু দোষীক দোষমুক্ত কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। তেওঁ কয় যে ধেমাজিকাণ্ড সন্দৰ্ভত ধেমাজি সত্র ন্যায়াধীশৰ আদালতে ছয়জন লোকক দোষী সাব্যস্ত কৰি চাৰিজনক যাৱজ্জীৱন কাৰাদণ্ড আৰু দুজনক চাৰিবছৰৰ কাৰাদণ্ড বিহিছিল। কিন্তু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ছয়জন অভিযুক্তকে দোষমুক্ত কৰে।

এই ৰায়দানক দুৰ্ভাগ্যজনক আখ্যা দি বিদ্যুৎ শইকীয়াই কয় যে, গণতান্ত্রিক ব্যৱস্থাত ন্যায়ালয়ে হৈছে ৰাইজৰ আশা-আকাংশা তথা ভৰসাৰ স্থল। কিন্তু এনেধৰণৰ ৰায়দানত ৰাইজ আশাহত হয়। এইক্ষেত্রত কেইবাটাও দিশ জড়িত হৈ আছে। আৰক্ষীয়ে যিদৰে তদন্ত কৰিব লাগিছিল সেইধৰণে নকৰাৰ বাবে তথা অভিযোগনামা সঠিকভাৱে নিদিয়াৰ বাবে অভিযুক্ত স‍াৰি যাবলৈ সক্ষম হৈছে।

ধেমাজিৰ দৰে বৰ্বৰ ঘটনাৰ যদি দোষী সাৰি যায় তেন্তে সমগ্ৰ ব্যৱস্থাটোক লৈ প্ৰশ্নৰ উদয় হয়। কণ কণ নিষ্পাপ শিশুক হত্যা কৰা ঘটনাৰ দোষী কিদৰে সাৰি যাব পাৰে বুলি প্ৰশ্ন কৰে বিদ্যুৎ শইকীয়াই। তেওঁ লগতে শেহতীয়াকৈ এহেজাৰ কোটি টকাৰ কেলেংকাৰীৰ পৰা আৰ এছ খান দোষমুক্ত হোৱাৰ ঘটনা সন্দৰ্ভতো আশ্চৰ্য্য প্ৰকাশ কৰে। সেইদৰে APSC কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পালৰ ক্ষেত্রতো কোনোধৰণৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰাৰ প্ৰসংগও তেওঁ উল্লেখ কৰে। ন্যায় ব্যৱস্থাটোৰ ওপৰত কোনোবা শক্তিৰ প্ৰভাৱ পৰিছে নেকি বুলি সন্দেহ প্ৰকাশ কৰে নেতাজনে ৷

উল্লেখ্য যে, 2004 চনৰ 15 আগষ্টত ধেমাজিত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল । স্বাধীনতা দিৱসৰ দিনা আলফাই বোমা বিস্ফোৰণ ঘটাইছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল । এই বিস্ফোৰণত 18 টি কণ কণ শিশুৰ মৃত্যু হৈছিল।

এই ঘটনাত মুঠ 6 অভিযুক্তক দোষী সাব্যস্ত কৰিছিল নিম্ন আদালতে। সেই সকলৰ ভিতৰত মুহি সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলী গোহাঁইক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছিল ৷

এক দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত 2019 চনত ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰা ৰায়দানত অসন্তুষ্ট হৈ অভিযুক্তৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ কিন্তু অৱশেষত আজি ছয়জনকে দোষমুক্ত ঘোষণা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

লগতে পঢ়ক:Dhemaji School Boom Blast :ধেমাজি বোমা বিস্ফোৰণত অভিযুক্তক দোষমুক্ত ঘোষণা ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.